শব্দৰ জোনাক
- কিশোৰ দাস
- 9 hours ago
- 1 min read
কেতিয়াবা শুনিছানে
জোনাকৰ মাত ?
মই শুনিছোঁ ...
যাৰ আগমনত
মোৰ হৃদয়ৰ কাৰেংত
জোনাক সৰে ,
নিশব্দে নামি আহে জোনাক বুকুলৈ ,
কয় ....
সাৱটি লোৱা মোক
ভাল পাওঁ বুলি কৈ !
মই কওঁ ....
তুমিতো জানাই
বুকুত থকা প্ৰেমৰ বাহিৰে
তোমাক দিবলৈ মোৰ একো নাই,
অমাৱস্যাৰ অন্ধকাৰতো
তুমিয়েই মোৰ জোনাক প্ৰিয়া ।।
কিশোৰ দাস ।
নগাঁও, অসম।
দূৰভাষ নং৯৪০১০১২৭৭০


Comments