top of page

লুইতৰ সুৰীয়া সুবাস

Updated: Feb 3

 (শিল্পী দিৱস উপলক্ষে) 

                                          

সেয়া এক কালজয়ী যাত্ৰা,

যি যাত্ৰাত তুমি দিলা পোহৰৰ বৰ্ণমালা।

লুইতৰ পাৰত বহি তুমি আঁকিছিলা

এটি জাতিৰ সপোনৰ ৰামধেনু,

য'ত সাতুৰি-নাদুৰি জিলিকি উঠিছিল

আই অসমীৰ তেজস্বী মুখখনি।

 

তুমি দিলা সুৰৰ মূৰ্চ্ছনা,

ভাষাৰ অলংকাৰ আৰু কৃষ্টিৰ দাপোণ।

অন্ধকাৰৰ বুকুত তুমি সিঁচিলা

জ্যোতিৰ জ্যোতিষ্মান অক্ষয় বীজ,

যাৰ সুবাসত আজিও জিপাল হয়—

আমাৰ সমাজ, আমাৰ কৃষ্টি, আমাৰ মন।

 

অ' তিনিও কালৰ,কালজয়ী শিল্পী,

তোমাৰ লেখনীৰ প্ৰতিটো শব্দত

আজিও জাগি উঠে বিপ্লৱী সত্তা।

তোমাৰ সুৰত ধ্বনিত হয়

একতা আৰু মানৱতাৰ গান।

তুমি কেৱল এজন ব্যক্তি নাছিলা,

তুমি আছিলা এটা যুগ—

এটি জাতিৰ পুনৰুত্থানৰ নীৰৱ সাক্ষী।

 

আজি এই পবিত্ৰ শিল্পী দিৱসত,

তোমাৰ স্মৃতিত শ্ৰদ্ধাৰে কৰোঁ নতশিৰ।

তোমাৰ সৃষ্টিৰ সুবাসেৰে

যুগে যুগে জীয়াই থাকক

আমাৰ চেনেহী অসমীৰ আকাশ-বতাহ

প্ৰণাম জনালোঁ তোমাক, হে ৰূপকোঁৱৰ ।

                         

 

নিপু কুমাৰ দাস

কাজিপাৰা,নলবাৰী 

মো:নং:    ৭০০২৩২৭৮০৫

Recent Posts

See All
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page