ব্ৰেণ্ডেড হেঁপাহ
- নীলম শৰ্মা

- Sep 16, 2025
- 1 min read
Updated: Sep 18, 2025
শ্ব'ৰুমৰ আয়নাৰ মাজত
ব্ৰেণ্ডেড সপোন
লানি লানি,
বৰ হেঁপাহ হয়
ব্ৰেণ্ডেড সপোনেৰে মেৰিয়াব
মোৰ সস্তীয়া দুভৰি |
অপদাৰ্থ মানিবেগটো খুচৰো,
লাগি আহে আঙুলিত
শোতোৰা কেইটামান নাম
দৰদাম কৰো
ব্ৰেণ্ডেড সপোনৰ
বসুধৈৱ কুটুম্বকম্ |
তুলাচনীৰ এফালে সপোন বহে
আটোম টোকাৰীকৈ
আনফালে বিৱৰ্ণ নাম
নামবোৰ পাতল হয় ক্ৰমশঃ
আৰু ওপঙি ফুৰে
চৰাইৰ পাখিৰ দৰে |
বুকুত সাৱটো ব্ৰেণ্ডেড হেঁপাহ
বুঢ়া ডাষ্টবিনটো বহি থাকে হামিয়াই
সমাধিস্থ কৰি আহো তাত
উৱলি যোৱা নামবোৰ ।
নীলম শৰ্মা





Comments