বুদ্ধিজীৱিৰ উভয় সংকট
- ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া

- Dec 3, 2025
- 1 min read
যোৱাকালি স্বৰ্গদেৱে মোক
ৰাজ-দৰবাৰলৈ মাতি পঠাইছিল।
ৰজাঘৰীয়া বেংকত মোৰ মগজু
বন্ধকত থলে বহুত টকা দিব ।
প্ৰকৃততে মোৰ টকাৰ খুবেই
প্ৰয়োজন।
মোৰ সংসাৰত আছে ৰুগ্না পত্নী,
আৰু আছে চাৰিটাকৈ হাড়-ছাল
ওলোৱা এমাডিমা ল'ৰা-ছোৱালী।
মই মোৰ বিবেকক সুধিলো
কি কৰিলে ভাল হ'ব ?
বিবেকে কাণত ফুচফুচাই ক'লে-
মগজু বিক্ৰী কৰি চলিব খুজিলে,
শোঠ বেমাৰে লগ ল'ব,
পেট ভৰি ফুলি ঢোল যেন হ'ব ,
মন মগজু শুকাই শিয়ালমুৱা হ'ব ।
মোৰ বিবেকে দেখোন মোকেই
ভয় খুৱাই গ'ল !
হাতত কলম লৈ ৰঙা চিয়াঁহীৰে
লিখিলো -
মানুহৰ ইতিহাসত ৰাজ বহুৱাৰ স্হান নাই।
ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া
মো: নং ৯৪৩৫১৬১০০৫





Comments