ঈশ্বৰ
- কমলেশ্বৰ কলিতা

- Sep 15, 2025
- 1 min read
Updated: Sep 16, 2025
নিমখৰ দোকানত বহিও দৰ-ভাও একো নুবুজা ল'ৰাটো
নিমখ কিনিব যাওতেই হেৰাল।
এতিয়া নিৰুদ্দেশৰ খবৰৰ মাজত ঘামৰ টোপাল হৈ টোপেটোপে সৰি আছে ল'ৰাটো,
যেন নিমখত ডুবি যোৱা সাগৰহে এখন - ।
সেই যে ল'ৰাটো হেৰাল
তেতিয়াৰে পৰা নিমখৰ দোকানত গ্ৰাহকৰ ভিৰ নেদেখি।
ঈশ্বৰে ক'লে- , স্বৰ্গও নিমখৰে সমষ্টি।
কমলেশ্বৰ কলিতা
9835862800





Comments