top of page

মানৱ সম্পদ বিকাশত নাৰীৰ প্ৰভাৱ

Updated: 2 days ago




পৌৰাণিক যুগৰ পৰাই নাৰীৰ বিষয়ে চৰ্চিত হৈ আহিছে। অতীততে সনাতন সভ্যতাত নাৰীক কিমান উচ্চস্থান দিয়া হৈছিল আৰু নাৰী শক্তিয়েও পতিব্ৰতা ,নিয়ম আৰু আস্থাৰ মাজেৰে কিদৰে নিজক মহীয়ান কৰি তুলিছিল তাৰ সুন্দৰ নিদৰ্শন ঋষি মুনি সকলে ৰচনা কৰা চাৰিবেদ,ব্ৰহ্মসুক্ত, উপনিষদ, মহাভাৰত, ৰামায়ণ আদিত উল্লেখিত। নাৰীৰ জীৱন কেৱল সন্তান উৎপাদন কৰায়েই উদ্দেশ্য নাছিল। তাৰ সমান্তৰালভাৱে সমাজখনক পূৰ্ণতা প্ৰদান কৰাৰ ধৰ্ম ও পালন কৰিছিল । সেয়েহে লক্ষ্মীস্বৰূপা নাৰীৰ সন্দৰ্ভত আচাৰ্য মনুৱে উল্লেখ কৰিছে __

' প্ৰজানাৰ্থং মহাঊহাং পূজাহাৰ গৃহদিপ্তীয়ঃ

স্ত্ৰিয় শ্ৰিয়ন্ত গেহেয়ু ন বিশেষোহস্তি কশ্চন্ ।।'


অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল হে মাহাত্মাগণ ! সন্তান জন্ম দিয়াৰ কাৰণে নাৰী ঘৰখনৰ দিপ্তীস্বৰূপা তথা সকলোৱে পূজ্যা । সেয়ে ঘৰ এখনত লক্ষ্মী অৰ্থাৎ স্ত্ৰী উভয়ে সংপৃক্ত হৈ একত্ব হোৱাৰ আৱশ্যক । সততে এগৰাকী নাৰীৰ মান - মৰ্যদা,উৎখান- পতন আদি সকলো ব্যৱস্থাই গোটেই বংশটোক প্ৰভাৱাম্বিত কৰে। সেয়ে হে নাৰী সকল সমাজৰ সকলোৱে নমস্য আৰু শ্ৰদ্ধাৰ পাত্ৰী হোৱা উচিত। মুঠতে নাৰীয়েই সৃষ্টি,নাৰী‌য়েই শক্তি।


যুগে যুগে নাৰী নিষ্পেষিত হোৱাৰ পিছতো অসমীয়া সমাজত মানৱ সম্পদ বিকাশত নাৰীৰ ভূমিকা অতুলনীয়। অসমীয়া নাৰীৰ মাজত পুৰুষ সূলভ সাহসিকতা আৰু বিৰত্বৰ প্ৰকাশ পায়। জয়মতীৰ উক্তি সমূহৰ পৰা বুজিব পাৰি নাট্যকাৰে প্ৰকাৰন্তৰে কিদৰে জয়মতীক দেৱী ৰূপে কল্পনা কৰিছিল আৰু এনে মহীয়সী অসমীয়া নাৰীৰ অন্তৰালত নাৰী চৰিত্ৰৰ মহৎ গুণ আৰু ত্যাগৰ প্ৰকাশেৰে নাৰীক সজাই পৰাই আদৰ্শৱতী কৰি ৰচনা কৰিছিল। সেয়েহে জয়মতীৰ পিতৃ বৰগোহাঞিৰ ডাঙৰীয়াৰ সংলাপেৰে ব্যক্ত কৰিছে এনেদৰে ---" প্ৰাণাধিকা কন্যা মোৰ আজি নাৰী বন্দী সহিছে যি নিৰ্যাতন যি দেশৰ কাৰণে সেই দেশ সৰ্পি দিম শত্ৰুক অবাধে ? অসম্ভৱ অসম্ভৱ এই জীৱনত" ।


জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰচনাত নাৰী চৰিত্ৰৰ বৈশিষ্ট্য বৈচিত্ৰ্য । ই অসমীয়া সাহিত্যত এক নতুন দিশৰ সূচনা কৰিছে। তেখেতে নাৰীৰ প্ৰতি পৃথক আৰু গুৰুত্বপূৰ্ণ দৃষ্টিভংগীৰে গল্প আৰু নাটকত নাৰী চৰিত্ৰক মূল্যায়ন কৰি মানৱ সম্পদ বিকাশত নাৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ কৰি তুলিছে। জ্যোতিপ্ৰসাদে জাতীয় চেতনাবোধ জাগৃত কৰিবলৈ নাৰীক লৈ বহু কেইটা কবিতা ৰচনা কৰিছিল। জয়মতী, কনকলতা, চিত্ৰলেখাৰ দৰে বিৰংগণা সকলৰ আত্মত্যাগৰ কাহিনী তেওঁৰ কবিতাৰ উৎস আৰু প্ৰেৰণা আছিল। নাৰী জাতিৰ অন্ধকাৰ আৱৰণ ভেদি আলোকৰ পথেদি আগুৱাই নি মানৱ সম্পদ বিকশিত কৰাত নাৰীৰ প্ৰভাৱ উল্লেখযোগ্য কৰি তুলিছিল । অবশ্যে সকলো লেখকৰ দৃষ্টিত নাৰীৰ বৰ্ণনা একে নহয়। নাৰী ৰহস্যময়ী। বিভিন্ন ৰূপত নাৰীক বৰ্ণনা কৰিব পাৰি।এগৰাকী নাৰী মাতৃ,ভগ্নী,বোৱাৰী,শাহু, আইতা সকলো ৰূপতে নিজকে পৰিচালনা কৰিব লগা হয়। বিভিন্ন ৰূপত অভিনয় কৰি একো একোগৰাকী নাৰীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলগীয়া হয়। সাহিত্যিক সকলে নাৰীক যেনেকৈয়ে ব্যাখ্যা নকৰক কিয় প্ৰকৃতাৰ্থত নাৰীক চিনিব পাৰিছেনে নাই সেইটোহে বিচাৰ্য্যৰ বিষয়। দেৱতায়ো নাৰীৰ অন্তৰখনত প্ৰবেশ কৰিব নোৱাৰে। সেই নাৰীসকলৰ মনৰ ভিতৰত কিমান গুজৰণি হয় সেই প্ৰতিধ্বনি হৃদয়ংগম কৰি নাৰীক সন্মান কৰিব পাৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা লেখত লবলগীয়া হ'ব।


পিতৃ প্ৰধান দেশত নাৰীৰ গুৰুত্ব সীমাবদ্ধতাৰ মাজত ৰখা হৈছিল যদিও স্ত্ৰী শিক্ষা প্ৰচলনে সমাজত নাৰীৰ গুৰুত্ব ক্ৰমান্বয়ে উল্লেখনীয় হৈ আহিছে। ঘৰুৱা শিক্ষাৰে শিক্ষিত হৈ একো একোগৰাকী নাৰীয়ে সকলো ত্যাগৰ বিনিময়ত উচ্চ মানদণ্ডৰ মানৱ সম্পদ সৃষ্টি কৰিব পাৰিছে।সমাজ সংশোধনৰ ক্ষেত্ৰত নাৰীৰ অৱদান অতুলনীয়।


প্ৰাচীন অসমীয়া সাহিত্যত' নাৰী ' শব্দ টোৰ অৰ্থ বিভিন্ন ৰূপত প্ৰকাশ কৰিছে। যেনে --দেৱনাৰী, মনুষ্য নাৰী, অপ্সৰা, গন্ধৰ্ব কিন্নৰ,ৰাক্ষক-দানৱ,নাগ প্ৰভৃতি জাতীয় নাৰী ও সকলো আলোচ্য শিতানত অন্তৰ্ভুক্ত হৈছে। সামগ্ৰীকভাৱে একোটা নাৰী চৰিত্ৰক কেন্দ্ৰ কৰিয়েই একো একোখন গ্ৰন্থ ৰূপায়ণ হয়। যেনে -- ৰামায়ণ, মহাভাৰত, বিভিন্ন পুৰাণ উপপুৰাণৰ অনুবাদৰ ওপৰত ভিত্তি কৰিয়েই অসমীয়া সাহিত্যৰাজি বিৰচিত হৈছে। অসমীয়া বৈষ্ণৱ সমাজত সৰ্বাধিক জনপ্ৰিয় শংকৰদেৱৰ তৰুণ বয়সৰে ৰচিত দ্বিতীয়খন কাব্য 'ৰুক্মিণী' হৰণ কাব্য খনৰ উপজীব্য গ্ৰন্থ ' হৰিবংশ আৰু ভাগৱত পুৰাণৰ কথাত ভালেখিনি পৰিৱৰ্তন ঘটোৱাৰ লগতে নাৰী চৰিত্ৰসমূহৰ ক্ষেত্ৰত যথেষ্ট নতুনত্বৰ সঞ্চাৰ কৰিছে। শংকৰদেৱৰ সাহিত্যত ৰুক্মিণী হৰিভক্তা, লক্ষ্মীৰ অৱতাৰ।


সংস্কৃতি আৰু ঐতিহ্যৰ উত্তৰণৰ পথ সুনিশ্চিত কৰাৰ দায়িত্ব ঘাইকৈ নাৰীৰ। কিয়নো নাৰীয়েই দেশৰ ভৱিষ্যত প্ৰজন্ম গঢ় দিব পাৰে।এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ হ'লে নাৰী পুৰুষ উভয়ৰে সন্মিলিত প্ৰচেষ্টাৰ অতি প্ৰয়োজন। পুৰুষ মহিলা উভয়ে উভয়ৰে পৰিপূৰক আৰু সমান অংশীদাৰ হিচাপে গণ্য কৰিব পাৰিলেহে সুস্থ সমাজৰ বাতাবৰণ গঢ় লৈ উঠে। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে কৈছিল

" There can be no civilization in which man and women are not equal partners and there can be no freedom unless man and women march forward together and achieve it "

জ্ঞানপীঠ বটাঁ প্ৰাপক মামনি ৰয়ছম গোস্বামীয়ে নাৰীৰ ভূমিকা সম্পর্কে গভীৰ আৰু প্ৰগতিশীল মত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ,"নাৰী কেৱল ঘৰ-সংসাৰৰ মাজতেই সীমাবদ্ধ নহয়; সমাজ গঠন আৰু পৰিবর্তনত নাৰীৰ সক্ৰিয় আৰু সৃষ্টিশীল ভূমিকা আছে।" তেওঁৰ মতে—নাৰী হৈছে সমাজৰ শক্তিশালী ভিত্তি।নাৰীৰ স্বাধীনতা আৰু আত্মসম্মান ৰক্ষা কৰাটো সমাজৰ দায়িত্ব।নাৰী নিৰ্যাতন আৰু বৈষম্যৰ বিৰুদ্ধে সদায় মাত মাতিব লাগিব।তেওঁৰ সাহিত্যকর্মতো নাৰীৰ দুখ-কষ্ট, সংগ্রাম আৰু আত্মসম্মানৰ বিষয় স্পষ্টকৈ প্ৰতিফলিত হৈছে।


শিক্ষিত, দক্ষ আৰু সচেতন নাগৰিকে এখন দেশৰ উন্নতি নিশ্চিত কৰে। এই ক্ষেত্ৰত নাৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।নাৰী হৈছে এটা পৰিয়ালৰ প্ৰথম শিক্ষক। এগৰাকী মাকে সন্তানক নৈতিকতা, শৃংখলা আৰু শিক্ষাৰ প্ৰতি আগ্ৰহ গঢ়ি তোলে। সেয়ে শিক্ষিত নাৰী মানে শিক্ষিত সমাজ। নাৰীয়ে সন্তানক সঠিক দিশ দেখুৱাই মানৱ সম্পদৰ ভেটি মজবুত কৰে।নাৰীয়ে বিভিন্ন ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰি দেশৰ অৰ্থনৈতিক উন্নতিত অৱদান আগবঢ়াইছে। ৰাজনীতি ,ক্ৰীড়া,শিক্ষা. চিকিৎসা, বিজ্ঞান, প্ৰশাসন, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত নাৰীয়ে সফলভাৱে কাম কৰি আছে। নাৰীয়ে সমাজ-সংস্কাৰ, স্বাস্থ্য সজাগতা, আৰু সমাজকল্যাণমূলক কাম-কাজতো অগ্ৰণী ভূমিকা লৈছে। গ্ৰাম্য উন্নয়ন, স্বনিযুক্তি আঁচনি আৰু আত্মসহায়ক গোটৰ জৰিয়তে নাৰীসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো উৎসাহিত কৰিছে।


নাৰীৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে মানৱ সম্পদ বিকাশ সম্পূৰ্ণ নহয়। সেয়ে নাৰীক সমান অধিকাৰ, শিক্ষা আৰু সুযোগ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজন। নাৰীৰ শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলেহে এখন দেশ প্ৰকৃত অৰ্থত উন্নত আৰু সমৃদ্ধ হ’ব।

জ্যোতিকা বৰা

কামপুৰ, নগাঁও।

দূৰভাষ নং ৭৬৩ ৮০১১৫৮৩






Comments


bottom of page