top of page

শব্দ কিমান সীমাবদ্ধ

কুঁৱলীৰে ঢাক খোৱা পথাৰখনত

এজাক ধুমুহাই মোক খুন্দিয়াই যায়

কঁপি উঠে মোৰ হৃদয়

এটা শব্দৰ সন্ধানত ।


তৰা-ভৰা আকাশৰ তলত

জোনাকী পৰুৱাই আলোকিত কৰা পথাৰখনত

নীৰৱে খোজ কাঢ়ি আহে

কিছুমান শব্দ ।


শব্দ মোৰ অনুগত

তথাপিও সিহঁতে

কঢ়িয়াব নোৱাৰে

হৃদয়ৰ প্ৰতিটো স্পন্দন ।


আকাশখন জানো

ঘৰৰ চাৰি সীমাৰ ভিতৰত বন্দী কৰিব পাৰি!

তেন্তে বুকুৰ নিভৃত কোণত লুকাই থকা

অনুভৱৰ সাগৰখন

কেনেকৈ শব্দত ধৰি ৰাখোঁ?


শব্দই আঁকে

প্ৰেম ,ভালপোৱা, বিৰহ,যন্ত্ৰণাৰ

অজস্ৰ ছবি

শত্রু-মিত্ৰৰ হৃদয়ৰ ভাষাও

নিৰৱে বুটলি আনে।


কৰ্তব্য, দায়িত্ব, নিয়ম, যুক্তি—

এই শব্দবোৰ শিলৰ দৰে গধুৰ

উপেক্ষা কৰিব নোৱাৰি

বুকুত সাৱটি ৰখাটোও সহজ নহয় ।


সময়, দূৰত্বৰ সীমা পাৰ হৈ

শব্দবোৰে এদিন

মোক এৰি বহুদূৰলৈ গুচি যায়

ৰৈ যায় মাথোঁ

অস্পৰ্শ ভালপোৱাৰ কিছু অনুভৱ ।

মাতৃৰ স্পৰ্শ, পিতৃৰ নীৰৱ ত্যাগ

বন্ধুত্বৰ অকৃত্ৰিম বিশ্বাস

এইবোৰৰ ব্যাখ্যা অভিধানত নাথাকে

কেতিয়াবা মৌনতাই লিখি থয়

হৃদয়ৰ দীঘল কবিতা

য'ত শব্দ কেৱল শ্ৰোতা হৈ ৰয়।


পাহাৰীয়া নৈ এখনৰ

উচ্ছ্বাস, সোঁত আৰু গভীৰতা

এটা কলমৰ চিয়াঁহীত ধৰা নপৰে,

লিখিবলৈ বহিলেহে অনুভৱ হয়—

মানুহৰ হৃদয়ৰ বিশালতাৰ তুলনাত

শব্দ যে কিমান সীমাবদ্ধ !


জ্যোতিকা বৰা

কামপুৰ, নগাঁও।

দূৰভাষ নং ৭৬৩৮০ ১১৫৮৩

Recent Posts

See All
জোনাক

আবেগৰ ঢৌত শীতৰ সুগন্ধি জোনাক ঘঁহা পানীত এৰি থৈ আহিলোঁ পুৰণি বাস্তৱ আশাৰ আঁচল সন্ধিয়াৰ সুৱাসে ৰাতিটো শেষ নোহোৱালৈকে কবিতাৰ সৈতে কথা পাতে হৃদয় জুৰাই পুৱাৰ পোহৰত নাঙঠ সপোনবোৰে কলিজাৰ সৈতে মিতিৰালি কৰে দু

 
 
 
শব্দৰ জোনাক

কেতিয়াবা শুনিছানে জোনাকৰ মাত ? মই শুনিছোঁ ... যাৰ আগমনত মোৰ হৃদয়ৰ কাৰেংত জোনাক সৰে , নিশব্দে নামি আহে জোনাক বুকুলৈ , কয় .... সাৱটি লোৱা মোক ভাল পাওঁ বুলি কৈ ! মই কওঁ .... তুমিতো জানাই বুকুত থকা প্ৰেম

 
 
 
অপৰাজয়

বটগছৰ দৰে শিপা মেলিব খোজোঁ মই, ধুমুহাই আহিলেও মাটি এৰি নাযাওঁ। পাহাৰৰ দৰে স্থিৰ হৈ ৰ'ব খোজোঁ, সময়ে যিমানেই মোক খহাব খোজক। কিছুমান শব্দ তৰোৱালতকৈও ধাৰাল, সেই শব্দই মোৰ সাহসক ক্ষত-বিক্ষত কৰিব খোজে। কিন

 
 
 

Comments


bottom of page