ঠেঙাল কছাৰী সকলৰ তৰাছিৰা বিহু :লোক সংস্কৃতিৰ এক অনন্য পৰম্পৰা
- ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া

- Apr 3
- 3 min read

ঠেঙাল কছাৰী সকল অসমৰ এটা অতি ক্ষুদ্ৰ জনগোষ্ঠী , কৃষি আৰু প্ৰকৃতিৰ সৈতে নিবিড় ভাবে জড়িত । তৰা ছিৰা বিহু তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱ , লোকবিশ্বাস, লোকাচাৰ ,লোকসংস্কৃতিৰ পৰম্পৰাৰে সমৃবদ্ধ এক কৃষি উৎসৱ । দুৰ্ভাগ্যৰ কথা এই যে, প্ৰচাৰ আৰু প্ৰসাৰতাৰ অভাৱত অসমৰ বহু লোকেই তৰাছিৰা বিহু সমন্ধে জ্ঞাত নহয় । প্ৰায় তিনি লক্ষ্যৰো কম জন সংখ্যাৰ এই জনগোষ্ঠীটো অসমৰ বিশেষকৈ উজনি অসমৰ বহু কেইখন জিলাত সিচঁৰিত হৈ থকাৰ বাবেই বৃহত্তৰ অসমীয়া জাতিৰ কৃষ্টি- সংস্কৃতিকে নিজৰ বুলি আঁকোৱালি লোৱাত সৰহ সংখ্যকেই নিজৰ অতীতৰ লোক সংস্কৃতি, লোকাচাৰ পাহৰি যোৱাৰ দৰেই হ'ল । যোৰহাট জিলাৰ তিতাবৰ আৰু কাষৰীয়া কিছু অঞ্চলৰ লগতে গোলাঘাট জিলাৰ মেৰাপানী ,কাছমাৰী আদি অঞ্চলত ঠেঙাল কছাৰী সকলে তৰা ছিৰাবিহু আজিও সগৌৰৱে আদিৰূপত পালন কৰা দেখা যায়।
গাঁৱৰ বঢ়ামেথা সকলৰ মুখে মুখে চলি অহা কথাবোৰৰ পৰাহে তৰা ছিৰা বিহুৰ সম্বন্ধে বহু কথা জানিব পৰা গৈছে ।
"আঘোন গ'ল ঐ ফাগুনো গ'ল
চ'তৰ পোন্ধৰ দিন হ'ল ,
গাঁৱৰ বুঢ়ামেথা ক'তগৈ আছেগৈ
তৰাছিৰিবৰ হ'ল ।"
চ'তৰ দ্বিতীয় বুধ বাৰৰ দিনা অৰ্থাৎ চ'তৰ পোন্ধৰ দিন মানৰ পৰা আৰম্ভ হয় ।সেইদিনা গাঁৱৰ বুঢ়ামেথা সকলে মিলি হাবিত থকা জলাশয়বোৰৰ পৰা তৰাগছ কাটি আনিবলৈ যায় ।

তৰাগছ থকা ঠাইত প্ৰথমে বনদেৱতালৈ এহাল কুকুৰা আগবঢ়ায়। তৰাগছবোৰ কাটি থাকোতে চৰাইৰ মাত শুনি মনৰ আনন্দতে গায়,
" কি কিপিং কি কিলিং কি চাই কান্দিলি
কণী দুটা বাঁহতে থৈ,
ৰঙা ঠোঁটে কৰি সোগৰ গিলিপ মৰা
দাপোন চাই লগোৱা মাত -----+।"
বুঢ়ামেথা সকলে তৰাগছ কটাৰ লগতে জলাশয়ত থকা জনজাতীয় প্ৰিয় খাদ্য কুচিয়া ,কেঁকোৰা ,জিপাং, কুটাং গছৰ ডালত থকা আমৰলি টোপ সংগ্ৰহ কৰি আনে ।কাটি অনা তৰাগছবোৰ গাঁৱৰ মুখীয়ালৰ ঘৰত থৈ শুকাবলৈ দিয়ে । পিছত মুখিয়ালৰ ঘৰত তৰা আনিবলৈ যোৱা সকলক হেৰেকা (ছেৰেপা)ৰ লগত আমৰলিটোপ , কুচিয়া ,কেঁকোৰা ,জিপাংআদি খাবলৈ দিয়ে । তেওঁলোকে হেৰেকা খাই লৈ মনৰ আনন্দত গায়,
"তুমিনো দেহেশ্বৰী ঐ
চোৱা মনে কৰি ঐ
যৌৱনো কাল ভটিয়াই গ'ল ।
মুখে বন্ধা গাখীৰ
মুলান পৰি মৰহি গ'ল
তুমিনো দেহেশ্বৰী ভিতৰত কিনো কৰিছা
হেৰেকা ঐ চেপি দে খাওঁ।।"
বিহুগীত গাওঁতে ঢোলৰ ব্যৱহাৰ নহৈছিল ।হাত চাপৰি ,টোকাৰী, বীণ আদি ব্যৱহাৰ কৰিছিল । মুখীয়ালৰ ঘৰত তৰা শুকাবলৈ দি পিছদিনা তৰা বটি তৰা পঘা বনাই বুঢ়ামেথা সকলোৱে মিলি ঘৰে ঘৰে তৰা পঘা দিবলৈ যায় । তৰা পঘা বনোৱাৰো কিছু পৰম্পৰা আছে । তিনিডাল তৰাগছ এক কৰি পকাই মাজতে তুলসী আৰু ভাং মিলাই দি তৰা পঘা বনায় । তৰা বটি থাকোতে গায় ,
" তৰা ছিৰি যাওঁ ছিট ছিটি কৰি
ৰ'দত শুকাবলৈ দিওঁ,
ৰ'দত শুকাবলৈ গুণত গুণিয়ালো
এগুণ দুগুণ তিনিগু কৰি ।"
গধূলি ৰাইজ সকল মিলি ঘৰে ঘৰে তৰা পঘা বিলাই গৃহস্থৰ ঘৰত বিহুনাম জুৰি তৰা ছিৰা বিহু পালন কৰে। তৰা পঘা এখিলা আগলি কলপাতত আগবঢ়ায়লৈ গৃহস্থৰ মঙ্গল কামনা কৰি আৰ্শীবাদ দিয়ে । তৰা পঘাবোৰ গৰু বিহু দিনা গধূলি গোহালিত ধূপ -ধূনা জ্বলাইলৈ গৰুৰ ডিঙিত তৰা পঘাবোৰ বান্ধি দিবলৈ পৰামৰ্শ দিয়ে । গৃহস্থৰ চোতালত বিহুনাম জুৰি এই দৰে গায় ,
"ৰঙেনো দৈ লাহৰি
তোমাৰ ঘৰ পালোহি ঐ
তৰা ছিৰি লাগিছে ভাগৰ ,
ভাগৰনো মাৰিবলৈ
তোমাৰনো ঘৰ আহিলো ঐ
হেৰেকা উলিয়াইদে খাওঁ।"
গৃহস্থইও সকলোকে হেৰেকাৰে আপ্যায়ন কৰে । হাবিৰ জলাশয়ৰ পৰা তৰাগছ আনি তৰা পঘা বনাই বুঢ়ামেথাই ঘৰে ঘৰে দি বিহু নাম গাই গাই তৰাছিৰা বিহু পালন কৰে । জনবিশ্বাস আছে যে, গৰু বিহু দিনা গৰুক তৰা পঘা পিন্ধালে গৰুৰ বেমাৰ আজাৰ নহয় । গৰু বিহু দিনা দীঘলতী মাখিয়তীৰে গৰুক কোবাই কোবাই নৈ বিলত গা ধুৱাবলৈ নিয়ে । গৰুক লাও,বেঙেনা মাহ, হালধি ,থেকেৰাৰ ছাকেৰে গৰুৰ গা লৈ দলিয়াই দলিয়াই গায় ,
"লাউ খা বেঙেনা খা ,
বছৰে বছৰে বাঢ়ি যা ,
মাৰ সৰু বাপেৰ সৰু ,
তই হবি বৰ গৰু ।"
গৰু বিহুৰ দিনা গো-ধনৰ মঙ্গল কামনা কৰি গাই গৰুক গা ধুওৱাৰ সময়ত উক্ত কথাখিনি কোৱা হয় । তৰা ছিৰা বিহু ঠেঙাল কছাৰী সকলৰ কেৱল প্ৰাণৰ উৎসৱেই নহয় , ই হৈছে ঐক্য ,ঐতিৰ্য্য অৰ্থ সামাজিক পৰম্পৰা , শান্তি ,সম্প্ৰীতি ঐক্যৰ প্ৰতীক ,প্ৰকৃতি প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন । শেষত ইয়াকে কব পাৰি যে, ঠেঙাল কছাৰী সকলৰ তৰা ছিৰা বিহুৱেএই জনগোষ্ঠীৰেই নহয় বৰঞ্চ বৃহত অসমীয়া জাতিৰ লোক কৃষ্টিৰ ভঁড়ালটো চহকী কৰি তুলিবলৈ সক্ষম হব বুলি আশা আৰু বিশ্বাস কৰিব পাৰি ।
বি:দ্ৰ: প্ৰৱন্ধটো যুগুত কৰোতে শ্ৰীযুত দ্বিপেন বৰা আৰু শ্ৰীযুত জিতু শইকীয়াৰ তৰাছিৰা বিহু প্ৰৱন্ধৰ পৰা কিছু সহায় লোৱা হৈছে ।
ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া
নগাঁও, অসম
দূৰভাষ নং-৮৮৭৬৬৮২ ৪৮০





Comments