পহৰাদাৰ
- কমলেশ্বৰ কলিতা

- Sep 15, 2025
- 1 min read
Updated: Sep 16, 2025
ৰ'দৰ পহিলা খবৰতে পুৱাৰ হেঙুল পাত্ৰত উপচি পৰিল
মানুহৰ খোজৰ নীলকণ্ঠী ৰাগ।
মেঘৰ খোপাৰ কেতেকী ফুল
নীলাম্বৰ আঁচলত হেৰাল -
মই দুৱাৰৰ দাং আঁতৰাই
পিয়লাত আঁকি ল'লোঁ দ্ৰোণাচাৰ্যৰ কলা,
কালদিয়াত জোন খহি অহা ৰাতিৰ সময়ত
মাটি সগৰ্ভা বিমল বিশ্বাসেৰে
আবেলিটো ভিজে ৰ'দৰ হিৰণ্ময়ী খবৰত।
মোৰ আৰু বুজিবলৈ একো নাথাকে
মেঘৰ খোপাত উখহি উঠা
সুগন্ধিৰ বাহিৰে।
অৰণ্যৰ দোপালপিটা বৰষুণত
মোহাচ্ছন্ন অতিথি।
কমলেশ্বৰ কলিতা
9835862800





Comments