top of page

জুবিন

Updated: Oct 26, 2025

(জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত )


মাৰ্ক টু ইন

কেনেকৈ লিখিলা তুমি

টম ছয়াৰ

আৰু হাকল্-বাৰি ফিন


জুব ইন

কেনেকৈ গালা তুমি

য়া আলি...

ইমান হাচিন

তোমাৰ স্বৰত আত্মা লীন


লুইতপৰীয়া

লুইতসুৰীয়া

বৰ অসমৰ বীণ

জুবিন


তুমি আছা

সুৰৰ ধৰাত

আমি নহয় দীন


আত্মাৰ পোহৰ নাযায় লীন

তুমি বুঢ়া লুইতৰ বীণ

বুকুত থাকিবা সদায়েই জুবিন


মায়াৰ মাজুলীত থাকিব

অনন্তকাল তোমাৰ সুৰীয়া হিয়াৰ ৰ'দৰ চিন


গানে যি জানে

তাক বাউল হিয়াৰ

বীণে সূৰ্যমুখী কৰি তোলে


আত্মাৰ বাঁহীত ৰাতিৰ তৰাই নাচে


যন্ত্ৰ যুগৰ জড়তাৰ ক্লেশ

জুবিন তোমাৰ গানে নাশে


তোমাৰ কোনো জাতি নাই

তোমাৰ কোনো ইষ্ট বিশেষ নাই

মানৱতাৰ ধৰ্মই তোমাক বিশেষ বিশিষ্ট কৰে


আৰ্ত হিয়াই আজি তোমাৰ বাবে কান্দে


চকুলোৰে ফেনিল সমুদ্ৰ

তুৰাৰ পৰা তুৰীয়সঙ্গীতে

সবাৰে হিয়া পৰশে


গানে কি জানে

মাটিৰ মানুহৰ চকুলো

ডাৱৰৰ ৰুমালে কোনোকালে জানো মচিব পাৰে


পাখি লগা মনে আজীৱন মাথোঁ তোমাক উমাল

কৰি ৰখাৰ প্ৰত্যয় দিয়ে।



প্ৰয়াগ শইকীয়া

9954713384


Comments


bottom of page