top of page

তোমাৰ বাবেই

মা—

মোৰ জন্মতেই

তোমাৰ নামৰ আগত

এটা নতুন মৰ্যাদা জ্বলিল— মা।

মই তোমাৰ আঁচলৰ ধন,

তুমি মোৰ সকলো জগত।

মোৰ এটি অবুজ হাঁহিত

তোমাৰ ক্লান্ত মুখখনি

চন্দ্ৰোজ্জ্বল হৈ উঠে—

সেই হাঁহিতেই তুমি জীয়াই থাকাঁ।

দেউতা—

নিৰ্বাক ত্যাগৰ নাম,

ঘৰখনৰ আশাৰ বন্তিত

জ্বলি থকা দীপশিখা।

মই কেৱল সন্তান নহয়—

তোমালোকৰ সপোনৰ

 সৰ্বোচ্চ প্ৰতিধ্বনি।

মই ধন্য,

মানুহ হ’বলৈ

তোমালোকৰ হাত ধৰি শিকিছোঁ।

 

 

মনোজ কুমাৰ শৰ্মা

নগাঁও, অসম।

মো: নং.  ৯৪৩৫১৬০৫৩২

Recent Posts

See All
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page