top of page

লুইতৰ সুৰীয়া সুবাস

Updated: Feb 3

 (শিল্পী দিৱস উপলক্ষে) 

                                          

সেয়া এক কালজয়ী যাত্ৰা,

যি যাত্ৰাত তুমি দিলা পোহৰৰ বৰ্ণমালা।

লুইতৰ পাৰত বহি তুমি আঁকিছিলা

এটি জাতিৰ সপোনৰ ৰামধেনু,

য'ত সাতুৰি-নাদুৰি জিলিকি উঠিছিল

আই অসমীৰ তেজস্বী মুখখনি।

 

তুমি দিলা সুৰৰ মূৰ্চ্ছনা,

ভাষাৰ অলংকাৰ আৰু কৃষ্টিৰ দাপোণ।

অন্ধকাৰৰ বুকুত তুমি সিঁচিলা

জ্যোতিৰ জ্যোতিষ্মান অক্ষয় বীজ,

যাৰ সুবাসত আজিও জিপাল হয়—

আমাৰ সমাজ, আমাৰ কৃষ্টি, আমাৰ মন।

 

অ' তিনিও কালৰ,কালজয়ী শিল্পী,

তোমাৰ লেখনীৰ প্ৰতিটো শব্দত

আজিও জাগি উঠে বিপ্লৱী সত্তা।

তোমাৰ সুৰত ধ্বনিত হয়

একতা আৰু মানৱতাৰ গান।

তুমি কেৱল এজন ব্যক্তি নাছিলা,

তুমি আছিলা এটা যুগ—

এটি জাতিৰ পুনৰুত্থানৰ নীৰৱ সাক্ষী।

 

আজি এই পবিত্ৰ শিল্পী দিৱসত,

তোমাৰ স্মৃতিত শ্ৰদ্ধাৰে কৰোঁ নতশিৰ।

তোমাৰ সৃষ্টিৰ সুবাসেৰে

যুগে যুগে জীয়াই থাকক

আমাৰ চেনেহী অসমীৰ আকাশ-বতাহ

প্ৰণাম জনালোঁ তোমাক, হে ৰূপকোঁৱৰ ।

                         

 

নিপু কুমাৰ দাস

কাজিপাৰা,নলবাৰী 

মো:নং:    ৭০০২৩২৭৮০৫

Recent Posts

See All
জীৱন জীৱন নহয় কিয়?

এতিয়া জীৱন বুলিনো কি আছে কেৱল খাই বৈ জীয়াই থাকিলে কি জীৱন? এতিয়া ইয়াত প্ৰতিটো পুৱাতেই আৰাম্ভ হয় বিষয় সুখৰ দৌৰ , তথাপিচোন শূন্যতাই লগ এৰা নাই মানুহক! মন্দিৰ মছজিদ সকলোতে মানুহৰ ভিৰ , অথচ ৰসাল নহয

 
 
 
ভীষ্ম: যুগৰ শিলত খোদিত এটা শপত

তেওঁ দ্যু এটা প্ৰাচীন শাপৰ গধুৰ বোজা কান্ধত লৈ গংগাৰ নীৰৱ চকুলোৰে তিতি মৰ্ত্য চুবলৈ আহিছিল যি। সাতজন ককাই মুক্তিৰ পাখি মেলি উৰি গ’ল জন্মৰ দুৱাৰেদি আৰু তেওঁ ৰৈ গ’ল পূৰ্বকৰ্মৰ এক অসমাপ্ত হিচাপ মিলাবলৈ।

 
 
 
শব্দ কিমান সীমাবদ্ধ

কুঁৱলীৰে ঢাক খোৱা পথাৰখনত এজাক ধুমুহাই মোক খুন্দিয়াই যায় কঁপি উঠে মোৰ হৃদয় এটা শব্দৰ সন্ধানত । তৰা-ভৰা আকাশৰ তলত জোনাকী পৰুৱাই আলোকিত কৰা পথাৰখনত নীৰৱে খোজ কাঢ়ি আহে কিছুমান শব্দ । শব্দ মোৰ অনুগত ত

 
 
 

Comments


bottom of page