top of page

আত্মবিশ্বাস

Updated: Dec 2, 2025

শুন•••••!!

বুকুত থকা তাকৰীয়া ৰ'দেৰে মই

কেতিয়াবাই ওলাই আহিছোঁ

এন্ধাৰৰ গুহা ভাগি

তাকো অকলে।

তহঁতে মোক এন্ধাৰৰ ভয় দেখুৱাব নোৱাৰ'।

মই বুকুৰ মাজত সূৰুযক ঘৰ দিছোঁ

মোৰ মাজত আছে

তহঁতে কল্পনা কৰিব নোৱাৰাৰ সমান পোহৰ।

সূৰুযক তহঁতে কিমানপৰ ঢাকি ৰাখিবি,

ডাৱৰৰ বুকু চিৰাচিৰ কৰি

ওলাই আহিব সূৰুয।

সময় থাকিলে বাট চাবি মই কোৱাবোৰলৈ !!!

তহঁতে মোক তেনেকৈ চাব বিচাৰিলেও

মই নিপিন্ধিম কাহানিও দুখৰ অলংকাৰ,

দুখে মোক নুশুৱায়।

পাৰিলে চিগি আনি দিবিহি

এপাহ প্ৰত্যাহ্বানৰ ফুল,

মই গুজি ল'ম কাণত

অসীম সাহসেৰে!



ড° কংকনা মেধি

প্ৰৱক্তা, প্ৰাণীবিজ্ঞান বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়,

মো:নং ৭৫৭৫৯২৪৯৭৭

Comments


bottom of page