top of page

সপোন নে দিঠক

Updated: Sep 16, 2025

জোনটো নামি আহিছিল

নৈখনৰ বুকুত গা ধুবলৈ ,

চুচুক চামাককৈ 

মইও আগবাঢ়ি গৈছিলোঁ--

জোনটোৰ সৈতে 

কথা পাতো বুলি -- ।


ক'ৰ পৰানো আহিল

এচমকা কলা ডাৱৰ -

জোনটো গিলি থলে ,

বালিচৰটোৰ গাত তেতিয়াও

লাগি আছিল

জোনাকৰ কণাবোৰ ।


মই যেতিয়া 

কঁহুৱা ডৰাৰ আঁৰত

জোনাকৰ গানটো 

গুণ গুনাই আছিলোঁ --

তেতিয়া নৈখনৰ হাঁহিৰ খলকনি শুনি

মূৰ দাঙি চাইছিলোঁ--

জোনটোৱে ঢৌবোৰৰ সৈতে

লুকাভাকু খেলি আছিল,

নৈখন আৰু জোনটোৱে

বালিচৰটোত সাজিছিল

এটি ৰূপালী বালি ঘৰ..।।


সপোন নে দিঠক আছিল জানো 

ধৰিবই নোৱাৰিলোঁ।


পলী মজুমদাৰ

মৰিগাঁও

8638871060


Comments


bottom of page