top of page

নহ'লে সকলো ডুবি মৰিবা

( শিল্পী- সৈনিক বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ সোঁৱৰণত )


নুশুনাও তোমাক আৰু এলাহ,ভাগৰৰ গান

সংকল্প ল'লো আজি মই মৃত্যুশপত খাই ,

তোমাৰ আদৰ্শ লৈয়েই আইৰ মুখ উজলাম

ককাইদেউ, বিকল্প মই একো দেখা নাই।


ঐক্য- সম্প্ৰীতিৰে চিৰ জ্যোতিস্মান অসমখন

এতিয়া আৰু তোমাৰ অসম হৈ থকা নাই ,

কোঁচ,কলিতা, মিচিং, মিকিৰ,লালুং, কছাৰী

সকলো ককাই- ভায়েই হ'লচোন ঠাই ঠাই।


বহুদিনেই বাগৰি গ'ল বড়ো সকল আঁতৰি যোৱাৰ

আকৌ আত্মনিয়ন্ত্ৰণ বিছাৰিছে কোঁচ সকলে,

কাৰ্বিসকলে অসমীয়া নহওঁ বুলি নিজকে ঘৃণিছে

কলিতা সকলে স্বাধিকাৰৰ ৰণ কৰিছে অকলে।


নব্য অসমীয়া জাতীয়তা বাদৰ কি দিম সংজ্ঞা

ভাই-ভাইৰ মাজতেই কৰি আছে ৰণ ,

পথাৰ বজাৰ সকলোতে বিদেশীহঁত একছত্ৰী

খিলঞ্জীয়াৰ আছে মাথোঁ মুখ খন।


অৰুণাচলী ভাইহঁতে অসমীয়াক কৰে ঘৃণা

নগা সকলে অসমীয়াৰ ঘৰত দিয়ে জুই ,

তথাপিও অসমীয়াৰ অকনো কাণষাৰ নাই

সৰ্বদা নিচিন্তে নিৰৱে আছে মাথোঁ শুই।


পাহৰিলোহঁক অসমৰ অতীত গৌৰৱ গাথা

বেলি মাৰ যোৱা অৱস্থা জাতীয় সংস্কৃতিৰ,

পৰৰ সংস্কৃতিক শ্ৰদ্ধাৰে আঁকোৱালি লৈছোঁ

বহতীয়া হ'লো বিজতৰীয়া অপসংস্কৃতিৰ।


কোনটো নাক লৈ আজি তোমাৰ বন্দনা কৰোঁ

আমাক কি বুলিনো তুমি আশীৰ্বাদ কৰিবা ,

ককাইদেউ ,সৰগৰ পৰাই আকৌ এবাৰ কোৱা

এক হোৱা, নহ'লে সকলো ডুবি মৰিবা।


হৰেন চন্দ্ৰ কলিতা

বটদ্ৰৱা, বৰহিছা

নগাওঁ (অসম)

দূৰভাষ নং ৬০০০১৮৭৫৬২



Recent Posts

See All
সুখৰ সন্ধানত

সুখবোৰ কৰবাত কিনিব পৰা হলে কাঁইটীয়া পথটোৱেদি গৈ দুভৰি তেজাল কৰি আঁচল ভৰাই আজুৰি অনিলোঁ হয় তোৰ বাবে সুখবোৰ ...!! দুখৰ বিনিময়ত সুখবোৰ কৰবাত বন্ধক দিব পৰা হলে মোৰ কলিজা দি উশাহবোৰ ভগাই ললোঁ হয় !! তথা

 
 
 
মানুহ আৰু ঘৰ

মানুহৰে ভৰি থকা ঘৰখন আজি উদং হ'ল সকলো নিজক লৈ ব্যস্ত দুৱাৰত ওলমি আছে তলা । কাৰো হাতত সময় নাই কৰ্তব্যৰ দোহাই দি ভৱিষ্যত সুৰক্ষাৰ সন্ধানত মানুহে সপোনৰ সৈতে সখি পাতিছে । জোনাকৰ কোমল পোহৰ বিচাৰি ধোঁৱা -

 
 
 

Comments


bottom of page