top of page

ৰূপহী ফাগুনী

Updated: 2 days ago

কাৰ পৰশত

লঠঙা ডালত আকাশ ৰঙোৱা

ফুল জুই ফুলে ?

কাৰ পৰশত

বিৰিখে সেউজী সাজৰ

সপোন দেখে ?

সেয়া ফাগুন,

ফাগুনী বা ।

কিয় চৌদিশে

বিহগীৰ সুৰত

ধ্বনিত হয়

মন উতলোৱা মিঠা অর্চনা?

যাৰ লহৰত , প্রস্ফুটিত পুষ্পৰ

ৰূপ -ৰস -গন্ধেৰে মণ্ডিত মনত

জাগি উঠে

মিলনৰ বাসনা ;

নৱ সৃষ্টিৰ তাড়না ।

যেতিয়া

ধুলিয়ৰী ওৰণি ,

সৰাপাতৰ খৰমৰণি

ৰূপান্তৰ হয় ,

একো একোটা হীৰা মুকুতাত

সময় বালিৰ স্বপ্নত ।

এয়াই ফাগুন ,

খৰ খোজৰ মহীয়সী

ৰূপহী ফাগুনী ।

মনোজ কুমাৰ শৰ্মা

অভিযন্তা

নগাঁও, অসম

দূৰভাষ নম্বৰ - ৯৪৩৫১৬০৫৩২

Comments


bottom of page