যদি খেলিব খোজা ফাকু
- ডাঃ হেমন্ত কুমাৰ গোস্বামী

- 3 days ago
- 1 min read
Updated: 2 days ago
যদি খেলিব খোজা ফাকু ,
দুহাত ডাঙি আঁজলি ভৰাই আনা
আকাশৰ নীলা ,
আৰু গালে-মুখে সানি লোৱা।
পলাশ কৃষ্ণচূড়াৰ ৰঙাৰে
মনটো ৰঙাই লোৱা ,
সোনাৰুৰ হালধীয়া খিনি
গাত মেৰিয়াই লোৱা ,
গুলপীয়া গোলাপৰ মালা পিন্ধি লোৱা ।
নীলা ,ৰঙা ,হালধীয়া ,
চাৰিওফালে উপচি আছে
ৰং নানা বৰণীয়া ;
তোমাৰ বুকুতো আছে ৰঙৰ খনি !
ফাকুগুৰিৰ দৰে চটিয়াই দিয়া
চৌদিশে তোমাৰ আলফুলীয়া হাঁহি ।
বজাই দিয়া চৌপাশে
প্ৰেম আৰু আনন্দৰ বাঁহী ।
কেৱল কাবৌ কৰিছোঁ ,
হিংসাৰ ফাকু নেখেলিবা কোনেও !!
মুকলি যুদ্ধই হওক বা
গোপন চুৰিকাঘাত ,
হিংসাৰ ফাকু ঘিণ কৰোঁ ,
ভয় কৰোঁ আমি ।
হিংসা-জৰ্জৰ পৃথিৱীত
মৰম আৰু ভালপোৱাৰ
ফাকু খেলোঁ আহা !
ফাকুগুৰিৰ ফোটৰ লগতে
একোটা কাল্পনিক পবিত্ৰ চুমা
প্ৰিয়জনৰ কপালত আঁকি দিওঁ আহা !
ফাকুৱাৰ দিনা
এখন প্ৰেমময় পৃথিৱীৰ কল্পনাত
আমি মগ্ন হওঁ আহা !
ৰঙৰ উৎসৱত
আমি ঘূৰাই আনোঁ আহা
পৃথিৱীৰ স্বাভাৱিক ৰং ।।
ডাঃ হেমন্ত কুমাৰ গোস্বামী
নগাঁও, অসম ।
দূৰভাষ নং ৯৪৩৫৩ ১৯৮৪৩





Comments