top of page

স্বগতোক্তি

সংগীতত আছে সুৰ শব্দৰ সমদল

কবিতাত শব্দেৰে কাব্যিকতা

সুখ-দুখ,ক্ষোভ, ন্যায় সন্ধান,

শিহৰিত কৰা হৃদয় বিলাস

ব্যতিক্ৰমী,বিৰল ব্যক্তিত্ব

অতুলনীয়,স্নেহ যে বিলায়--

সুৰ সুৰেই,নাই অভিমান

অনুভৱতহে আছে হাঁহি- ব্যথা, অভিমান

কবিতা একেই হৃদয়স্পৰ্শী

গগনচুম্বী ভাৱৰ সাৱলীল প্ৰকাশ

শব্দৰ সমদল চৌদিশে

প্ৰকৃতিৰ নিৰ্মল অভিব্যক্তি;

মূৰ্চনাত বিলীন হোৱা, পাৰ্গত নহ'বা,

নিৰ্মাণ নহৈ হওক স্বত:স্ফুট কাব্য

নিৰ্মাণত পাবা জানো নিভাজ তৃপ্তি

হ'ব যে বিদূৰ হৃদয় বিলাপ -

স্বত:স্ফুট স্বগতোক্তিক স্বাগতম

নিৰ্মাণত নিশ্চিহ্ন হয় ভাবৰ বিলাস

সৃষ্টিৰ ঐশ্বৰিক ঐনিতাম ,

চৌদিশে সুৰৰ অঞ্জলি, কবিতাৰ কলৰৱ

বিস্তাৰিত ,প্ৰসাৰিত সৃষ্টিৰ প্ৰহেলিকা

পদূলিত পিছে কৃত্ৰিম বুদ্ধিমত্তা

আবেগবিহীন যান্ত্ৰিক উত্তৰ

হোৱা সাৱধান,ভুগিবা পৰিণাম

নহওক মৰিচিকা যান্ত্ৰিকতাৰ ;

অনুভৱৰ বৈভৱ , ত্যাগৰ দলিচাৰে

কবিতা হওক আগ্নেয়গিৰী

বৰষিছে লাভা যেন বিচুবিয়েচৰ--

এতিয়া প্ৰজ্ঞা, আবেগ,প্ৰযুক্তিৰ সমন্বয়ৰ ক্ষণ

সঠিক প্ৰক্ষেপনৰে দু:সময়ক কৰা সু-সময়

কৃত্ৰিম বুদ্ধিমত্তা হওক অকৃত্ৰিম অভিব্যক্তি।



অশোক ৰাম ভট্টাচাৰ্য্য ।

আমোলাপট্টি,নগাঁও ।

দূৰভাষ নং ৯৮৬৪১৬০১২৭

Recent Posts

See All
নাই

এতিয়া অৰণ্যত অৰণ্য নাই মানুহৰ মাজতো মানুহ নাই নামধাৰী কিছুমান প্ৰাণীয়ে বসবাস কৰে পৃথিৱীত । তেওঁ লোকৰ গাত আদিম জনজাতীৰ লোকাচাৰ কিমান মানুহৰ মুৰ কাটি মালা পিন্ধিলে ৰজা হ'ব পাৰে, নিশংস প্ৰতিযোগিতা। এতি

 
 
 
নহ'লে সকলো ডুবি মৰিবা

( শিল্পী- সৈনিক বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ সোঁৱৰণত ) নুশুনাও তোমাক আৰু এলাহ,ভাগৰৰ গান সংকল্প ল'লো আজি মই মৃত্যুশপত খাই , তোমাৰ আদৰ্শ লৈয়েই আইৰ মুখ উজলাম ককাইদেউ, বিকল্প মই একো দেখা নাই। ঐক্য- সম্

 
 
 

Comments


bottom of page