সকলো ঠিকেই আছিল
- ড০ মানস জ্যোতি নিৰ্মলীয়া

- Dec 1, 2025
- 1 min read
Updated: Dec 2, 2025
বেলিটো যেতিয়া পশ্চিমে উদয় হৈছিল
সকলো ঠিকেই আছিল
যেতিয়া পূবত উদয় হ’ল
তেতিয়াহে…
চৰাইজনী যেতিয়ালৈকে সাঁতুৰি আছিল
সকলো ঠিকেই আছিল
যেতিয়া উৰিব ল’লে তেতিয়াহে…
পুতেকে যেতিয়ালৈকে বাপেকক জ্ঞান দিছিল
সকলো ঠিকেই আছিল
যেতিয়া বাপেকে জ্ঞান দিয়ে
তেতিয়াহে…
চোৰৰ ওচৰত যেতিয়ালৈকে আইনখন আছিল
সকলো ঠিকেই আছিল
যেতিয়া আদালতত
তেতিয়াহে…
ৰোগীয়ে যেতিয়ালৈকে ডাক্তৰক শুশ্ৰূষা কৰিছিল
সকলো ঠিকেই আছিল
যেতিয়া ডাক্তৰে শুশ্ৰূষা কৰে
তেতিয়াহে…
মই যেতিয়া শুই আছিলোঁ
সকলো ঠিকেই আছিল
কিন্তু মই যেতিয়া সাৰ পাওঁ
তেতিয়া বুজি পাওঁ
এই যে বেলি, বাপেক, আদালত, ডাক্তৰৰ দৰে ময়ো এটা পাগল..
ড০ মানস জ্যোতি নিৰ্মলীয়া
সহকাৰী অধ্যাপক
অসমীয়া বিভাগ, নগাঁও বিশ্ববিদ্যালয়
মো:নং ৭০৮৬৬৭৭৭৫৭





Comments