top of page

বিদেশত অসমীয়া সাহিত্যৰ সাধনা

Updated: Dec 2, 2025

অসমৰ আকাশত স্বাধীনতাৰ সোণালী পোহৰ আৰু মুক্ত বতাহে চুই যোৱাৰ কেইবছৰমান পাছতেই উচ্চ শিক্ষা, কৰ্ম জীৱনৰ অভিজ্ঞতা আৰু জীৱনৰ এটা নতুন দিশ বিচাৰি এমুঠি অসমীয়াই দেশ এৰি বিদেশ অভিমুখে যাত্ৰা কৰিছিল। অধিক সংখ্যকৰ লক্ষ্যস্থান আছিল যুক্তৰাষ্ট্ৰ ,গ্রেইটব্রিটেইন। নিজৰ পৰিয়াল, সংস্কৃতি, সঙ্গীতৰ লগতে অসমৰ সুৱদি ভাষাটোৰ লগতো বন্ধন ছিঙি দেশ এৰি বিদেশৰ ভাষা সংস্কৃতি, নতুন জীৱন নীতি আঁকোৱালি ললে। লগত বান্ধি লৈ অহা সামগ্রীৰ লগতে কেইজনমান ভাষা প্রেমীয়ে অসমীয়া ভাষাৰ প্রেমৰ কঠিয়াও গোপনে হৃদয়ৰ কোণত কঢ়িয়াই আনিছিল। অনেক অসমীয়াই উচ্চশিক্ষা লাভ কৰি পুনৰ দেশলৈ উভতি গ'ল। সক্ৰিয়, সমৃদ্ধ ,প্রগতিশীল কিন্তু মাতৃভাষা বিহীন জাতি এটা স্পন্দন বিহীন হৃৎপিণ্ডৰ দৰে। এই মহান গোটটোৱে এই কথাটো উপলব্ধি কৰিছিল।নিজৰ মাতৃভাষা এক অমূল্য সম্পদ।


লেখক খালিদ হোচেনিয়ে তেখেতৰ কিতাপ "And the mountain Echoad " ত প্ৰকাশ কৰিছিল যে বিদেশত থাকিলে মাতৃভাষা শিকা আৰু চর্চ্চা কৰাৰ প্রয়োজনীয়তা কিমান গভীৰ !তাক বুজাবলৈ তেওঁ লিখিছিল যে "সংস্কৃতি যদি এটা ঘৰ হয়, তেতিয়া হলে মাতৃ ভাষা সন্মুখৰ ঘৰটোৰ প্ৰধান দুৱাৰখন আৰু প্রতিটো কোঠাৰ দুৱাৰৰ চাবি কাঠি। এই চাবিটোৰ অবিহনে জাতিটো নিজা গৃহবিহীন নাৰ্য্য চিনাকী বিহীন আৰু এটা শৃঙ্গলা বিহীন জাতিত পৰিনত হব।" সেয়েহে দেশতেই হত্তক বা বিদেশত থাকিলেও, মাতৃভাষা চর্চ্চা গভীৰ প্রয়োজন।


পাঁচশ বছৰতকৈয়ো পূৰ্বতে শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া ভাষাৰ এক অখণ্ড বন্তি জ্বলাই দি থৈ গৈছেে । দেশ-বিদেশত আমি কৰা ভাষা চৰ্চা , উন্নয়নৰ প্ৰচেষ্টা,প্রচাৰৰ প্রয়াস, সেই বন্তিৰেই ৰশ্মি। নতুন জীৱনৰ দৈনিক ব্যস্ততাৰ মাজতো বিদেশত এই নতুন অসমীয়া গোটটোৱে অসমীমা সাহিত্য, ভাষাৰ চৰ্চাক সজীৱ কৰি ৰাখিছিল। ইঘৰ সিঘৰৰ মাজত ভৌগলিক দূৰত্ব ,ব্যয়বহুল টেলিফোন আৰু যানবাহনৰ বাবে ত্তেওঁলোকক সঘনে লগ পোৱাৰ পৰা বঞ্চিত হৈছিল যদিও বুকুত উমি উমি জ্বলি থকা অসমীয়া ভাষাৰ প্ৰেম নিৰ্বাপিত কৰিব পৰা নাছিল।


যুক্তৰাজ্যত প্রয়াত কমল হাজৰীকা, স্বৰ্গীয় গগন হাজৰীকা, স্বৰ্গীয় ড:অনিল বৰঠাকুৰ,

ড: কৰুনা সাগৰ দাস, ড:দীনেশ কাকতীকেে আদি কৰি এদল সাহিত্য উদ্যোগীয়ে ১৯৮৭ চনত অসমীয়া সাহিত্য সংস্কৃতি সংঘ Assam Associahon of UK আদি সংগঠন প্ৰতিষ্ঠা

কৰি " বিহুৱান " "অসমা" "লুইতৰ পৰা টেমচলৈ আদি আলোচনী প্ৰকাশ কৰি প্রবাসী অসমীয়াৰ মাজত অসমীয়া সাহিত্য চৰ্চা জীৱন্ত কৰি ৰাখিছিল।সেই সময়তে বিদেশত শিক্ষা লাভ কৰিবলৈ অহা ড০ যোগেন কলিতাই ওপৰত উল্লেখ কৰা সাহিত্য প্রেমী সকলৰ লগত যুক্তৰাজ্যত এখন সাহিত্য সভা গঠন কৰাৰ প্রস্তাৱ কৰে আৰু সেই সময়ৰ অসম সাহিত্য সভাৰ সভাপতি ডঃ নগেন শইকীয়াৰ সহায় আৰু উপদেশ মতে অসমৰ বাহিৰত, বিশ্বৰ ভিতৰত প্রথম সাহিত্য সভাৰ শাখা গঠন কৰিলে। যুক্তৰাজ্যৰ প্রথম সভাপতি আছিল প্রয়াত ভূৱন বৰুৱা। তেখেতৰ নেতৃত্বত লাহে লাহে প্ৰবাসী অনেক অসমীয়া এই সাহিত্য সভাৰ সদস্য হৈ মৌ মাখিৰ দৰে অক্লান্ত শ্ৰম কৰি আগুৱাই আহিছে।


যুক্তৰাজ্যৰ অসম সাহিত্য সভাই সংস্কৃতি আৰু ভাষাৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি বছৰি তিনিটাকৈ অনুষ্ঠান পালন কৰে,সেই কেইটা হ'ল -বছৰেকীয়া সাহিত্য সভা , গুৰুজনাৰ জন্ম জয়ন্তী আৰু শিল্পী দিৱস । অসমীয়া পুৰণি সাহিত্যিকৰ সৃষ্টিৰ লগতে প্রবাসী অসমীয়াৰ লিখনি,গল্পৰ, কবিতাৰ কৰ্মশালাৰে , নৱ প্ৰজন্মকো লিখাৰ উৎসাহ দি এই লিখনীবোৰ প্রকাশ কৰি বছেৰেকীয়া আলোচনীও উলিওৱা হয়। আধুনিক , শঙ্কৰী নৃত্য, সঙ্গীত, নাম প্ৰসঙ্গ নৱ প্রজন্ম, প্রবাসী অসমীয়া অতিথি সকল, অন্য ভাৰতীয় আলহী আৰু স্থানীয় লোক সকলেও উপভোগ কৰৰ সুযোগ পায়। বিশ্ব জুৰি মহামাৰীৰ সময়ত বৈদ্যুতিন মাধ্যমেৰে যুক্তৰাজ্য সাহিত্য সভাই বিশ্বৰ অনেক দেশৰ লগত যোগাযোগ কৰি বছেৰেকীয়া তিনিটা কাৰ্য্যসূচী ৰূপায়ন কৰিছিল। এই অক্লান্ত প্রবাসী সকলে অসমীয়া সাহিত্য সেৱা কৰি আহি ২০২৩ চনত যুক্তৰাজ্য সাহিত্য সভাই ৰূপালী জয়ন্তী উদযাপন কৰিলে।


বহু বছৰৰ আগৰে পৰা অসমীয়া মানুহ ভাৰতৰ বাহিৰত অনেক ৰাষ্ট্ৰত বিয়পি পৰিছে । পৃথিবীৰ সকলো দেশতে বিয়পি পৰিছে বুলি কলেও বঢ়াই কোৱা নহয়। প্রবাসত থকা অসমীয়ৰ বাবে ভৌগলিক দূৰত্ব, যোগাযোগৰ অসুবিধা আদি সাহিত্য চৰ্চা বাটৰ হেঙাৰবোৰ লাহে লাহে নোহোৱা হ'ল ।ভাৰতৰ আন ৰাজ্যৰ লগতে প্রবাসী অসমীয়াই সাহিত্য চৰ্চাৰ

তৃষ্ণা পূৰাবৰ বাবে অনেক প্রচেষ্টাৰে,কেইবাখনো অসম সাহিত্য সভাৰ শাখা পৃথিবীৰ বিভিন্ন প্রান্তত খুলি এজোপা বিশাল বৃক্ষৰ ডাল পাত হৈ পৰিছে।অসম সাহিত্য সভাই এই প্রসাৰত বাট দেখুৱাব লাগিব। ২০২৪ চনত বার্লিনত পতা "অসম মিলন", য'ত ইউৰোপৰ প্ৰায় উনৈশ খন দেশত থকা অসমীয়া প্ৰবাসী একগোট হৈ অসমীয়া গীত, নৃত্য,নাটক, আদিৰে অসমীয়া সংস্কৃতিৰ সমাৰোহ পাতিছিল।মোৰো তাত উপস্থিত থকাৰ সৌভাগ্য হৈছিল।নৱ প্ৰজন্মৰ প্ৰতিভাৰ তাত জোৱাৰ উঠিছিল। কিন্তু মনত সেই সংস্কৃতিৰ ঘৰটোৰ চাবিটো আমাৰ ভাষাৰ সক্ৰিয় চৰ্চাৰ কথা বাৰে বাৰে মনলৈ আহিছিল।



আমাৰ অসমত এটা ভিত্তিহীন বিশ্বাস আছে যে, ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰিলেহে ভৱিষ্যতে উন্নতি কৰিব পাৰিব। এই বিশ্বাস বা ধাৰণাৰ সত্যতা একেবাৰে নাই। প্ৰায় ৫২ বছৰ বিদেশত থকাৰ অভিজ্ঞতাৰ পৰা মই দৃঢ়ভাবে কব পাৰোঁ যে,অসমীয়া মাধ্যমত পঢ়ি অহা অসমীয়া প্ৰবাসীয়ে অনেক বিভাগত স্থানীয় ইংৰাজী মাধ্যমত পঢ়া দেশীয় মানুহৰ মাজত উচ্চ স্থানীয় পদত কাম কৰি সুখ্যাতি লাভ কৰি আহিছে। দুঃখজনক যে এতিয়া বিদেশত আমাৰ মাজত এচাম নৱপ্ৰজন্ম আছে যি সকলে অসমীয়া পঢ়িব বা লিখিবলৈ সক্ষম নহয়। কিছুমানে এতিয়া বৈদ্যুতিন মাধ্যমেৰে অসমীয়া শিকাৰ প্ৰয়াস কৰিছে।মই এই গোটটোক অসমীয়া ভাষাৰ' হেৰুৱা প্ৰজন্ম' বুলি কওঁ। আমি মাথো অলপ সতৰ্ক হব লাগিব যাতে তেওঁলোকে অন লাইনত অসমীয়া ভাষাৰ জ্ঞান নথকা মানুহৰ পৰা ভাষাটো নিশিকে।


ইউৰোপৰ বিভিন্ন দেশত কাম কৰি থকা প্রবাসী অসমীয়া সকলে কর্ম্ম ক্ষেত্ৰত আৰু দৈনন্দিত জীবনত প্রয়োজন হোৱাৰ বাবে সেই দেশৰ ভাষা শিকিছে। এই প্রবাসী অসমীয়া সকলৰ সহায়ত ফৰাছী, জাৰ্মানী, ইটালিয়ান, পৰ্তুগীজ আদি ভাষাত যদি আমাৰ অসমীয়া অমূল্য গ্ৰন্থ অনুবাদ (তৰ্জমা) কৰিব পৰা হয়, অসমীয়া ভাষা, সাহিত্য বিশ্বৰ দৰবাৰত আগশাৰীত স্থান লব পাৰিব।


অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আটাইতকৈ প্রয়োজনীয় পদক্ষেপটো অসমতে লব লাগিব। অসমৰ ভৌগলিক সীমাৰ ভিতৰত যি মাধ্যমৰ স্কুল নহত্তক অসসীয়া ভাষাটো বাধ্যতামূলক ভাবে এটা বিষয় কৰি অংকুৰৰ পৰা দশমশ্রেনীলৈকে শিকাব লাগিব। এই ক্ষেত্ৰত অসম সাহিত্য সভা ,অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।


অসমীয়া ভাষাৰ অতীত সোণালী । বৰ্তমান দেশৰ আৰু প্ৰবাসৰ সকলো অসমীয়াই অক্লান্ত প্ৰচেষ্টা কৰিলেহে আমাৰ এই শুৱলা সমৃদ্ধ ভাষাটোৰ ভৱিষ্যত স্থায়ী আৰু অধিক সমৃদ্ধ হব। "চিৰ চেনেহী মোৰ ভাষা জননী।"


নিৰলা বৰুৱা (স্কটলেণ্ড)

Comments


bottom of page