top of page

জীৱন জীৱন নহয় কিয়?

এতিয়া জীৱন বুলিনো কি আছে

কেৱল খাই বৈ জীয়াই থাকিলে কি জীৱন?

এতিয়া ইয়াত প্ৰতিটো পুৱাতেই আৰাম্ভ হয়

বিষয় সুখৰ দৌৰ ,

তথাপিচোন শূন্যতাই লগ এৰা নাই মানুহক!

মন্দিৰ মছজিদ সকলোতে মানুহৰ ভিৰ ,

অথচ ৰসাল নহয় কিয়

মানুহৰ এই নীৰস জীৱন ?

এতিয়া ধোঁৱা -ছাই গুলিৰ পৃথিৱীত

কাৰণ সতেনো কথা পাতো

এক বিশ্বাস ভৰা মনেৰে ,

ক'ত বাৰু বিচাৰি পাম

জীৱনৰ শইচ সেউজ বাট ?

যি বাটেৰে গৈ থাকিলে বিচাৰি পাম

মানুহৰ মৰম ভালপোৱা

আৰু

বিশ্বাসৰ ওমাল খবৰ ,

যি খবৰে জীপাল কৰি তুলিব হৃদয় মনক ,

জীৱন কৰি তুলিব শাওনৰ গাভৰু পথাৰ দৰেই ছন্দময় আৰু সতেজ ।


ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া

নগাঁও, অসম

দূৰভাষ নং ৮৮৭৬৬ ৮২৪৮০ 

Recent Posts

See All
ভীষ্ম: যুগৰ শিলত খোদিত এটা শপত

তেওঁ দ্যু এটা প্ৰাচীন শাপৰ গধুৰ বোজা কান্ধত লৈ গংগাৰ নীৰৱ চকুলোৰে তিতি মৰ্ত্য চুবলৈ আহিছিল যি। সাতজন ককাই মুক্তিৰ পাখি মেলি উৰি গ’ল জন্মৰ দুৱাৰেদি আৰু তেওঁ ৰৈ গ’ল পূৰ্বকৰ্মৰ এক অসমাপ্ত হিচাপ মিলাবলৈ।

 
 
 
শব্দ কিমান সীমাবদ্ধ

কুঁৱলীৰে ঢাক খোৱা পথাৰখনত এজাক ধুমুহাই মোক খুন্দিয়াই যায় কঁপি উঠে মোৰ হৃদয় এটা শব্দৰ সন্ধানত । তৰা-ভৰা আকাশৰ তলত জোনাকী পৰুৱাই আলোকিত কৰা পথাৰখনত নীৰৱে খোজ কাঢ়ি আহে কিছুমান শব্দ । শব্দ মোৰ অনুগত ত

 
 
 
জোনাক

আবেগৰ ঢৌত শীতৰ সুগন্ধি জোনাক ঘঁহা পানীত এৰি থৈ আহিলোঁ পুৰণি বাস্তৱ আশাৰ আঁচল সন্ধিয়াৰ সুৱাসে ৰাতিটো শেষ নোহোৱালৈকে কবিতাৰ সৈতে কথা পাতে হৃদয় জুৰাই পুৱাৰ পোহৰত নাঙঠ সপোনবোৰে কলিজাৰ সৈতে মিতিৰালি কৰে দু

 
 
 

Comments


bottom of page