জয়ৰ বীজ
- প্ৰাঞ্জল লস্কৰ

- Dec 1, 2025
- 1 min read
Updated: Dec 2, 2025
শেষ বুলিলেই শেষ নহয়,
প্ৰতিটো পৰাজয়ৰ পিছতেই আৰম্ভ হয়
নতুন জয়ৰ কাহিনী॥
দুখৰ দিনবোৰে শিকায় সহনশীলতা,
ভুলেৰে গঢ়ে দৃঢ়তা,
অন্ধকাৰৰ মাজত জন্মে পোহৰ,
দুখৰ মাজত উমলি উঠে আশা,
ভগ্ন স্বপ্নবোৰেই গঢ়ে
নতুন পথ, নতুন দিশ॥
জীৱনৰ প্ৰতিটো আঘাত
এটা নতুন অধ্যায়ৰ আৰম্ভণি,
যি অধ্যায়ত তুমি হ’বা শক্তিশালী,
অভিজ্ঞ আৰু জোনাকৰ দৰে উজ্জ্বল॥
সেয়েহে
পৰাজয়ক ভয় নকৰিবা,
ইয়াৰ বুকুতেই লুকাই আছে
তোমাৰ জয়ৰ বীজ॥
প্ৰাঞ্জল লস্কৰ
কামপুৰ ,নগাঁও।
মো:নং ৮৬৩৮৯২৬১৭২





Comments