প্ৰদূষিত বায়ু আৰু পৰিৱেশ সংকট
- ডঃ শশাংক শেখৰ বৰকটকী

- 3 days ago
- 8 min read
Updated: 2 days ago

সমগ্ৰ বিশ্বতে জীৱকুল বৰ্তি থাকিবৰ বাবে এক অপৰিহাৰ্য উপাদানেই হৈছে বায়ু। বায়ুৰ নিৰ্মলতা তথা গুণাগুণৰ ওপৰতেই মানৱ স্বাস্থ্য তথা অন্যান্য জীৱৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশ সম্ভৱ হৈছে। যোৱাটো শতিকালৈকে যিটো বিষয় বা কাম মানুহৰ পক্ষে প্ৰায় অসম্ভৱ তথা কল্পনাৰো আগোচৰ আছিল আজি তেনেধৰণৰ কাম অতি কম সময়ৰ ভিতৰতেই কৰাটো সম্ভৱপৰ হৈ উঠিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial intelligence) ৰ জৰিয়তে বহুতো কাম কৰিব পৰা গৈছে। কিন্তু এই তথাকথিত বিকাশসমূহৰ জৰিয়তে যেন আমি পৰিৱেশৰ প্ৰতি ক্ৰমাৎ অসহনশীল হৈ পৰিছোঁ।
১৮ শতিকাৰ উদ্যোগিক বিপ্লৱৰ সময়ৰ পৰা বিভিন্ন কল-কাৰখানাৰ জৰিয়তে বৰ্ধিত হাৰত সামগ্ৰীৰ উৎপাদন আৰম্ভ হয়। কল কাৰখানাত উৎপাদিত সামগ্ৰীৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত ইয়াৰ যোগেদি বায়ুমণ্ডললৈ বিভিন্ন ধৰণৰ গেছৰ নিৰ্গমন হ'বলৈ আৰম্ভ হয়। লাহে লাহে বায়ুৰ গুণাগুণত প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। মানৱ স্বাস্থ্য সুস্থ বায়ু তথা ইয়াৰ গুণাগুণৰ ওপৰত উতঃ প্ৰোতঃ ভাবে নিৰ্ভৰশীল।
শেহতীয়া দশক সমূহত বায়ু প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বত লক্ষ লক্ষ মানুহ মৃত্যু মুখত পৰিছে আৰু এই সংখ্যা দিনে দিনে বাঢ়ি আহিব ধৰিছে। State of Global Air 2024 শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে বৰ্তমান বিশ্বৰ উচ্চ ৰক্তচাপৰ পাছতেই প্ৰদূষিত বায়ু সেৱন কৰাৰ ফলত সৰ্বাধিক লোক মৃত্যু মুখত পৰিছে। এই দিশত দক্ষিণ এছিয়াৰ দেশ সমূহ আৰু আফ্ৰিকান ৰাষ্ট্ৰসমূহ সৰ্বাধিক আক্ৰান্ত হৈছে।২০২১ বৰ্ষত সমগ্ৰ বিশ্বত সৰ্বাধিক ৮.১ নিযুত মানুহৰ মৃত্যুৰ বাবে বায়ু প্ৰদূষণৰ কু-প্ৰভাৱৰ ফলত হৈছে। এই সমস্যাৰ গুৰুত্ব অনুধাৱন কৰি বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। ১৯৮৭ চনৰে পৰাই WHO ই ধাৰাবাহিক ভাৱে স্বাস্থ্য সন্মত বায়ুৰ গুণাগুণৰ ওপৰত নিৰ্দেশনা দি আহিছে। বৰ্ধিত জনসংখ্যা, দ্ৰুত নগৰীকৰণ, উদ্যোগীকৰণ আদিৰ ফলত বিকশিত দেশ সমূহত বায়ু প্ৰদূষণে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ১৯৯০ চনৰে পৰা বিভিন্ন আধুনিক প্ৰযুক্তিৰ সহায় লোৱা হৈছে যদিও সফলতাৰ হাৰ সন্তোষজনক হোৱা নাই।
এই প্ৰবন্ধতআমি প্ৰথমতে বায়ু প্ৰদূষণ আৰু ইয়াৰ কাৰক সমূহৰ ওপৰত কিছু পৰ্যালোচনা আগবঢ়াম আৰু পাছলৈ মানৱ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিভিন্ন প্ৰতিবেদনৰ আধাৰত আমাৰ কৰণীয় আৰু ভাৰতৰ প্ৰেক্ষাপটত ইয়াৰ এক নিৰ্মোহ বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম।
বায়ু প্ৰদূষণ কি?
বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা মতে বায়ু প্ৰদূষণ হৈছে আমাৰ ঘৰৰ ভিতৰৰ তথা বাহিৰৰ বায়ুৰ প্ৰাকৃতিক গুণাগুণ হ্ৰাস হোৱা। বায়ুৰ থাকিবলগীয়া প্ৰাকৃতিক উপাদান সমূহৰ তাৰতম্য আৰু স্বাস্থ্যৰ বাবে ক্ষতিকৰ উপাদান যেনে কাৰ্বন মন'অক্সাইড (CO), অ'জন (O3), ছালফাৰ ডাই অক্সাইড (SO2), নাইট্ৰজেন অক্সাইড (NOx) আদিৰ উপস্থিতিৰ ফলতেই বায়ু প্ৰদূষিত হয়। এইসমূহ গেছৰ ওপৰিও বায়ুত বিভিন্ন আকাৰৰ ভাসমান কণিকাৰ (particulate matter (PM) উপস্থিতিৰ ফলস্বৰূপে মানৱ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰে। এই ভাসমান কণিকাসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা যায়: PM 2.5 (কণিকাৰ আকাৰ ২.৫ মাইক্ৰণ বা তলৰ)আৰু PM 10 (কণিকাৰ আকাৰ ১০ মাইক্রণ বা তাৰ তলৰ)। ইয়াৰোপৰি বায়ুত অতি সূক্ষ্ম কণিকাৰ (Ultrafine particles) উপস্থিতি পৰিলক্ষিত হৈছে। ইয়াৰ আকাৰ ০.১ মাইক্ৰণৰ তলৰ। এই কণিকা সমূহৰ আকাৰ ইমানেই সূক্ষ্ম যে আমাৰ মূৰৰ চুলি এডালৰ (৫০-১৮০ মাইক্রন) প্ৰায় ১০০ ভাগৰ এভাগ। কণিকা সমূহৰ আকাৰ যিমানেই সৰু হৈ যায় সিমানেই ই আমাৰ হাওঁফাওঁ তথা শ্বাসতন্ত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে ফলত আমাৰ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটে।
বায়ু প্ৰদূষণক মূলতঃ দুটা ভাগত বিভক্ত কৰা যায়।
ঘৰুৱা বায়ু প্ৰদূষণ (Household Air Pollution (HAP)) আৰু বাহিৰৰ বায়ু প্ৰদূষণ (Outdoor Air Pollution)।
ঘৰুৱা বায়ু প্ৰদূষণ হৈছে আমাৰ ঘৰুৱা কাৰ্যত ব্যৱহৃত ইন্ধনৰ অদক্ষ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা প্ৰদূষণ। মাধ্যম তথা কম আয়ৰ দেশসমূহত (প্ৰধানকৈ আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহ) এতিয়াও ঘৰুৱা কাৰ্য্য যেনে ৰন্ধা , পোহৰ , তাপ আদিৰ বাবে এতিয়াও খৰি, কাঠ, গোবৰ, কয়লা আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। এইসমূহ ইন্ধনৰ অসম্পূৰ্ণ দহনৰ ফলত বিভিন্ন ধৰণৰ গেছৰ নিৰ্গমন ঘটে আৰু ই ঘৰৰ ভিতৰৰ বায়ুৰ ব্যাপক অৱনতি ঘটায়। এনেধৰণৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে ৰন্ধন প্ৰণালীত পৰিষ্কাৰ ইন্ধন যেনে LPG চৌকা, সেউজ ইন্ধন আদিৰ ব্যৱহাৰ কৰিব লাগিব। এই ক্ষেত্ৰত দেশ সমূহৰ চৰকাৰৰ দ্বায়িত্ব অপৰিসীম। ভাৰত চৰকাৰে গ্ৰহণ কৰা উজ্বলা আঁচনিৰ জৰিয়তে LPG গেছৰ বিতৰণৰ দ্বাৰা দৰিদ্ৰ লোকৰ মাজত প্ৰচলিত ৰন্ধন প্ৰণালীত পৰিৱৰ্তন ঘটোৱা হৈছে আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ লগতে সজাগতা বৃদ্ধিৰ চেষ্টা চলাই অহা হৈছে।
বাহিৰৰ বায়ুৰ প্ৰদূষণ বুলিলে মূখ্যতঃ কাৰখানাত পৰা নিৰ্গত ধোঁৱা, পেট্ৰল, ডিজেল চালিত বাহনৰ পৰা নিৰ্গত হোৱা ধোৱা, নিৰ্মাণ কাৰ্যৰ ফলত উৎপন্ন হোৱা ভাসমান কণিকা আদিয়ে সৃষ্টি কৰা বায়ুৰ গুণাগুণ হ্ৰাস হোৱাকে সাধাৰণতে বুজোৱা হয়।
এই দুই প্ৰকাৰৰ প্ৰদূষণ সম্পূৰ্ণ ৰূপে মানৱসৃষ্ট। এতিয়া আমি বায়ু প্ৰদূষণৰ মূল কাৰক সমূহৰ ওপৰত আলোচনা আগবঢ়াম। তদুপৰি বৰ্তমান এই বায়ু প্ৰদূষণৰ ফলত জলবায়ুৰ ব্যাপক পৰিৱৰ্তন লক্ষ্য কৰা হৈছে।
বায়ু প্ৰদূষণৰ উৎসসমূহ: বায়ু প্ৰদূষণৰ উৎস সমূহক মূলত দুটা ভাগত বিভক্ত কৰা হয়।
প্ৰাথমিক বায়ু প্ৰদূষক (Primary Air Pollutants): প্ৰাথমিক বায়ু প্ৰদূষকৰ ভিতৰত কাৰখানাৰ চিমনিৰ পৰা নিৰ্গত গেছীয় উপাদান, বাহনৰ পৰা নিৰ্গত ধোঁৱা, বতাহৰ দ্বাৰা কঢ়িয়াই অনা ভাসমান কণিকা অধিক উল্লেখ কৰিব পাৰি।
গৌণ বায়ু প্ৰদূষক (Secondary Air Pollutants): এই প্ৰদুষক সমূহ মূলতঃ প্ৰাথমিক প্ৰদূষকৰ লগত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ ফলত বায়ুমণ্ডলত উৎপন্ন হয়। এই ক্ষেত্রত এক উদাহৰণ হৈছে অʼজন। বায়ুমণ্ডলত থকা জলীয় বাষ্প, অক্সিজেন আদিৰ সৈতে হোৱা বিভিন্ন প্ৰাথমিক প্ৰদুষকৰ বিক্ৰিয়াৰ ফলত এইসমূহৰ উৎপত্তি ঘটে। তদুপৰি বায়ুমণ্ডলত থকা অস্থিৰ জৈৱ যৌগ (Volatile organic componants (VOC)) ৰ ফলতো ব্যাপক হাৰত বায়ুৰ গুণাগুণ হ্ৰাস পায়। কাৰ্বনযুক্ত কণিকাসমূহৰ উৎপত্তি পেট্ৰল তথা ডিজেলজাত ইন্ধনৰ দহনৰ ফলত হয়। ইয়াৰোপৰি চিমেণ্ট কাৰখানা আদিত উৎপন্ন হোৱা fly ash, খনিত উৎপন্ন হোৱা ধূলি, ভাসমান কণিকা, দ্ৰুত নগৰী কৰণৰ ফলত হোৱা চহৰৰ নিৰ্মাণ কাৰ্য যেনে উৰণীয়া সেঁতু, অট্টালিকা আদিৰ ফলত উৎপন্ন হোৱা কণিকা, বৰষুণ কম কৈ হোৱা অঞ্চলত যান বাহনৰ গতিৰ ফলত বতাহ মিশ্ৰিত ধূলি মাকতি, খেতি চপোৱাৰ পাছত পথাৰত ৰৈ যোৱা শস্যৰ অবশিষ্ট দহনৰ ফলত উৎপন্ন হোৱা কণিকা আদিয়েও সাম্প্ৰতিক কালত বায়ুৰ ব্যাপক অৱনতি ঘটাইছে। এই ক্ষেত্ৰত সমাজৰ সকলোৰে সহায় সহযোগিতা আৰু চৰকাৰৰ সদ্দিচ্ছা অতিকৈ প্ৰয়োজনীয়।
বায়ু প্ৰদূষণ নিৰীক্ষণৰ কাৰ্য্যব্যবস্থা আৰু আন্তৰাষ্ট্ৰীয় সহযোগিতা:
বায়ু প্ৰদূষণৰ গুৰুত্ব অনুধাৱন কৰি বিশ্ব স্বাস্থ্য সংস্থাই বায়ুৰ গুণাগুণৰ আন্তঃৰাষ্ট্ৰীয় মান আৰু সদস্য ৰাষ্ট্ৰসমূহৰ বাবে কিছু দিক নিৰ্দেশনা প্ৰদান কৰি আহিছে। বায়ুৰ গুণাগুণৰ নিৰীক্ষণৰ বাবে প্ৰায়ে এক সুচকাংকৰ সহায় লোৱা হয় |
১৯৬৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পোন প্ৰথমবাৰৰ বাবে Air Quality Index (AQI) ৰ যোগেদি বায়ুৰ নিৰীক্ষণ ৰ ব্যৱস্থা পৰীক্ষামূলক ভাবে কৰা যায়। নিয়ন্ত্ৰণ মানদণ্ডৰ সীমাৰ তুলনাত প্ৰকৃত মাত্ৰাৰ তুলনা AQI ৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰা হয় । একক AQIৰ আৰম্ভণিয়ে সমগ্ৰ বিশ্বতেই বায়ুৰ গুণাগুণৰ পৰিসংখ্যা একত্ৰিত কৰাত সহায় কৰিছিল আৰু বিশ্বৰ অন্যান্য চৰকাৰী আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ বাবে ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ আৰ্হি হিচাপে কাম কৰিছিল।
আমেৰিকাৰ পৰিৱেশ সুৰক্ষা সংস্থাই (USEPA) প্ৰস্তুত কৰা বায়ুৰ গুণাগুণ সূচকাংক (AQI)য়ে বিগত বছৰসমূহত জনসাধাৰণক বায়ু প্ৰদূষণৰ অৱস্থা সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি আহিছে। বৰ্তমান বায়ুৰ গুণাগুণ সূচকাংক (Air Quality Index (AQI)) হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ সমূহৰ চৰকাৰী সংস্থা সমূহে প্রস্তত কৰা নির্দিষ্ট বায়ুৰ গুণাগুণ তথা প্ৰদূষকৰ পৰিমাণৰ এক সূচক । দেশভেদে এই সূচকাংকৰ পৰিমাপক সমূহ ভিন্ন যদিও WHO ৰ নির্দিষ্ট মানদণ্ড আছে | AQI য়ে বায়ুত থকা প্ৰদুষকৰ পৰিমাণৰ এক সম্যক ধাৰণা প্ৰদান কৰে। যেতিয়া AQI ৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া পৰাপক্ষত বাহিৰত কাৰ্যকলাপ হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগে আৰু অতি প্ৰয়োজন ন'হলে বাহিৰলৈ ওলাই যাব নালাগে। বিভিন্ন ৰঙৰ কড ব্যৱহাৰ কৰি বায়ুৰ গুণাগুণৰ সুচাকাংক প্ৰকাশ কৰা হয়। ভাৰতৰ প্ৰেক্ষাপটত AQI ৰ পৰিমাণ ০-৫০ হ'লে সেই বায়ু ভাল (সেউজীয়া), ৫১-১০০ ৰ ভিতৰত সন্তোষজনক (পাতল সেউজীয়া), ১০১-২০০ ৰ ভিতৰত মধ্যমীয়া (হালধীয়া), ২০১-৩০০ ৰ ভিতৰত বেয়া (কমলা), ৩০১-৪০০ ৰ ভিতৰত অতি বেয়া (ৰঙা) আৰু ৪০১-৫০০ ৰ ভিতৰত হ'লে অতিশয় প্ৰতিকুল (গাঢ় ৰঙা) ধাৰ্য্য কৰা হৈছে। তদুপৰি প্ৰদূষক যেনে PM ২.৫, PM ১০, NO2, NH3, SO2, CO আৰু অ'জনৰ পৰিমাণৰ (প্ৰতি ঘণ্টাত পৰিমাণ, প্ৰতিদিনে গড় (২৪ ঘণ্টা) থাকিবলগীয়া পৰিমাণ) ওপৰতো নিৰ্দিষ্ট মানদণ্ড প্ৰয়োগ কৰা হৈছে। বায়ুৰ নিয়মীয়া গুণাগুণ real time monitoring ব্যৱস্থাৰ জৰিয়তে কৰা যায়। দেশ সমূহৰ বিভিন্ন স্থানত অত্যাধুনিক যন্ত্ৰ পাতিৰ জৰিয়তে বায়ুৰ গুণাগুণ নিৰীক্ষণ কৰা হয়। এই আধুনিক প্ৰযুক্তিৰ যোগেদি আমি আজিকালি বায়ুত থকা অতি সূক্ষ্ম কণিকাৰ পৰিমাণৰ বিষয়েও তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ।
বায়ু প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে আমাৰ ধাৰণা সময়ৰ লগে লগে সলনি হোৱাৰ বাবে নিয়ন্ত্ৰণৰ মানদণ্ডৰ সীমা প্ৰয়োজন সাপেক্ষে সলনি হোৱাৰ অৱকাশ থাকে। বায়ু প্ৰদূষণৰ ফলত যে জীৱকুলৰে ক্ষতিসাধন হৈছে এনে নহয়, প্ৰদূষিত বায়ুৰ ফলত কৃষি ক্ষেত্ৰ খনতো ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। জলবায়ু পৰিৱৰ্তন তথা অস্বাভাৱিক তাপমান, বৃষ্টিপাত আদিৰ লগতে ভাসমান কণিকা সমূহ প্ৰত্যক্ষ নিক্ষেপনৰ (direct deposition) জৰিয়তে শস্যৰ তথা মূল শিপাৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু তেনেকৈ আমাৰ খাদ্য শৃংখলৰ মাজত সোমাই পৰে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰদূষক মানদণ্ড: WHO য়ে বায়ুত প্ৰদূষকসমূহৰ থাকিবলগীয়া স্বাস্থ্য সন্মত মান সমূহৰ এক নিৰ্দিষ্ট মানদণ্ড প্ৰকাশ কৰিছে। সেই অনুসৰি PM ২.৫ ভাসমান কণিকাৰ পৰিমাণৰ বাৰ্ষিক গড় হিচাপে প্ৰতি ঘনমিটাৰ বায়ুত ৫ মাইক্ৰ'গ্ৰাম বা তাতকৈ কম পৰিমাণে থকা উচিত । WHO ৰ Air Quality Guideline বা চমুকৈ AQG অনুসৰি আন আন প্ৰদূষকসমূহৰ থাকিবলগীয়া স্বাস্থ্য সন্মত মানদণ্ড হৈছে: PM ১০ বাৰ্ষিক গড় ১৫ মাইক্ৰ'গ্ৰাম প্ৰতি ঘনমিটাৰ বায়ুত, অ'জন ৬০ মাইক্ৰ'গ্ৰাম প্ৰতি ঘনমিটাৰ বায়ুত, NO2 বাৰ্ষিক গড় ১০ মাইক্ৰ'গ্ৰাম প্ৰতি ঘনমিটাৰ বায়ুত, SO2 বাৰ্ষিক গড় ৪০ মাইক্ৰ'গ্ৰাম প্ৰতি ঘনমিটাৰ বায়ুত আৰু CO ৰ দৈনিক গড় ৪ মাইক্ৰ'গ্ৰাম প্ৰতি ঘনমিটাৰ বায়ুত । এই নিৰ্দিষ্ট মানদণ্ড পাবলৈ আমি কেনেদৰে পৰ্য্যায় ক্ৰমে আগবাঢ়িব লাগিব তাৰো নিৰ্দেশনা WHO ই প্ৰদান কৰিছে আৰু সেই অনুসাৰে দেশসমূহৰ নিজস্ব বাতাবৰণ, পৰিৱেশ তন্ত্ৰ , তাপমান, তথা আয়ৰ ভিত্তিত চৰকাৰী সংস্থা সমূহে এই উপাদান সমূহৰ পৰিমাণ ধাৰ্য্য কৰে। ভাৰতৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰিৱেশ বায়ুৰ গুণাগুণৰ মানদণ্ড (National Ambient Air Quality Standard) অনুসৰি এই প্ৰদুষক সমূহৰ থাকিবলগীয়া পৰিমাণ ধাৰ্য্য কৰা হৈছে। এই দিশত দেশসমূহৰ মাজত তথ্য-পাতিৰ আদান প্ৰদান, গৱেষণা আৰু সহযোগিতা নিতান্তই প্ৰয়োজনীয়।
মানৱ স্বাস্থ্যত বায়ু প্ৰদূষণৰ প্ৰভাৱ:
প্ৰদূষিত বায়ুৰ দৈনন্দিন সেৱনৰ ফলত মানৱ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ হ্ৰস্ৰম্যাদী তথা দীৰ্ঘম্যাদী প্ৰভাবসমূহৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি চৰকাৰে গ্ৰহণ কৰা নীতি সমূহ মানি চলাটো প্ৰয়োজনীয়।
PM ২.৫ আৰু PM ১০ কণিকাৰ আকাৰ অতিশয় সূক্ষ্ম হোৱাৰ ফলত ই অনায়াসে আমাৰ স্বাসতন্ত্ৰত প্ৰৱেশ কৰি হাওঁফাওঁৰ বিস্তৰ ক্ষতি সাধন কৰে। তদুপৰি এই কণিকা সমূহ জমা হৈ বিভিন্ন ধৰণৰ ৰোগ যেনে হাপানী, ব্ৰংকাইটিছ, হৃদযন্ত্ৰৰ অসুখ আদিৰ কাৰক হিচাপে ঠিয় দিয়ে।
কাৰ্বন মন' অক্সাইডৰ দৰে বিষাক্ত গেছৰ সেৱন কৰাৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰে। এই গেছ মূখ্যত ঘৰুৱা বায়ু প্ৰদূষণ (কাঠ, খৰি আদিৰ অসম্পূৰ্ণ দহন) আৰু উদ্যোগ সমূহৰ পৰা নিৰ্গত ধোঁৱাৰ ফলত সৃষ্টি হয়।
আন আন মাৰাত্মক উপাদান যেনে সীহ, এমনিয়া আদিৰ উপস্থিতিয়ে বায়ুক বিষাক্ত কৰাৰ লগতে শিশু আৰু জ্যেষ্ঠ নাগৰিকক অতি সহজে আক্ৰান্ত কৰে। তদুপৰি নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ ফলতো বিভিন্ন দীৰ্ঘস্থায়ী শ্বাস জনিত ৰোগ তথা হৃদযন্ত্ৰৰ ৰোগ হয়। বিশ্ব অৰ্থনৈতিক সংস্থাৰ এক শেহতীয়া প্ৰতিবেদন " Quantifying the impact of Climate Change on Human Health" ত উল্লেখ কৰা তথ্য মতে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ২০৬০ চনলৈ প্ৰতি বছৰে প্ৰায় ৬ ৰ পৰা ৯ নিযুত লোকৰ অকাল মৃত্যু ঘটিব পাৰে আৰু আক্ৰান্ত সকলৰ ভিতৰত সৰহ সংখ্যক শিশু আৰু বৃদ্ধ বয়সৰ হোৱাৰ সম্ভাৱনা আছে।
ভাৰতৰ প্ৰেক্ষাপটত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ:
বায়ু প্ৰদূষণ নিয়ন্ত্ৰনৰ বাবে ভাৰতত ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড (CPCB) আৰু ৰাজ্যসমুহৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড সমূহে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত জনসাধাৰণক বিভিন্ন দিক নিৰ্দেশনা দিয়াৰ লগতে ভাৰতৰ বিভিন্ন অঞ্চলত নিয়মীয়া বায়ুৰ গুণাগুণ নিৰীক্ষণ (Continuous Air Quality Monitoring System) কৰিবলৈ অত্যাধুনিক সজুঁলি স্থাপন কৰা হৈছে আৰু তথ্য সমূহ ধাৰাবাহিক ভাৱে ৱেবছাইটত প্ৰদৰ্শন কৰি অহা হৈছে। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনত Central Pollution Control Board (CPBC) য়ে ১৯৭৪ চনৰে পৰা এই দিশত কাৰ্য্য সম্পাদন কৰি আহিছে। CPCB ক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে Air (Prevention and Control of Pollution) Act ,১৯৮১ ৰ অধীনত বিভিন্ন ক্ষমতা প্ৰদান কৰা হৈছে।
আমাৰ অসমতো এই দিশত অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কাৰ্য্য সম্পাদন কৰি আহিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম হৈছে জল (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭১ৰ ৪ নং ধাৰাত ১৯৭৫ চনৰ ২ জুন তাৰিখে গঠন কৰা এক স্বায়ত্তশাসিত বিধিগত সংস্থা।
আমাৰ কৰণীয়:
বৰ্তমান বায়ু প্ৰদূষণে এক ভয়ানক ৰূপ ধাৰণ কৰিছে আৰু মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে লাগিব এক সু-সংহত কাৰ্য্য প্ৰণালী। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহে উদ্যোগিক নিৰ্গমনৰ মানদণ্ড কঠোৰ ভাবে বলবৎ কৰিব লাগিব আৰু পৰিস্কাৰ তথা সেউজ প্ৰযুক্তি গ্ৰহণৰ বাবে উদ্যোগ সমূহৰ উৎসাহিত কৰিব লাগিব। চৰকাৰসমূহে বনানীকৰণ আৰু ৰাজহুৱা পৰিৱহণ ব্যৱস্থা উন্নত কৰিব লাগিব। এই দিশত অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা বিদ্যুৎ চালিত ৰাজহুৱা বাছ আৰু অমৃত বৃক্ষ আঁচনিৰ কথা উল্লেখ কৰিব পাৰি। যিহেতু গছে বায়ু বিশুদ্ধকৰণ কৰে সেয়ে বৃক্ষৰূপণৰ জৰিয়তে নাগৰিকৰ মাজত এই দিশত সজাগতা বৃদ্ধি কৰিব পাৰি। বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচীৰ যোগেদি প্ৰদূষিত বায়ুৰ ভয়াবহতা সন্দৰ্ভত জনসাধাৰণৰ মাজত চেতনাৰ সৃষ্টি কৰিব পৰা যায়। তদুপৰি আজিকালি উপলব্ধ বিভিন্ন মোবাইল এপৰ জৰিয়তে বায়ুৰ নিয়মীয়া গুণাগুণ নিৰীক্ষণ কৰাটো সহজলভ্য। এই দিশত CPBC ৰ ৱেবচাইটৰ তথ্যসমূহ নিৰীক্ষণ কৰিহে বাহিৰলৈ ওলাই যোৱাটো জৰুৰী। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ, প্ৰদূষণ পৰিষদ, জনসাধাৰণ আৰু বেচৰকাৰী সংস্থাসমূহৰ মাজত সহযোগিতাৰ প্ৰয়োজন আৰু আমি নিৰ্দেশনা মানি চলাটো অত্যন্ত জৰুৰী। আহক আমি সকলোৱে মিলি সহযোগিতাৰে এক সুস্থ তথা নিৰ্মল বায়ুৰ পৰিৱেশৰ মাজেদি সেউজ ভবিষ্যতৰ পথ প্ৰশস্ত কৰোঁ।
ডঃ শশাংক শেখৰ বৰকটকী
ভাৰতীয় মানক ব্যুৰোৰ গুৱাহাটী শাখাৰ পৰামৰ্শদাতা হিচাপে কৰ্মৰত।
দূৰভাষ নং: +৯১-৯৭০৬৮৪৭০৭৫
ই-মেইল: shasankaborkotoky@gmail.com)





Comments