এনেকৈ সময় আহে বুলি জনা নাছিলোঁ
- কমলেশ্বৰ কলিতা

- Sep 15, 2025
- 1 min read
Updated: Sep 16, 2025
পুৱা শুই উঠি আৰু ৰাতি বিছনাত পৰিয়ে দেখো তৰ্জনী আঙুলিৰ পৰা
কেঞা আঙুলিলৈ তেজৰ চেঁকুৰা।
এটি এটিকৈ দিনবোৰ যেন অৱসৰী সোঁতত।
নিয়মহীনতাত ভুগি ফেঁকুৰি আছে নাৰী।
এনেকৈ সময় আহে বুলি জনা নাছিলোঁ।
সঘনে মৰিছোঁ -
বহুদিন- বহুবাৰ পুৱা আৰু গধূলি।
আহি আছে পোহৰৰ নীলকণ্ঠী ৰাগ।
অথচ সেই ধ্বনি বিপৰ্যয়তাত একলব্যৰ নাম।
শুনিছোঁ হৃদয়ো যে পাক খায় ভালপোৱাৰ ওৰেতো ৰাতি
ওৰেতো দিন নিৰৱধী।
কাণ দিয়া, কাণ থোৱা -
ইখনৰ পাছত সিখনকৈ বতাহেও খিৰিকী মেলিছে ।
কমলেশ্বৰ কলিতা
9835862800





Comments