ভীষ্ম: যুগৰ শিলত খোদিত এটা শপত
- কুমাৰ বিভূতি

- 7 hours ago
- 2 min read
তেওঁ দ্যু
এটা প্ৰাচীন শাপৰ গধুৰ বোজা কান্ধত লৈ
গংগাৰ নীৰৱ চকুলোৰে তিতি মৰ্ত্য চুবলৈ আহিছিল যি।
সাতজন ককাই মুক্তিৰ পাখি মেলি উৰি গ’ল জন্মৰ দুৱাৰেদি
আৰু তেওঁ ৰৈ গ’ল
পূৰ্বকৰ্মৰ এক অসমাপ্ত হিচাপ মিলাবলৈ।
হস্তিনাপুৰৰ বাৰিষাৰ ঘন ডাৱৰৰ ছাঁত
তেওঁ হৈছিল দেবব্ৰত চিনাকি ধৰাৰ
যাক,
পৰশুৰামৰ ধনুৱে শিকালে লক্ষ্যৰ স্থিৰতা,
বশিষ্ঠৰ কণ্ঠই বুজালে মৌনতাৰ গভীৰ ভাষা
বৃহস্পতিৰ চকুৱে দেখুৱালে ৰাষ্ট্ৰৰ পৰিভাষা
নিয়তিয়ে তুলি দিলে এখন নীৰৱ নিমন্ত্ৰণেৰে
তেজৰ আখৰে লিখা “অন্তিম বিশ্ৰাম: শৰ-শয্যা”।
পিতৃ শান্তনুৰ চকুৰ কোণত গোট খোৱা শুকান নদীখন দেখি
তেওঁ নিজৰ আত্মাৰ লগত কৰিলে এখন নিঃশব্দ চুক্তি
সংসাৰে যাক কয় সৰ্বস্ব ত্যাগ
তেওঁ তাৰ নাম দিলে প্ৰতিজ্ঞা
সিংহাসনৰ সোণোৱালী হাতখন হাঁহি হাঁহি এৰি
গৃহস্থালিৰ দুৱাৰডলিত নিজ হাতে ওলোমালে চিৰদিনৰ তলা
সেই দিন ধৰি তেওঁ এক অকলশৰীয়া পথিক,
কিন্তু হস্তিনাপুৰৰ প্ৰতিটো ধূলিকণাৰ লগত গাঁঠি ল’লে অদেখা সম্বন্ধ
আকাশে ধৰিত্ৰীলৈ চাই উচ্চাৰিলে মাথোঁ
ভীষ্ম ভীষ্ম ভীষ্ম
নাছিল ঢোল-দগৰৰ প্ৰতিধ্বনি, নাছিল জয়ধ্বনিৰ কোলাহল,
তথাপি কালৰ বুকুত চিৰস্থায়ী হৈ ৰ’ল সেই শব্দ
কুৰুক্ষেত্ৰ তেওঁৰ বাবে কেৱল ৰণ নাছিল,
আছিল নিজৰ বিবেকৰ সন্মুখত থিয় হোৱা এখন নিকা দাপোণ
অৰ্জুনৰ প্ৰতিপাট শৰ আছিল একো একোটা জুই-জ্বলা প্ৰশ্ন,
আৰু তেওঁৰ বহল বুকুখন হৈ পৰিছিল উত্তৰেৰে ভৰা জীৱন্ত এক পাণ্ডুলিপি
নিজৰ তেজেৰে তেওঁ লিখি থৈ গ’ল
ধৰিত্ৰীৰ বুকুত জীৱনৰ গোপন মন্ত্ৰ
মৃত্যুক ইচ্ছা কৰাৰ বৰদান
তেওঁৰ মুঠিৰ ভিতৰত থকাৰ পাছতো
সূৰ্যৰ উত্তৰায়ণলৈ ধৈৰ্যৰে বাট চালে তেওঁ
কাৰণ তেওঁ জানিছিল
সকলো বিধানৰ ওপৰতো
আন এখন বিধান থাকে
সময়ৰ বিধান
শৰৰ তীক্ষ্ণ বিছনাত শুই শুই
তেওঁ শেষবাৰৰ বাবে পাঠ দান কৰিলে
শিষ্য আছিল যুধিষ্ঠিৰ,
পাঠৰ বিষয় আছিল ৰাজধৰ্ম
তাত শিলৰ ফলি নাছিল
নাছিল চক-পেঞ্চিল,
তেওঁৰ দেহৰ প্ৰতিটো ঘা হৈ পৰিছিল একো একোটা অমৰ আখৰ
তেওঁ ভীষ্ম
মুকুট নিপিন্ধা সম্ৰাট,
সিংহাসনত নবহা ৰক্ষক,
ঘৰ নথকা গৃহস্থ,
সন্তান নথকা পিতৃ
তেওঁৰ গোটেই জীৱনটো আছিল এখন দীঘলীয়া মহাযজ্ঞ,
য’ত নিজৰ সকলো সপোন, সকলো কামনা তেওঁ আহুতি দিলে
শাপৰ আন্ধাৰৰ পৰা আৰম্ভ হৈ শৰ-শয্যাৰ পোহৰত শেষ হোৱা
তেওঁৰ এই মহাযাত্ৰাৰ আন এটা নাম
ত্যাগ
আৰু সেই ত্যাগেই তেওঁক দিলে মৃত্যুক জয় কৰা জীৱন সংবাদ।
কুমাৰ বিভূতি
নগাঁও, অসম।
দূৰভাষ নং ৯৪০১৭২৩৯৬৬


Comments