এটি পুৱাৰ অপেক্ষাত
- উপমা মজুমদাৰ

- Jun 22
- 15 min read
নদীৰ পাৰত সূৰুযৰ উজ্জ্বল হালধীয়া পোহৰ ক্ৰমে ম্লান হৈ আহিব ধৰিছে । নদীৰ পাৰত থকা গছবোৰৰ পাত বোৰ ৰ'দৰ সোণোৱালী পোহৰত উজ্বলি উঠিছে । দিনৰ আহাৰ সন্ধানী পক্ষীকুলে বিদায়ৰ আগমুহুৰ্তত কৰা চিঞৰ-বাখৰবোৰে নদীৰ পাৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছে । পাৰ্থিৱে ভাবিলে কিছু সময়ৰ পাছত নদীখন স্তদ্ধ হৈ পৰিব । অসংখ্য আত্মলীন জলজ জীৱৰ মাজত নদীখন নিস্তব্ধ নিৰ্বিকাৰ হৈ তাৰ অস্তিত্বক বজাই ৰাখিব । এনেদৰেই নদীবোৰে বছৰ বছৰ ধৰি একোটা অঞ্চলত নদী-মাটি-ঘাম-তেজৰ মিশ্ৰণত গঢ় লৈ উঠা জীৱন, সমাজ আৰু মানুহবোৰে বুটলি লোৱাৰ আশা-নিৰাশাৰ সাক্ষী হৈ থাকে।
পাৰ্থিৱে একেথৰে নদীখনলৈ চালে । হয় , নদীয়ে কোনো কালে সময়ক আৱদ্ধ কৰি ৰখাৰ পাঠ নিদিয়ে । ই মানুহক শিকায় বুকুত থকা সকলো দুখ সময়ৰ সোঁতত এৰি দি জীৱনটো গতিশীল কৰি তুলিবলৈ । হঠাতে তাৰ মনলৈ আহিল সি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছে নেকি ? তাৰ বুকুখন হঠাতে দুৰুদুৰুকৈ কঁপি উঠিল । বুকুখন গধূৰ গধূৰ লাগিল । সি দীঘলকৈ উশাহ টানিলে । অলপ পাতল লাগিল । সি সেউজীয়া জলজ বিস্তাৰৰ কোমল অনুভৱৰ মাজত ডুব গ'ল ।
" কি ভাবি আছা ? বেলি ডুবিবৰে হ'ল । উভতি নোযোৱা নেকি ? "‐---নদীৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যত আৱিষ্ট হৈ থকা পল্লবীয়ে নিস্তব্ধতা ভংগ কৰি কোৱা কথাষাৰত পাৰ্থিৱ জলগৰ্ভৰ পৰা ভূমিতললৈ উঠি আহিল । সি পল্লৱীলৈ চালে । অস্তপ্ৰায় সূৰুযৰ সোণোৱালী আভা পল্লবীৰ মুখমণ্ডলত পৰাত সুন্দৰী পল্লৱীজনী স্বৰ্গৰ পৰী যেন হৈ পৰিছে । সি বিমোহিত হৈ তাইলৈ চালে ।
" কোনো দিনে নেদেখাৰ দৰে মোলৈ এনেদৰে চাইছা যে!"---অৰ্ধসমাপ্ত তিৰবিৰাই থকা চকুহালিয়ে লাজলাজকৈ পাৰ্থিৱলৈ চাই পল্লবীয়ে ক'লে ।
"তুমি সঁচাকৈয়ে বৰ ধুনীয়া পলি ।"---পাৰ্থিৱৰ কথাত আত্মসন্তুষ্টিৰ প্ৰকাশ ।
"হ'ব হ'ব এতিয়া ৰূপ বখানি থাকিব নালাগে । ব'লা আমি ওভতো । বেছি দেৰি হ'লে হোষ্টেল ছুপাৰক কৈফিয়ত দি দি ভাগৰি পৰিব লাগিব ।"
পাৰ্থিৱ আৰু পল্লবীৰ পৰিচয় হোৱা মাত্ৰ দুবছৰ পাৰ হৈ গৈছে । পাৰ্থিৱ বিশ্ববিদ্যালয়ত এম এছ চি পঢ়ি আছে আৰু পল্লৱী বি, এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী । সিহঁত দুয়ো হোষ্টেল নিৱাসী । এই দুবছৰে যে সিহঁতে কিমান কথা পাতিছে ! কথা পাতি থাকিলেও যেন হেঁপাহ নপলায় । বৰঞ্চ দিনে দিনে হেঁপাহবোৰ বাঢ়িহে যায় । দিন যোৱাৰ লগে লগে দুয়োৰো হিয়াত জাগি উঠিল দুয়ো দুয়োকে নিবিড়ভাৱে পোৱাৰ । সঁচাকৈয়ে নিজৰ কৰি পাবলৈ মনত যি আগ্ৰহৰ সৃষ্টি হয়, সেয়া স্বৰ্গীয় অনুভূতি । পোৱা নোপোৱাৰ দোমোজাত প্ৰতিটো ক্ষণ পাৰ কৰি থকাটো হয়তো প্ৰেম । কেতিয়া যে কাৰ লগত এই প্ৰেম হৈ যায় ধৰিবকে নোৱাৰি ।
এইখিনি সময়তে পাৰ্থিৱে তাৰ সকলো কথা পল্লবীক খুলি কৈছে । তাৰ ঘৰৰ আৰ্থিক অৱস্থা , তাৰ অতীত কাহিনী , তাৰ কিছুমান দোষ , সিহঁত দুখীয়া হোৱাৰ বাবে ভোগা তাৰ হীনমন্যতা, ধনী হোৱাৰ অভিলিপ্সা আদি কথাবোৰ সি তাইৰ আগত দ্বিধাহীনভাৱে ব্যক্ত কৰিছে । সি কোনো কথাকে তাইৰ আগত লুকুওৱা নাই আৰু পল্লবীয়েও সম্ভৱত তাক ভালদৰে বুজিব পাৰিছিল । পাৰ্থিৱৰ সৰলতা , স্পষ্টবাদিতা , আন্তৰিকতাত পল্লবীৰ অন্তৰত আত্মবিশ্বাস গঢ়ি উঠিছিল ।
পঢ়া-শুনাত পাৰ্থিৱ চোকা বুদ্ধিৰ আছিল । স্বাস্থ্যবান , আকৰ্ষণীয় , হাঁহিমুখীয়া আৰু তাৰ চকুত একধৰণৰ আনন্দৰ উচ্ছাস । পল্লবী মৰমলগা ,চকুত এক গভীৰতা । কলেজ সমাৰোহৰ এক সাংস্কৃতিক সন্ধিয়াত সুগায়িকা পল্লবীয়ে গান গাওঁতে তবলা সংগত কৰিছিল পাৰ্থিৱে । তেতিয়াৰ পৰাই সিঁহতৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল । লাহে লাহে পাৰ্থিৱৰ ছন ধৰি থকা হৃদয়খনত প্ৰেমৰ কুঁহিপাত মেলিছিল । এদিন কেনেকৈ পাৰ্থিৱৰ আৱেগভৰা প্ৰেম সি তাইৰ আগত নিবেদন কৰিছিল সি বৰ্তমান স্মৰণ কৰিব নোৱাৰে । তাৰ প্ৰেম নিবেদনৰ মুহূৰ্তত পল্লবীৰ চকু দুটা তিৰবিৰাই উঠিছিল । গাল দুখন ৰঙা হৈ পৰিছিল । তাৰ পাছৰে পৰা প্ৰকৃতিৰ সেউজীয়া , বতৰৰ বহুৰঙী ফুলৰ মাজত , বন্ধহীন মনৰ দিগন্তত সিহঁতৰ প্ৰাপ্তি আৰু প্ৰতিশ্ৰুতিৰ স্বপ্নৰ আনন্দৰ জোৱাৰ উঠিল ।
দুবছৰৰ ৰঙীন কোমল মুহূৰ্তবোৰ স্মৃতি হৈ থাকিবলৈ দি। পাৰ্থিৱ আৰু পল্লবীয়ে বাস্তৱ জীৱনৰ মুখামুখি হবলৈ ইচ্ছা কৰিলে । তেনে সময়তে পল্লবীৰ ঘৰৰ মানুহে হেঙাৰ দিলে । পল্লবীৰ মাক- দেউতাকে পাৰ্থিৱৰ ঘৰৰ লগত তেওঁলোকৰ ষ্টেটাছ নিমিলে বুলি এই বিয়াত ঘোৰ আপত্তি দৰ্শালে ।
পাৰ্থিৱ , পল্লবীৰ উপায় নোহোৱা হ'ল । সিহঁতে অশান্তিত দিন নিয়ালে । লুকাই চুৰকৈ সুযোগ লৈ সিহঁত পৰ্যালোচনাত বহিল ।অৱশেষত সিহঁতে নিজাকৈয়ে এখন সংসাৰ কৰাৰ প্ৰস্তুতি চলালে । ইতিমধ্যে পাৰ্থিৱে এম, এছ, চি পাছ কৰি কোম্পানীৰ চাকৰি এটাত সোমাইছে । পল্লবীয়েও বি,এ পাছ কৰি সৰু চাকৰি এটা পালে । সিহঁতে ভাড়াঘৰ এটা বিচাৰিলে । ঘৰ পোৱা সহজ কথা নহয় । প্ৰায়ভাগ ক্ষেত্ৰতেই কিবা নহয় কিবা অজুহাতত সিহঁত প্ৰত্যাখ্যাত হৈছে । শেষত গৈ সিহঁতে মনে বিচৰা ঘৰ এটা পালে । উত্তৰমুৱা তিনিটা কোঠাৰ । ঘৰটোৰ মালিক এজন চৰকাৰী বিষয়া । অতি বুদ্ধিমান আৰু মৰমীয়াল মানুহ । তেওঁলোক কাষৰ কোঠাবোৰত থাকে । পৰিয়ালটোৰ ভিতৰত আছে তেওঁৰ স্ত্ৰী, ল'ৰা-ছোৱালী আৰু এজনী কামকৰা ছোৱালী । ঘৰৰ পৰিবেশ শান্ত ।
সেই সৰু ভাড়াঘৰটোৰ ভিতৰত অকণমান এখন স্বৰ্গ ৰচিলে পাৰ্থিৱ আৰু পল্লবীয়ে । মিঠা পৰিবেশৰ মাজত । কম উপাৰ্জনৰ টকাৰে কম দামী প্ৰয়োজনীয় আচবাবেৰে ঘৰটোক নিয়াৰিকৈ সজাই তুলিলে । সৰু সৰু টাবত নানা ধৰণৰ ফুল আৰু ৰংচঙীয়া পাতৰ গছ । সকলোতে এখন মৰমী হাতৰ পৰশ সুস্পষ্ট ।
পল্লবী অফিচৰ পৰা পাৰ্থিৱতকৈ অলপ সোনকালে আহি ঘৰ সোমায় । তাই পাৰ্থিৱ অহালৈ অপেক্ষা কৰে । তাৰ পাছত দুয়ো একেলগে বহি চাহ খায় , ইটোৱে সিটোলৈ চায়, হাঁহি হাঁহি কথা পাতে । এনেদৰেই বহুবাৰ পঢ়া কিতাপৰ দৰেই দুয়োৰে দুয়োৰ দেহ- মন আৰু আত্মাক বুজিব পৰা হৈ যায় ।দিনবোৰ আগবাঢ়ে । দিন যোৱাৰ লগে লগে পল্লবী পাৰ্থিৱৰ চকু্ত বৰ মোহনীয় হৈ আহিবলৈ ধৰিলে । তাই কি ভাল পায় মন বুজি ঘৰলৈ আনি তাইৰ সন্মুখত আনি ৰাখিবলৈ যত্ন কৰিলে ।
সি পল্লবীক কৈছিল --" এইটো সঁচা যে ভালপোৱাক প্ৰতিটো মুহূৰ্ততে নতুন কৰি লবই লাগিব , ইয়াত ক্ৰমবিকাশমান হ'বই লাগিব, সৃষ্টি কৰিবই লাগিব ।" পল্লবীয়ে মুখেদি একো নামাতি পাৰ্থিৱলৈ চাই মাথো হাঁহে । আপ্লুত হয় । তাৰ মাজতে কেতিয়াবা সৰুসুৰা সৰল অভিনয় , অলপ বাক্-বিতণ্ডা , তাৰ পিছতেই আকৌ মধুৰ আস্বাদন ।
কিছুদিনৰ পিছত ভাড়াঘৰৰ মালিকৰ প্ৰেৰণা, পল্লবীৰ সদিচ্ছা , সহানুভূতি আৰু পাৰ্থিৱৰ উচ্চাকাঙ্ক্ষী মনৰ জোৰতে এদিন সি প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য হৈ চৰকাৰী এটা উচ্চপদত নিযুক্তি লাভ কৰিলে । কিমান যে আনন্দৰ বতৰা হৈ পৰিল সিহঁতৰ কাৰণে ।মধুৰ মধুৰ সুৰৰ মিঠা মিঠা কথাৰে, মিঠা অভিমানেৰে সিহঁতৰ যুগ্ম জীৱনৰ ছন্দ এক সাৱলীল গতিৰে আগবাঢ়িবলৈ
ধৰিলে ।তিনি-চাৰি বছৰৰ ভিতৰতে চহৰৰ মাজমজিয়াত মাটি লৈ সিহঁতে এটা আহল-বহল ডাঙৰ অট্টালিকা সজাই ভাড়াঘৰৰ পৰা নিজৰ ঘৰলৈ আহিলে । গাড়ী ল'লে । বনকৰা মানুহ ৰাখিলে । সিহঁতৰ সংসাৰলৈ জাকে জাকে উৰি আহিল সুখবোৰ ।
হঠাতে এদিন পাৰ্থিৱে কোৱা কথা এষাৰত সিহঁতৰ সংসাৰখনলৈ আহিব ধৰা সুখবোৰত ঘূণে ধৰিবলৈ ধৰিলে---" পলি তুমি কৰি থকা চাকৰিটো এৰি দিয়া । এতিয়া আৰু তোমাৰ চাকৰিৰ প্ৰয়োজন নাই । বৰঞ্চ তুমি কৰি থকা চাকৰিটোৱে মোৰ বৰ্তমানৰ ষ্টেটাছ লাঘৱ কৰিছে ।"
শান্ত হৈ থকা সাগৰখন এজাক ধুমুহা বতাহত অস্হিৰ হৈ পৰাৰ দৰে পাৰ্থিৱৰ কথাষাৰত পল্লবী উদভ্ৰান্ত হৈ পৰিল । লগপোৱাৰে পৰা পাৰ্থিৱে তাইলৈ মৰা আঘাতৰ প্ৰথমপাত শৰ । তাইৰ আত্মসন্মানত আঘাত লাগিল । তাই ছটফটাবলৈ ধৰিলে । কৰ্মৰ কি সৰু-বৰ আছে । এই চাকৰিটো কৰি তাই সুখী । মনতে ভাবিলে তাই চাকৰিটো এৰিব নোৱাৰে ।
পাৰ্থিৱৰ কথা শুনি পল্লবীৰ হৃদয়ত আগ্নেয়গিৰিৰ উদ্গীৰণ হৈছিল যদিও জোৱাৰৰ আগমুহুৰ্তৰ সাগৰখনিৰ দৰে বাহিৰত শান্ত ভাৱ দেখুৱাই কোমল স্বৰেৰে ক'লে----"মোৰ চাকৰিটো বৰ্তমানত প্ৰয়োজনহীন হৈ পৰিছে যদিও নিজকে ব্যস্ত ৰাখিবৰ কাৰণেই মই চাকৰিটো কৰি থাকিব লাগিব । তাতে তুমিও আজিকালি আগৰদৰে সময় দিব নোৱাৰা হৈছা । সেয়ে কৰি থাকোঁ দিয়া ---সৰু হ'লেও চাকৰিটো ।"
"ঘৰটোত কৰিবলগীয়া বহুত কাম থাকে , সেইবোৰকে কৰিবা । মুঠতে তুমি চাকৰিটো এৰিব লাগিব ।"---পাৰ্থিৱে ভৎৰ্সনা কৰি উঠিল । বিব্ৰত পল্লবীয়ে তাক শান্ত কৰিবলৈকে উপায় নাপাই চাকৰিটো এৰাৰ সিদ্ধান্তকে গ্ৰহণ কৰিলে ।
আন এদিনৰ কথা । অফিচৰ পৰা দেৰিকৈ আহি ঘৰ সোমোৱা পাৰ্থিৱক পল্লবীয়ে উষ্মাৰে সুধিলে----"ইমান দেৰি কৰিলা ?" কোনোদিন টানকৈ কথা নোকোৱা পল্লবীয়ে খং আৰু ক্ষোভ মিশ্ৰিতভাৱে কোৱা কথাটোত পাৰ্থিৱে থতমত খালে ।
"অফিচৰ কাম আছিল ।"---- নিৰ্বিকাৰভাৱে উত্তৰ দিলে পাৰ্থিৱে ।
" অফিচ ছুটিৰ পিছত সদায় ইমান দেৰিলৈকে তোমাৰ কি কাম থাকে ?"---উভতি ধৰিলে পল্লবীয়ে ।
"মই অফিচৰ পৰা কেতিয়া আহোঁ, তাত কি কৰি থাকোঁ তুমি এইবোৰ কথা লৈ মূৰ ঘমাই নাথাকিবা । সুখ- স্বাচ্ছন্দ্যৰে জীৱন এটা কটাব পাৰিছা যে তাকে
ভাবিবা ।"-‐--পাৰ্থিৱে মুখেদি ভোৰভোৰাই পল্লবীৰ কথা আওকাণ কৰি নিজৰ কামত ব্যস্ত হৈ পৰিল ।
পল্লবীয়ে অনুভৱ কৰিলে ---আজি কালি পাৰ্থিৱ আগৰ দৰে হৈ থকা নাই । সি সলনি হ' বলৈ ধৰিছে । তাইৰ আবেগ- অনুভূতিৰ প্ৰতি তাৰ গুৰুত্ব কমি গৈছে । ঘৰৰ দামী দামী আচবাব কিনি , পল্লবীক দামী দামী উপহাৰ দি সি আত্মসন্তুষ্টি লভিছে । সি পদমৰ্যাদাৰ, প্ৰমোচনৰ প্ৰতিযোগিতাত নামি পৰিছে । তাৰ প্ৰতি আৰু এটা সন্দেহে পল্লবীৰ বুকুত বাহ লবলৈ ধৰিছে । কেৱল দৰমহাৰ টকাৰে কমদিনৰ ভিতৰতে কোনোবাই জানো ইমান সম্পত্তি কৰিব পাৰে ? আজিকালি কিছুমান কথা তাইক পাৰ্থিৱে নকয় । কিবা সুধিলেও আন কথাৰে আচল কথা লুকুৱাবলৈ বিচাৰে । এখন সংস্কৃতিপূৰ্ণ, সংস্কাৰী ঘৰৰ জীয়ৰী পল্লবীয়ে সদায় সৎ বুলি ভাবি থকা পাৰ্থিৱৰ প্ৰতি কিছুমান সন্দেহ তাইৰ মনলৈ নাহিলহেঁতেন যদি কিছুদিনৰ আগতে সিহঁতৰ ড্ৰয়িং ৰুমত দুজন মানুহৰ লগত পাৰ্থিৱৰ অফিচত খালী হৈ থকা কেইটামান পদৰ কাৰণে প্ৰাৰ্থীৰ পৰা চাকৰি দিয়াৰ খাতিৰত অসৎ উপায়েৰে টকা সংগ্ৰহ কৰাৰ কথাবোৰ নুশুনিলেহঁতেন । দুৰ্নীতি তাই বেয়া পায় । তাই উপলদ্ধি কৰে দুৰ্নীতিৰে ঘটা টকা মানুহে ভোগ কৰিব নোৱাৰে । দুৰ্নীতি কৰা মানুহৰ অৱস্থা কি হয় , টি ভি ৰ পৰ্দাত দেখিবলৈ পোৱা দৃশ্যই তাকে প্ৰমাণ কৰে । তাই আশংকাত ভোগে । পাৰ্থিৱক পাকে-প্ৰকাৰে তাই বুজাবলৈ চেষ্টা কৰে । কিন্ত্ত সি তাইৰ লগত বিভিন্ন যুক্তি দৰ্শাই তৰ্কাতৰ্কি কৰে । পল্লবীয়ে কথাবোৰ এৰি দিয়ে ।
সেইদিনা দেওবাৰ । আবেলি দুয়ো বাৰাণ্ডাত বহি কথা পাতি আছে । পল্লবীৰ মনটো আনন্দত উথলি আছে । কথাটো শুনিলে পাৰ্থিৱেও হয়তো আত্মহাৰা হৈ পৰিব । কিন্ত্ত তাই নিজৰ মানুহজনকো কথাটো ক' বলৈ লৈ লাজত ৰঙাচিঙা পৰি গৈছে----" দুমাহ হ'ল মোৰ মাহেকীয়া বন্ধ হৈছে । গাটোও অলপ ভাল লাগি থকা নাই ।"
কথাষাৰ কৈ পল্লবীয়ে পাৰ্থিৱলৈ চালে । সি নিৰ্বিকাৰ হৈ থাকিল । তাই ভাবিছিল কথাষাৰ শুনাৰ লগে লগে সি আনন্দত তাইক সাৱটি ধৰিব । কিন্ত্ত সি তেনেকুৱা একো নকৰিলে । মাথোঁ ক'লে---" নৰেন (সিহঁতৰ ড্ৰাইভাৰ) ক লৈ এবাৰ ডাক্তৰক দেখুৱাই আহিবাগৈ ।"
পাৰ্থিৱৰ ব্যৱহাৰত তাই ক্ষুণ্ণ হ'ল । সি কেনেকৈ ইমান হৃদয়হীন হ'ব পাৰিলে! তাইৰ চেতনাৰ জগতখন যেন আউল লাগি দুৰ্বোধ্য হৈ গৈছে । এটা হুমুনিয়াহ অজানিতেই তাইৰ বুকুৰ পৰা খহি পৰিল । পাৰ্থিৱৰ কথাই তাইক আঘাত দিলে যদিও হাঁহে পাখিৰে পানী কটালি দিয়াৰ দৰে তাইৰ মনলৈ আহিব ধৰা দুখটোক মনৰ পৰা জোকাৰি দিলে ।
তিনি মাহৰ পিছতে পাৰ্থিৱ আৰু পল্লবীৰ পঞ্চম বিবাহ-বাৰ্ষিকীৰ দিন আহিল । এই দিনটো পল্লবীয়ে ৰং-ৰহইচেৰে উদযাপন কৰি ভাল পায় । সেয়েহে আগদিনাই পল্লবীয়ে পাৰ্থিৱক মনত পেলাই দিলে---"কালিলৈ আমাৰ বিবাহ-বাৰ্ষিকীৰ দিন ।তুমি অফিচৰ পৰা ছুটী লবা । আমি কালিলৈ বাহিৰতে লান্স কৰি নৈৰ পাৰৰ ফালে যাম ।"
"হ'ব "----বুলি পাৰ্থিৱে শলাগিলে ।
পিছদিনাখন পুৱাৰ পোহৰে তাইক স্বাগতম জনালে । পুৱাৰ সূৰুযৰ ৰ'দ- কাঁচলিয়ে তাইৰ কোমল হিয়াখনত মায়াময় সোণালী ৰং সানি দিলে । যুগ্ম জীৱনৰ পাঁচটা বছৰ সিহঁতে পাৰ কৰিলে । মনৰ আনন্দতে ঘৰৰ ইটো সিটো কামৰ দিহা বনকৰা মানুহক তাই দি গ'ল । তাইৰ ওঁঠত এটা হাঁহি বিয়পি থাকিল ।
"সাজি কাচি ওলাইছা যে ক'লৈ যোৱা"---দহ বজাত কাপোৰ-কাণি পিন্ধি ওলোৱা পাৰ্থিৱক পল্লবীয়ে সুধিলে ।
"অফিচৰ কাম এটা ওলাল । অফিচৰ পৰা ফোন আহিছে । মই সোনকালেই আহিমগৈ । তুমি ওলাই থাকিবা ।"
পল্লবীয়ে দুপৰীয়াৰ এক বজাৰ আগে আগে আলমাৰিৰ পৰা ভাল লগা কাপোৰ এযোৰ উলিয়াই পিন্ধি উৰি ধুনীয়াকৈ সাজি -কাচি পাৰ্থিৱ অফিচৰ পৰা অহালৈ অপেক্ষা কৰি ৰ'ল । এক বাজি গ'ল , দুই বাজি গ'ল পাৰ্থিৱৰ কোনো খবৰেই নাই । পাৰ্থিৱলৈ তাই ফোন লগালে । " গৈ আছোঁ " বুলি কৈ পাৰ্থিৱে ফোনৰ সংযোগ কাটি দিলে । দুবাৰমান তাই তালৈ ফোন লগালে কিছু সময়ৰ অন্তৰে অন্তৰে । তাৰ উত্তৰ একেই । কিয় পাৰ্থিৱে এনে কৰিছে ! পাৰ্থিৱৰ কিবা ঘটনা ঘটা বুলি ভয়ো লাগিল পল্লবীৰ । অৱশ্যে তেনেকুৱা একো হ'ব নালাগে, কাৰণ ফোনত ভালকৈয়ে সি কথা পাতিছে । সময় পাৰ হৈ সন্ধিয়া ছয় বাজিলেই । তাইৰ উৎকণ্ঠা বাঢ়ি গ'ল । চিন্তা, ভোক, খং আৰু অভিমানে তাইৰ বুকুখন হেঁচা মাৰি ধৰিলে । বুকুখন গধূৰ হৈ পৰিল । দীঘল দীঘল কৈ উশাহ টানি বুকুখন পাতল কৰিবলৈ তাই যত্ন কৰিলে । পিন্ধি থকা কাপোৰযোৰ তাই সলাই কাপোৰ জোকাৰি জাপি , ইটো সিটো কৰি , কৰিবলৈ নথকা কামো কৰি বা আগেয়ে কৰা কামো পুনৰ কৰি কিছু সময় কটালে । তাৰ পাছত তাই বিছনাত বাগৰ দিবলৈ গ'ল । তেনেতে পল্লবীৰ কাষত পাৰ্থিৱৰ মাত---"ক'তা তুমি দেখোন ওলোৱাই নাই ?"
হঠাতে পাৰ্থিৱক দেখি আৰু তাৰ কথাষাৰ শুনি পল্লবীৰ খঙে মূৰৰ চুলি আগ পালেগৈ ---"কি অদ্ভুত কথা কৈছা তুমি ? আজি কালি তোমাৰ সময়ৰ আৰু কথাৰ লাগবান্ধ নোহোৱা হৈছে । অভিনয় কৰাত তুমি ওস্তাদ হৈ পৰিছা ।"
"দুপৰীয়া যাব নোৱাৰিলোঁ নাই । এতিয়া যাওঁ ব'লা । ডিনাৰ কৰি আহিম বাহিৰত "-----কোনো আড়ষ্টতা নোহোৱাকৈ কোৱা পাৰ্থিৱৰ কথাষাৰে জুইত ঘিউ ঢালি দিলে ভমককৈ উঠা জুইকুৰাৰ দৰে তাইৰ উঠি থকা খংটো তীব্ৰৰ পৰা তীব্ৰতৰলৈ উন্নীত হ'ল ---"তুমি কাৰ লগত গৈ ডিনাৰ কৰা , কৰাগৈ । মই নাযাওঁ ।"
এইবাৰ পল্লবীৰ বেলেগ এপাট অস্ত্ৰৰ প্ৰয়োগত পাৰ্থিৱে থতমত খালে । সিও মুখেদি ভোৰভোৰাই কাপোৰ- কানি সলাই বিছনাত পৰিলেগৈ । সেইদিনা ৰাতিৰ সাজ ঘৰৰ কাৰোৰে খোৱা নহ'ল ।অশান্ত, খেলিমেলি, পাৰ্থিৱৰ প্ৰতি থকা অনিশ্চিত বিশ্বাস ক্ৰমে গাঢ় হৈ অহা সংশয়ত পল্লবীৰ সকলো বোধ-বিচাৰ লোপ পোৱাৰ উপক্ৰম হ'ল । তাইৰ মন বিকল, চিন্তা বিভ্ৰান্ত । কিমান গভীৰ বিশ্বাস আৰু ভালপোৱাৰে তাই আপোন ঘৰখনৰ অমতে পাৰ্থিৱৰ লগত ঘৰ-সংসাৰ কৰিবলৈ গুচি আহিল । জীয়াই থকাৰ প্ৰয়োজনীয়তাৰ বাহিৰে ওপৰঞ্চি তাই তাৰ পৰা একো বিচৰা নাছিল । মাথোন বিচাৰিছিল সিহঁতৰ মাজত থকা বিশ্বাস, মৰম ভালপোৱাবোৰেৰে সিহঁতৰ সাংসাৰিক জীৱন সদায় সুখ-স্বাচ্ছ্যন্দৰে ভৰি পৰক । কিন্ত্ত পাৰ্থিৱে ওলোটা কৰি গৈ আছে । তাৰ বৰ্তমানৰ ব্যৱহাৰত তাই ক্ষুব্ধ । নিজৰ পদমৰ্যাদা, সামাজিক ষ্টেটাছ, প্ৰমোচন , ধন আৰ্জনত ব্যস্ত হৈ আগেয়ে কোৱা কথাবোৰ যেন সি পাহৰি গৈছে । তাই ভাবিলে---তাইৰ প্ৰতি তাৰ প্ৰেম কেৱল শাৰীৰিক আছিল নেকি ? পল্লবীৰ মতে শৰীৰৰ উৰ্ধত প্ৰেম । পাৰ্থিৱৰ অন্তৰৰ প্ৰেম সাগৰত তাই ডুবি যাব খুজিছিল; বিলীন হৈ যাব খুজিছিল তাইৰ প্ৰতি তাৰ ভালপোৱাৰ গভীৰতাত, তাৰ সত্তাৰ অন্তৰতম উপলব্ধিত । কিন্ত্ত সেয়া হৈছে জানো? গোটেই ৰাতি কান্দি কান্দি তাই শুই থকা গাৰুটো চকুৰ পানীৰে তিয়াই দিলে ।
পিছদিনা পুৱাই পল্লবীয়ে ছুটকেছ লৈ ঘৰ এৰি যাবলৈ ওলাল । যোৱাৰ আগতে বাহিৰৰ বাৰাণ্ডাত বহি থকা পাৰ্থিৱক কেইষাৰমান কথা মৃদু সুৰত কৈ গ'ল---" মই যিজনৰ লগত বিয়া হৈ আহিছিলোঁ, এতিয়া সেইজন মানুহ নাই । আগৰজন আছিল সৎ, সৰল, নম্ৰ আৰু দুখীয়া । এতিয়া তেওঁ মোৰ পৰা আঁতৰি গৈছে । গতিকে ময়ো আঁতৰি আহিলোঁ ।"
কথাখিনি কৈ ছুটকেছ লৈ পাৰ্থিৱৰ আগেদিয়েই পল্লবী গুচি গ'ল এখন্তেকো নৰ'ল ।
পল্লবীৰ অপ্ৰত্যাশিত আৰু আকস্মিক ব্যৱহাৰত পাৰ্থিৱ নিথৰ আৰু নিষ্পন্দ হৈ পৰিল । সি শিলপৰা কপৌটোৰ দৰে একেঠাইতে থৰ হৈ ৰ'ল । পল্লবীক বাধা দি ৰখাটো তাৰ মগজুলৈ নাহিল | ক্ষন্তেক সময় সি তেনেকৈয়ে ৰৈ থাকিল । চেতনা অহাত সি বহাৰ পৰা উঠি আহি পদুলিৰ মুখত ৰৈ ৰাস্তাৰ ইফালে সিফালে পল্লবীক দেখা পায় নেকি চালে । কিন্ত্ত নেদেখিলে । পল্লবীলৈ ফোন লগালে । ফোনৰ চুইটচ অফ । ৰৈ ৰৈ কেইবাবাৰো ফোন কৰি থাকিল । বাৰে বাৰে ফোনৰ চুইটচ অফ পালে । উপায় নাপাই সি সান্ত্বনা লভিলে---'' হ'ব , কালি হৈ যোৱা ঘটনাটোৰ কাৰণেই তাইৰ খং উঠিছে , খং মাৰ গ'লেই আপুনা আপুনি ঘৰলৈ ঘূৰি আহিব ।"
এদিন দুদিনকৈ চাৰিদিন পাৰ হ'ল । পল্লবীৰ কোনো খবৰেই নাই । ঘৰৰ বনকৰা লৰাটো আৰু মানুহজনীয়ে পল্লবীৰ কথা সুধিলে মাকৰ ঘৰলৈ যোৱা বুলি কয় । তাৰ অশান্তি বাঢ়িছে । পল্লবীৰ বিষয়ে কিবা জানিব পাৰে নেকি ভাবি পল্লবীৰ দুই এক বান্ধৱীলৈ খবৰ লোৱাৰ চলেৰে ফোন কৰি চালে । সকলো মিছা হ'ল । মাকৰ ঘৰলৈকে গ'ল নেকি বাৰু ? কাৰণ দেউতাক ঢুকুৱাৰ সময়তে পল্লবীৰ পুনৰ সম্পৰ্ক এটা গঢ়ি উঠিছে তেওঁলোকৰ লগত । কিন্ত্ত পিছ মুহূৰ্ততে সি আকৌ ভাবিলে, আত্মসন্মানবোধ থকা পল্লবীয়ে এই অৱস্থাত মাকৰ ঘৰলৈ যাব জানো ? বুকুৰ ভিতৰৰ পকনীয়াৰ গতি দ্ৰুত হ'ল । তাৰ ভীষণ খং উঠিল । সামান্য কথা এটাকে তাই ইমান ডাঙৰ কৰি পেলালে ।
অফিচলৈ অহা- যোৱা কৰি আছে যদিও পল্লবীৰ অনুপস্থিতিত পাৰ্থিৱে মন বহুৱাব পৰা নাই । ঘৰত থাকিলেও ঘৰৰ কোঠাৰ ভিতৰত সি একোকে নেদেখা হয় । কেতিয়াবা বিৰক্ত হৈ কিতাপ এখন হাতত তুলি লয় । বিজ্ঞানেই হওক বা সাহিত্যই হওক , কথাটো একেই । কেইটামান পৃষ্ঠা পঢ়াৰ পিছত সি গম পায় তাৰ মগজুত একো সোমোৱা নাই । বাহিৰত কাৰোবাৰ ভৰিৰ শব্দ হ'লেই তাৰ কাণ দুখন সজাগ হয় । অগণন ভৰিৰ শব্দৰ মাজতো সি পল্লবীৰ ভৰিৰ শব্দ বুজিব পাৰে । লাহে লাহে যেন তাইৰ ভৰিৰ শব্দ ঘৰৰ বাৰাণ্ডাত সি শুনিবলৈ পায় । অন্তৰত থুপ খাই থকা অভিমানবোৰ পাহৰি পল্লবীক দুৱাৰ খুলি দিবলৈ আহে ।
দুৱাৰ খন খুলি বাৰাণ্ডালৈ ওলাই আহি তাইক দেখা নাপায় । সি বুজি উঠে--- এইবোৰ তাৰ ভ্ৰম । পাৰ্থিৱ পুনৰ কোঠালৈ আহে, শান্তভাৱে বহি ৰয় ।নিস্তব্ধতাৰ মাজত আত্মবিশ্লেষণ কৰে । পল্লবী নোহোৱা হোৱাৰ পঞ্চম দিনৰ দিনা আবেলি সময়ত তাৰ বান্ধবী অৰুন্ধতিক মনত পৰিল । অৰুন্ধতি তাৰ লগৰ মানে প্ৰথম শ্ৰেণীৰ পৰা একেলগে পঢ়া । পাৰ্থিৱ আৰু পল্লবী দুয়ো প্ৰায়ে একলগে আগেয়ে অৰুন্ধতিৰ ঘৰলৈ আহযাহ কৰিছিল । সিহঁতৰ ঘৰৰ পৰা অৰুন্ধতিৰ ঘৰলৈ প্ৰায় পাঁচ কিলোমিটাৰ দূৰত হ'ব । অৰুন্ধতিয়ে পল্লবীক বৰ আদৰ- মৰম কৰে । পল্লবীয়েও অৰুন্ধতিক বৰ ভাল পায় । অৱশ্যে ব্যস্ততাৰ কাৰণে অলপ দিন সিহঁত অৰুন্ধতিৰ ঘৰলৈ নোযোৱাকৈ আছিল।
পাৰ্থিৱে ভাবিলে পল্লবী কিজানি অৰুন্ধতিৰ ঘৰলৈকে গৈছে । তাইক ফোন কৰি একো নুসুধি গাড়ীখন লৈ তাইৰ ঘৰ ওলালগৈ ।
কলিং বেলৰ শব্দত অৰুন্ধতিয়ে দুৱাৰখন খুলি দি পাৰ্থিৱক দেখি আচৰিত হ'ল । আৰে তই....আহ, আহ । ইস্ ৰাম তোক যে বহুত দিনৰ পিছত দেখা পালোঁ । আহ, বহচোন ।
অৰুন্ধতিৰ আন্তৰিকতাত পাৰ্থিৱ বৰ সুখী হ'ল । সঁচাকৈয়ে তাইৰ অন্তৰখন বৰ কোমল ।
" বহুদিন অহা নাই কাৰণেই আহিলোঁ । তহঁতৰো একো খা-খবৰ নাই ।"----অলপ ইতস্তত হৈ পাৰ্থিৱে ক'লে ।
ইটো সিটো কথা পতাৰ পিছত অৰুন্ধতিয়ে ক'লে---" তই অলপ বহ । মই চাহ বনাওগৈ ।" অৰুন্ধতি ভিতৰলৈ সোমাই গ'ল ।
হঠাতে পাৰ্থিৱৰ বুকুৰ ভিতৰত সন্দেহ এটা উকমুকাই উঠিল ।
অৰুন্ধতিয়ে কিয় বাৰু পল্লবীৰ কথা একোৱেই সুধা নাই তাক ? অসময়ত নিদ্ৰা ভঙ্গ হোৱা শিশুৰ অসন্তুষ্টিময় যাতনাৰে তাৰ সন্দেহো মূৰ দাঙি উঠিল । অৰুন্ধতিৰ পিছে পিছে সিও পাকঘৰলৈ সোমাই গ'ল । ডাইনিং টেবুলৰ চকী এখন টানি আনি সি বহিলে । অৰুন্ধতিয়ে গেছত পানী বহাই দি সৰু চৰিয়া এটাত আটা সানিবলৈ লৈছে । সিহঁতে পুনৰ কথা পতাত লাগিল ।
" কি হ'ল তই মাজে মাজে বৰ অন্যমনস্ক হৈ পৰ? কিবা চিন্তাত আছ নেকি ?"
"আৰে , বহু টেনশ্যনত আছোঁ মই । কিনো ক'ম তোক ।" বুলি কৈ সি অত্যন্ত মনোযোগেৰে অধ্যয়ন কৰিব খুজিলে অৰুন্ধতিৰ চকু-মুখৰ অভিব্যক্তি । তাই গৰম হৈ উঠা কেৰাহীখনত তেল অলপ ঢালি দি সামান্যভাৱে তাৰ ফালে মূৰ পোনালে । তাৰ উদগ্ৰীৱ চকুলৈ চালে । তাৰ পাছত বেলি থোৱা লুচি এখন গৰম তেলত ডুবাই দি জালনাখনেৰে লৰাই থাকি কিবা এটা ক'বলৈ মুখ মেলোতেই বাহিৰৰ পৰা "হেৰা , হেৰা" কৈ চিঞৰি অহা গিৰীয়েকৰ মাত শুনি ভাজি থকা লুচিখন নমাই গেছৰ চুইটচটো ছিমত দি " কিনো হ'ল ইমানকৈ চিঞৰি আহিছে ?" বুলি বাহিৰৰ ফালে যাবলৈ ওলাওতেই " হেৰা, অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰত সোমালোঁ । ভাল আৰি মাছ এটা পালোঁ তাকে লৈ আহিলোঁ । মাছ বাছি-কুচিয়ে আনিছোঁ ।"---কথাষাৰ কৈ কৈ অৰুন্ধতিৰ গিৰীয়েক পাকঘৰৰ দুৱাৰমুখ পালেহি ।
বজাৰৰ বেগটো অৰুন্ধতিৰ হাতত তুলি দি সামান্যভাৱে মূৰটো ঘূৰাওতেই পাৰ্থিৱক তেওঁ দেখা পালে ---" পাৰ্থিৱ দেখোন। ভালনে তোমাৰ ? কিমান সময়ত পালাহি ?"
"এঘন্টামানেই হ'ল ।?"
" বাৰু বহাচোন তুমি । মই ভৰি-হাত কেইটা ধুই লওঁ ।"
অৰুন্ধতিয়ে ইতিমধ্যে ডাই নিং টেবুলত লুচি-ভাজি-চাহ যতনাই পাৰ্থিৱক ভালকৈ বহি লবলৈ ক'লে । সিহঁতৰ ল'ৰা-ছোৱালীহালকো চাহৰ টেবুললৈ মাতিলে । মুখ-হাত ধুই আহি অৰুন্ধতিৰ গিৰীয়েকো চাহ খাবলৈ বহিল । চাহ খাই থকাৰ মাজতে অৰুন্ধতিৰ গিৰীয়েকে পাৰ্থিৱক ৰাতিৰ ভাত সাজ খাই যাবলৈ অনুৰোধ কৰিলে । প্ৰথমতে পাৰ্থিৱে আপত্তি কৰিলে যদিও তেওঁৰ অনুৰোধক উপেক্ষা কৰিব নোৱাৰিলে । তেওঁৰ আত্মীয়তাই পাৰ্থিৱৰ অন্তৰ চুই গ'ল ।
চাহ খাই উঠি পাৰ্থিৱ বাহিৰৰ বাৰাণ্ডাত বহিলহি । চ'ত মাহ । গধূলিৰ শান্ত সমাহিত পৰিবেশ । সন্মুখত থকা ধুনীয়া ধুনীয়া ঘৰবোৰ তাৰ চকুত পৰিল । ঘৰবোৰৰ আগত থকা ফুলনিৰ পৰা ভাহি অহা মিশ্ৰিত ফুলৰ সুগন্ধই তাক আপ্লুত কৰিলে । এছাটি মলয়া বতাহে তাক কোবাই গ'ল । দূৰৰ পৰা ভাহি অহা কুলিৰ মাতটোৱে তাক বসন্ত অহাৰ জাননী দিলে । পৰিবেশটো তাৰ ভাল লাগিল । কিমান দিন যে সি প্ৰকৃতিৰ এই মনোমোহা ৰূপ পান কৰাৰ সুবিধা পোৱা নাই ।
অলপ পিছতে তাৰ ওচৰতে থকা চকী এখনত অৰুন্ধতিৰ গিৰীয়েকো আহি বহিল । অৰুন্ধতিৰ গিৰীয়েকৰ লগত সি ইটো সিটো কথা পাতিলে । কথা পাতি গম পালে তেওঁলোকৰ উপাৰ্জন কম যদিও দুটা ল'ৰা-ছোৱালীৰে সৈতে তেওঁলোক সুন্দৰকৈ চলি থাকে । দুখৰ কথা তেওঁলোকে নাভাৱে । যি আছে, যি পাইছে তাতেই দুয়ো সন্তুষ্ট । দুয়োৰে চকুত তৃপ্তিৰ আভাস । অবাক হ'ল পাৰ্থিৱ ।
অৰুন্ধতিৰ গিৰীয়েকৰ লগত বহুত কথা পাতিলে যদিও তেৱোঁ এবাৰো পল্লবীৰ কথা উলিওৱা নাই । পাৰ্থিৱৰ সন্দেহ বাঢ়ি গ'ল । পল্লবী নিশ্চয় তেওঁলোকৰ ঘৰত আছে বা তাইৰ বিষয়ে তেওঁলোকে জানে ।
কিছু সময়ৰ পিছতে অৰুন্ধতিয়ে ৰন্ধা-বঢ়াৰ লেঠা মাৰি পাৰ্থিৱহঁত বহি থকাৰ ঠাইতে চকী এখন টানি আনি বহি ল'লে । অৰুন্ধতি আহি বহাৰ অলপ পিছতে তাইৰ গিৰীয়েক 'ল'ৰা-ছোৱালী দুটাই কি পঢ়ি আছে চাওঁগৈচোন ' বুলি সিহঁতৰ মাজৰ পৰা উঠি গ'ল ।
অলপ সময় দুয়ো নিস্তব্ধ । অৰুন্ধতিয়ে পোন হৈ বহাৰ পিছতো সামান্যভাৱে আৰু অলপ মূৰ পোনাই বহিল । পাৰ্থিৱলৈ চালে । বাৰাণ্ডাখনলৈ নামি আহিছিল ৰূপালী জোনাক । জোনাকৰ পোহৰত দুয়োৰে মুখ দুখন গভীৰ হৈছিল । ধৈৰ্য্য আৰু আন্ধাৰ-পোহৰ সকলোবোৰ মূৰ পাতি লোৱা বিনম্ৰ সাধকৰ স্হিৰ ভঙ্গিমাৰে পাৰ্থিৱ বহি থাকিল ।
" পাৰ্থিৱ, তই চাগে পল্লবীক বিচাৰিয়েই ইয়ালৈ আহিছিলি নহয় ?"
পাৰ্থিৱে মূৰ দুপিয়ালে । তাৰ চকুৱে- মুখে প্ৰকাশ হ'ল আশাৰ পূৰ্ণতা ।
মৃদু স্বৰত অৰুন্ধতিয়ে আৰম্ভ কৰিলে ---" পল্লবী চাৰিদিনৰ আগতে আমাৰ ঘৰলৈ আহিছিল । তহঁতৰ মাজত ঘটা সকলো ঘটনা মোৰ আগত তাই ক'লে । আচলতে তাইৰ কথাৰ পৰা মই যিটো বুজিলোঁ তোৰ গাটেই সকলোবোৰ দোষ । এনেকৈ কোৱাৰ কাৰণে তই বেয়া নাপাবি । তই দুখীয়া ঘৰৰ ল'ৰা বুলি তাই জানিছিল । তথাপি তোৰ আন্তৰিকতা, ভালপোৱা আৰু সৰলতাখিনি দেখি-বুজি নিজৰ ঘৰখনৰ অমতে তোৰ লগত তাই সংসাৰ আৰম্ভ কৰিলে । কিন্ত্ত তই এতিয়া তাইৰ ভাললগা, বেয়া লগা, তাইৰ অনুভূতিবোৰক আওকাণ কৰি নিজৰ পদমৰ্যাদা, প্ৰমোচন, অৰ্থলোভ আদিৰ পিছত দৌৰিছ । তাইক যেন কেৱল পাটীৰ তিৰোতা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছ । তোৰ অনাদৰ-উদাসীনতাই তাইৰ অন্তৰ বেদনাদায়ক কৰি তুলিছে । তই নুবুজিবি নাৰীৰ কাৰণে এয়া কিমান কষ্টকৰ ।"
হয় অৰুন্ধতিয়ে ঠিক কথাই কৈছে । অনুতাপত সি দগ্ধ হ'ল । কিছুমান ভাৱে তাৰ অন্তৰত অগা- ডেৱা কৰিবলৈ ল'লে ।
বাস্তৱলৈ ঘূৰি আহি অৰুন্ধতিক সুধিলে----"পল্লবী এতিয়া ক'ত ?"
"তাই কালি পুৱাবেলা মাকৰ লগত ফোনত কথা পাতিছিল । তাই মাকক কথাবোৰ ক'লে । মাকে মাতি পঠিওৱাত আবেলিলৈ তাই মাকৰ ঘৰলৈ গুচি গ'ল ।"
এদিন মাকৰ ঘৰৰ মানুহখিনিৰ মৰম-আদৰ নেওচি তাৰ লগত সংসাৰ কৰিবলৈ অহা পল্লবীয়ে আজি কিমান তাড়নাত পৰি পুনৰ মাকৰ ঘৰ পালেগৈ---ভাবি পাৰ্থিৱৰ অন্তৰ শোকত ভাগি পৰিল ।
"মা, মা" বুলি ল'ৰা-ছোৱালী দুটাই মতা শুনি অৰুন্ধতি ভিতৰলৈ যাব ওলাই পাৰ্থিৱক ক'লে---"ৰাতি হ'ল । ব'ল ভিতৰলৈ । ময়ো ভাত বাঢ়োঁগৈ ।"
পাৰ্থিৱ ঘৰ আহি পাওঁতে বাৰ বাজিবৰ হ'ল ।ঘৰ সোমাই কাপোৰ সলাই সি বিছনাত পৰিল যদিও তাৰ টোপনি নাহিল । বিছনাতে ইকাটি-সিকাটি কৰি থাকিল । বাৰে বাৰে অৰুন্ধতিৰ কথাবোৰে তাৰ অন্তৰখন খুন্দিয়াই থাকিল । হয় সি লালসাৰ বলি হ'ল । লালসাৰ লেলিহান শিখাই দাউদাউকৈ জ্বলি তাৰ সুস্থ চিন্তাশক্তিক পুৰি পেলোৱাৰ উপক্ৰম কৰিলে । সি ভাবিবলৈ লৈছিল টকা আৰু সম্পদ আহৰণেহে মানুহৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰে । লালসাত পৰি সি দুৰ্নীতি কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল । যিটো পল্লবীয়ে বেয়া পাইছিল । পল্লবীৰ নিৰুদ্দেশত তাৰ চেতনা ঘূৰি আহিছে । সি বুজি উঠিল মানুহৰ মাজত থকা প্ৰেম , ভালপোৱা, সহযোগিতা ভাৱধাৰাক লালসাই কবৰ দিয়ে । পল্লবীৰ মুখখন তাৰ মনলৈ আহিল । সঁচাকৈয়ে তাৰ ব্যৱহাৰত পল্লবী দুৰ্বল হৈ পৰিছিল । সি কৰা দুৰ্ব্যৱহাৰত দেখা পল্লবীৰ বিষণ্ণ কৰুণ চকু দুটা তাৰ মানসপটত ভাহি উঠিল । বেচেৰী কিমান নি:সংগতাত দিন কটাইছিল !
হঠাৎ পাৰ্থিৱৰ চকু্ত ভাহি উঠিল জীৱনৰ এটা শান্তিপূৰ্ণ ৰূপ--- ।পঢ়াকালত সিহঁতহালে কটোৱা নৈৰ পাৰৰ সময়বোৰ, পল্লবীয়ে কোমল সুৰত কোৱা কথাবোৰ, তাই গুণগুণাই থকা গানৰ কলিবোৰ, তাইৰ হাঁহিবোৰ, সপোনবোৰ আৰু প্ৰেমৰ পূৰ্ণতা, প্ৰাপ্তিৰ আনন্দেৰে ভৰা মনবোৰ । যেন সেইবোৰৰ মাজলৈ সি উভতি গৈছে । সেই দিনবোৰত আনন্দৰ উচ্ছলতাই কোনো আক্ষেপ, ক'তো তৃপ্তিৰ অৱকাশ নাৰাখিছিল । এতিয়া সি পল্লবীৰ ওচৰত তাৰ দোষৰ ক্ষমা বিচাৰি আকৌ নতুন আৰম্ভণিৰ পৰা নতুন আশা আৰু নতুন উদ্দীপনা কামনা কৰিলে । কিন্ত্ত কি উপায়েৰে এই নাক লৈ সি পল্লবীৰ মাকৰ ঘৰলৈ যাব---সেই কথা চিন্তা কৰি চকু দুটা জপাই দিলে ।
চিলমিলকৈ টোপনি আহিছিলহে তাৰ । হঠাতে মোবাইল ফোনটো বাজি উঠিল । গাৰুৰ কাষতে থকা ফোনটো হাতত লৈ স্ক্ৰীণত নামটো চালে । পল্লবী কলিং । পল্লবীৰ ফোন । সি চমকি উঠিল । এই ৰাতিখন তাই তালৈ কিয় ফোন কৰিলে । পলকতে তাৰ মনলৈ ভাৱ আহিল ---সি অৰুন্ধতিৰ ঘৰলৈ যোৱা খবৰটো নিশ্চয় অৰুন্ধতিয়ে পল্লবীক জনালে । ফোনৰ মাজৰ সেউজীয়া অংশটো ওপৰলৈ সি টানি দিলে ।পল্লবীৰ মাতটো কাণত বাজি উঠিল---"টোপনি গৈছিলা নেকি ?"
" নাই যোৱা।"
" ইমান ৰাতি ফোন কৰিলা?"
"টোপনি ধৰা নাই ।"
"কিন্ত্ত এই সময়ত তোমাৰ টোপনিৰ বৰ প্ৰয়োজন ।"
"ওঁ ।"
" মই কথা এটা কওঁ , পলি ।"
"কোৱা ।"
" আমি কৰা ভুল-দোষবোৰ আমি নিজে শুধৰাই লব নোৱাৰোনে?"
"নিশ্চয় পাৰোঁ ।"
" তেনেহলে তাকে কৰিম দিয়া । বহ ৰাতি হ'ল । এতিয়া শুই থাকা । শুভৰাত্ৰি ।"
" শুভৰাত্ৰি ।"
পাৰ্থিৱে স্বস্তিৰ নিশ্বাস এৰিলে ।ৰাতিৰ আন্ধাৰ আঁতৰাই পোহৰ বিলোৱা পূৱাটোলৈ সি অধীৰ আগ্ৰহৰে অপেক্ষা কৰিলে ।
উপমা মজুমদাৰ
নগাঁও ,অসম
দূৰভাষ নং;৯৬৭৮৬৮৩৭১৯


Comments