অপৰাজয়
- যশ গৌৰৱ বৰদলৈ

- 1 day ago
- 1 min read
বটগছৰ দৰে শিপা মেলিব খোজোঁ মই,
ধুমুহাই আহিলেও মাটি এৰি নাযাওঁ।
পাহাৰৰ দৰে স্থিৰ হৈ ৰ'ব খোজোঁ,
সময়ে যিমানেই মোক খহাব খোজক।
কিছুমান শব্দ তৰোৱালতকৈও ধাৰাল,
সেই শব্দই মোৰ সাহসক ক্ষত-বিক্ষত কৰিব খোজে।
কিন্তু মই জানো— শব্দই ক্ষত দিব পাৰে,
সপোন কেতিয়াও হত্যা কৰিব নোৱাৰে।
মোৰ ভিতৰত এটি নদী বৈ আছে, শিলত খুন্দা খায়, তথাপিও সাগৰ বিচাৰি আগবাঢ়ে।
মই ভাঙিব পাৰোঁ, নত হ'ব পাৰোঁ,
কিন্তু মই শেষ নহওঁ।
কাৰণ মোৰ অস্তিত্ব আনৰ স্বীকৃতিত নহয়,
মোৰ বিশ্বাসত।
মোৰ পৰিচয় আনৰ কণ্ঠত নহয়,
মোৰ কৰ্মত।
যিমানেই আন্ধাৰে মোক ঢাকিব খোজক,
মোৰ বুকুত এটি সূৰ্য সদায় জ্বলি থাকে।
সেই সূৰ্যৰ পোহৰতেই মই লিখি যাম
মোৰ ইতিহাস—পৰাজয়ৰ নহয়, সংগ্ৰামৰ।
হেৰুৱাৰ নহয়, আকৌ উঠি থিয় হোৱাৰ।
কাৰণ মই মাথোঁ জীয়াই থকা মানুহ নহয়—
মই মোৰ সপোনৰ অদম্য প্ৰহৰী।
যশ গৌৰৱ বৰদলৈ
নগাঁও বিশ্ববিদ্যালয়
নগাঁও, অসম


Comments