top of page

বুদ্ধিজীৱিৰ উভয় সংকট

যোৱাকালি স্বৰ্গদেৱে মোক

ৰাজ-দৰবাৰলৈ মাতি পঠাইছিল।

ৰজাঘৰীয়া বেংকত মোৰ মগজু

বন্ধকত থলে বহুত টকা দিব ।

প্ৰকৃততে মোৰ টকাৰ খুবেই

প্ৰয়োজন।

মোৰ সংসাৰত আছে ৰুগ্না পত্নী,

আৰু আছে চাৰিটাকৈ হাড়-ছাল

ওলোৱা এমাডিমা ল'ৰা-ছোৱালী।

মই মোৰ বিবেকক সুধিলো

কি কৰিলে ভাল হ'ব ?

বিবেকে কাণত ফুচফুচাই ক'লে-

মগজু বিক্ৰী কৰি চলিব খুজিলে,

শোঠ বেমাৰে লগ ল'ব,

পেট ভৰি ফুলি ঢোল যেন হ'ব ,

মন মগজু শুকাই শিয়ালমুৱা হ'ব ।

মোৰ বিবেকে দেখোন মোকেই

ভয় খুৱাই গ'ল !

হাতত কলম লৈ ৰঙা চিয়াঁহীৰে

লিখিলো -

মানুহৰ ইতিহাসত ৰাজ বহুৱাৰ স্হান নাই।



ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া

মো: নং ৯৪৩৫১৬১০০৫

Comments


bottom of page