শ্বহীদৰ মাতৃৰ প্ৰতি
- ডা° টঙ্কেশ্বৰ ভূঞা

- Oct 24, 2025
- 1 min read
Updated: Oct 25, 2025
" The secret of happiness is to learn to accept the Impossible, do without the Indispensable and bear the Intolerable.' Bishop Mandell Creiston
সীমান্তৰ সিপাৰত দেখা পালো
সভ্যতাৰ অপমৃত্যুৰে গঢ়া
এক নগ্নতাৰ প্ৰতীক,
যাৰ এক দৃষ্টিয়ে
অশুচি কৰি তুলিছে
ভাৰত মাতৃৰ তুলসী তল ৷
নগ্নতা, হত্যা পৈশাচিক প্ৰচেষ্টা
যাৰ ধৰ্ম্ম আৰু ব্যৱসায়,
নিৰীহ মানুহৰ তেজ আৰু মঙহৰে গঢ়িব বিচাৰে
এক উলঙ্গ বৰ্ব্বৰ সভ্যতা ৷
হে শ্বহীদৰ মাতৃ,
মোৰ ধমনীত প্ৰৱাহিত হয়
তোমাৰ প্ৰচণ্ড শক্তি ,
সেই শক্তি
যি শক্তিয়ে উৰুৱাই নিচান হিমালয়ৰ শিখৰত,
শ্বহীদৰ ৰক্তৰে ৰক্তাক্ত হোৱা
সুউচ্চ শিখৰত প্ৰতিশোধৰ নিচান ,
সমাধিস্থ কৰি সেই নগ্ন নিৰ্লজ্জ সভ্যতাৰ বৰ্ব্বৰ দম্ভ প্ৰচেষ্টাক ৷
হে মাতৃ,
অশ্ৰু কাহানিবাই শেষ হ'ল ৷
কাৰণ তুমিয়েইটো কৈছিলা
অশ্ৰুৰে নহয় সংগ্ৰাম কাহানিও ৷
তোমাৰ চকুত দেখিছো প্ৰজ্জ্বলিত হৈ থকা এক দুৰ্বাৰ শিখা ,
শৰীৰৰ আঁহে আঁহে তুমি জগাই তুলিছা
দেশ আৰু জনতাৰ প্ৰতি
প্ৰতিজ্ঞাৰ স্বাক্ষৰ ৷
হে মাতৃ,
ই এক ধাৰণা নহয়
নহয় সস্তীয়া বক্তৃতা,
সমগ্ৰ ৰাষ্ট্ৰ জুৰি
সাজু হ'ল প্ৰতিৰোধ শক্তি
শ্বহীদৰ ত্যাগৰ অপৰাজেয় শক্তি ৷
শ্বহীদ, অৰ্থ যাৰ সংগ্ৰাম
প্ৰতিশোধৰ সংগ্ৰাম ৷
হে শ্বহীদৰ মাতৃ,
তোমাৰ কপালত
উদ্ভাসিত
হাজাৰ বক্ষৰ অগ্নিশিখা
অসীম সাহসৰ শিখা
ই এক অনন্ত অগ্নিশিখা
যাৰ লক্ষ্য মাথোঁ নিঃশেষ কৰা বৰ্ব্বৰ নগ্ন সভ্যতাক
এক দম্ভ প্ৰচেষ্টাক ৷
লক্ষ্য মাথো পৱিত্ৰ কৰি ৰখা
মানৱ প্ৰেমৰে
ভাৰতৰ তুলসী তল
এচিয়াৰ তুলসী তল
বিশ্বৰ তুলসী তল ৷
ডা° টঙ্কেশ্বৰ ভূঞা
9435368322





Comments