top of page

জুই

Updated: Feb 3


তুমি সিহঁ‌তক বীৰ্য দিছা

কেতিয়াবা ৰুটি

তাতেই তোমাৰ  অতপালি।

আৰু বীৰ্যও দিয়া বুলি ক'ব নোৱাৰি

ই টো তোমাৰ কেৱল পাশবিকতাৰ 

অৱশ্যাম্ভবী পৰিণাম।

 

ৰুটীটো তোমাৰো পেটৰ দাবী

তুমি কি ভাবা 

বীৰ্য আৰু ৰুটীৰেই

মানুহ জীয়াই থাকিব পাৰি?

পাৰিনে জীৱন জীয়াব?

 

প্ৰশ্নবোৰ মোৰ আছিল কাহানিবা

মোৰ অজানিতে সি শুলে

সেই তেতিয়াৰ পৰাই সভ্যতা এটিও গজিছিল

কাঠফুলাৰ দৰে

আকাশমুখী ঘৰ অথবা বন্দুক বাৰুদ মিছাইল

 পাৰমাণবিক বোমাৰ সভ্যতা।

 

প্ৰশ্নবোৰ এতিয়া সাৰ পাইছে

প্ৰতিগৰাকী সদ্য পুস্পিতা কুমাৰী আৰু গোফ থুকিওৱা কিশোৰৰ ওঁ‌ঠত।

সিহঁতৰ কলমবোৰত

প্ৰশ্নবোৰে জীপ লৈছে

বাৰিষাৰ বাৰীঢাপৰ জিকাগুটিবোৰৰ নিচিনাকৈ।

প্ৰশ্নটোবোৰে উম লৈছে সিহঁতৰ চকুৰ ফিৰিঙতিত

পুহৰ গোৱৰ সোথাৰ জুইকুৰাৰ কাষত

যেনেকৈ উম লয় শিশু আৰু বৃদ্ধবোৰে।

 

প্ৰশ্নবোৰ ফুলিব ধৰিছে 

ফাগুনৰ আকাশমুখী শিমলু ফুলৰ দৰে।

প্ৰশ্নবোৰে মেলি দিছে আকুল হাতবোৰ

প্ৰশ্নবোৰ শিপাইছে বুকুৰ পৰা বুকুলৈ

উজাইছে বুকুৰ পৰা ওঁ‌ঠলৈ।

 

আপাতত সাধাৰণ যেন লাগিলেও

প্ৰশ্নবোৰ অৱধাৰিত আৰু ভয়ংকৰ।

প্ৰশ্নবোৰে

দগমগীয়া  জুই একুৰাৰ  নিশ্চিত সম্ভাবনাৰ স্বাক্ষৰ

বহন কৰিছে।

আৰু--

 

জুইকুৰাই তোমাৰ বীৰ্যবোৰ পুৰি ছাই কৰিব পাৰে

ৰচিবলৈ নৱ সভ্যতা

মানবিক।

 

প্ৰীতিমণি দাস

মো:নং- ৮৬৩৮১ ৮১১৪৬

Comments


bottom of page