top of page

প্ৰতিধ্বনি

Updated: Sep 18, 2025

বৰফ গলাৰ প্ৰতিধ্বনি,

নিশব্দে প্ৰতিধ্বনিত হয়

টোপ টোপকৈ

বৰফ গলাৰ শব্দ !


মই শুনিছোঁ !

তুমি ও শুনিছা !

কিন্তু তুমি আৰু মই,

হাত ভৰি শৃংখলিত এক

আধুনিক মানৱ !


আমাক লাগে আধুনিকৰ পৰা অত্যাধুনিক

এক আৰামদায়ক জীৱন !


আমাক লাগে আধুনিক প্ৰতিৰক্ষাৰ 

চুপাৰ চনিক ক্ষেপনাস্ত্ৰ ...

আমি জ্বলাইছোঁ কয়লা,

জ্বলাইছোঁ তৰল ইন্ধন,

প্ৰদূষিত কৰিছোঁ 

প্ৰকৃতি আইৰ বায়ুমণ্ডল !


অসংখ্য বিষাক্ত গেছৰ প্ৰদূষণৰে 

আজি উত্তপ্ত 

এই নীল বসুন্ধৰা !


গলিছে বৰফ,

বাঢ়িছে সাগৰ পৃষ্ঠৰ উচ্চতা ,

তিল তিলকৈ বাঢ়ি অহা সাগৰ পৃষ্ঠই 

গিলিব ধৰিছে 

কিৰিবিটি মালদ্বীপৰ দৰে

বহুতো সাগৰীয় দ্বীপ।


হয়তো এদিন গিলি পেলাব 

মায়া নগৰী মুম্বাইকে ধৰি চেন্নাই ,পাৰাদ্বীপৰ দৰে

ভাৰতীয় বিলাসী চহৰ!


ক্ৰমবৰ্ধমান উষ্ণতাত বৰফ 

গলিছে মেৰু প্ৰদেশৰ

আৱতৰীয়া বান,

আৱতৰীয়া ঘূৰ্ণি বতাহত 

জৰ্জৰিত আজিৰ পৃথিৱী !


ক্ৰমাত নব্য প্ৰজাতিৰ জীৱ কুলৰ আগ্ৰাসন,

ক্ৰমাত যেন জাউতীযুগীয়া 

প্ৰাচীন জীৱকুলৰ অন্তৰ্ধানত 

ভাৰাক্ৰান্ত আজিৰ পৃথিৱী !


হয়তো এদিন নিৰলে আঁতৰি যাব 

সুগন্ধি শৰতৰ কোমল পুৱা...


হয়তো এদিন আঁতৰি যাব 

বলীয়া ফাগুনৰ ৰঙীন আকাশৰ 

প্ৰেমাস্পদ নিৰ্যাস।


হয়তো এদিন আঁতৰি যাব বসন্তৰ কোমল স্নিগ্ধ পুৱা!


এনেকৈয়ে বাৰু আমি গৈ আছোঁ নেকি ব্ৰক্ষ্মাণ্ডৰ পৰিবৰ্তনৰ 

নিৰ্দ্ধাৰিত সময় সূচীৰ দিশে !


গৈ আছোঁ নেকি আমি 

এক নিৰ্জীৱ নিথৰ শুকান পৃথিৱীৰ 

এক মহাবিনাশৰ দিশে!!


পলী মজুমদাৰ

মৰিগাঁও

8638871060

Comments


bottom of page