top of page

জোনাক

আবেগৰ ঢৌত

শীতৰ সুগন্ধি

জোনাক ঘঁহা পানীত

এৰি থৈ আহিলোঁ

পুৰণি বাস্তৱ


আশাৰ আঁচল

সন্ধিয়াৰ সুৱাসে

ৰাতিটো শেষ নোহোৱালৈকে

কবিতাৰ সৈতে কথা পাতে

হৃদয় জুৰাই


পুৱাৰ পোহৰত নাঙঠ সপোনবোৰে

কলিজাৰ সৈতে মিতিৰালি কৰে


দুপৰ বেলাৰ অজান পৰত

নদীৰ সোঁতত ভাঁহি আহে

আবেগৰ তিৰবিৰণি


অ' জোনাক

তোৰ প্ৰেমত পৰোঁ ৷



আশা বৰা মন ।

নগাঁও, অসম ।

দূৰভাষ নং ৯৬৭৮৯৪১৭১৮

Recent Posts

See All
শব্দৰ জোনাক

কেতিয়াবা শুনিছানে জোনাকৰ মাত ? মই শুনিছোঁ ... যাৰ আগমনত মোৰ হৃদয়ৰ কাৰেংত জোনাক সৰে , নিশব্দে নামি আহে জোনাক বুকুলৈ , কয় .... সাৱটি লোৱা মোক ভাল পাওঁ বুলি কৈ ! মই কওঁ .... তুমিতো জানাই বুকুত থকা প্ৰেম

 
 
 
অপৰাজয়

বটগছৰ দৰে শিপা মেলিব খোজোঁ মই, ধুমুহাই আহিলেও মাটি এৰি নাযাওঁ। পাহাৰৰ দৰে স্থিৰ হৈ ৰ'ব খোজোঁ, সময়ে যিমানেই মোক খহাব খোজক। কিছুমান শব্দ তৰোৱালতকৈও ধাৰাল, সেই শব্দই মোৰ সাহসক ক্ষত-বিক্ষত কৰিব খোজে। কিন

 
 
 
স্বগতোক্তি

সংগীতত আছে সুৰ শব্দৰ সমদল কবিতাত শব্দেৰে কাব্যিকতা সুখ-দুখ,ক্ষোভ, ন্যায় সন্ধান, শিহৰিত কৰা হৃদয় বিলাস ব্যতিক্ৰমী,বিৰল ব্যক্তিত্ব অতুলনীয়,স্নেহ যে বিলায়-- সুৰ সুৰেই,নাই অভিমান অনুভৱতহে আছে হাঁহি- ব

 
 
 

Comments


bottom of page