top of page

তোমাৰ বাবেই

মা—

মোৰ জন্মতেই

তোমাৰ নামৰ আগত

এটা নতুন মৰ্যাদা জ্বলিল— মা।

মই তোমাৰ আঁচলৰ ধন,

তুমি মোৰ সকলো জগত।

মোৰ এটি অবুজ হাঁহিত

তোমাৰ ক্লান্ত মুখখনি

চন্দ্ৰোজ্জ্বল হৈ উঠে—

সেই হাঁহিতেই তুমি জীয়াই থাকাঁ।

দেউতা—

নিৰ্বাক ত্যাগৰ নাম,

ঘৰখনৰ আশাৰ বন্তিত

জ্বলি থকা দীপশিখা।

মই কেৱল সন্তান নহয়—

তোমালোকৰ সপোনৰ

 সৰ্বোচ্চ প্ৰতিধ্বনি।

মই ধন্য,

মানুহ হ’বলৈ

তোমালোকৰ হাত ধৰি শিকিছোঁ।

 

 

মনোজ কুমাৰ শৰ্মা

নগাঁও, অসম।

মো: নং.  ৯৪৩৫১৬০৫৩২

Recent Posts

See All
জীৱন জীৱন নহয় কিয়?

এতিয়া জীৱন বুলিনো কি আছে কেৱল খাই বৈ জীয়াই থাকিলে কি জীৱন? এতিয়া ইয়াত প্ৰতিটো পুৱাতেই আৰাম্ভ হয় বিষয় সুখৰ দৌৰ , তথাপিচোন শূন্যতাই লগ এৰা নাই মানুহক! মন্দিৰ মছজিদ সকলোতে মানুহৰ ভিৰ , অথচ ৰসাল নহয

 
 
 
ভীষ্ম: যুগৰ শিলত খোদিত এটা শপত

তেওঁ দ্যু এটা প্ৰাচীন শাপৰ গধুৰ বোজা কান্ধত লৈ গংগাৰ নীৰৱ চকুলোৰে তিতি মৰ্ত্য চুবলৈ আহিছিল যি। সাতজন ককাই মুক্তিৰ পাখি মেলি উৰি গ’ল জন্মৰ দুৱাৰেদি আৰু তেওঁ ৰৈ গ’ল পূৰ্বকৰ্মৰ এক অসমাপ্ত হিচাপ মিলাবলৈ।

 
 
 
শব্দ কিমান সীমাবদ্ধ

কুঁৱলীৰে ঢাক খোৱা পথাৰখনত এজাক ধুমুহাই মোক খুন্দিয়াই যায় কঁপি উঠে মোৰ হৃদয় এটা শব্দৰ সন্ধানত । তৰা-ভৰা আকাশৰ তলত জোনাকী পৰুৱাই আলোকিত কৰা পথাৰখনত নীৰৱে খোজ কাঢ়ি আহে কিছুমান শব্দ । শব্দ মোৰ অনুগত ত

 
 
 

Comments


bottom of page