ক্ৰান্তি
- মোস্তাকিন শ্বেখ

- Oct 24, 2025
- 1 min read
Updated: Oct 26, 2025
মই শিক্ষিত সমাজৰ
তাত্ত্বিক উৎস,
মোৰ ধাৰাতেই বিকশিত
মোৰ ধাৰাতেই ৰুদ্ধ ।
তেজ নীলা ঢৌৱে
হৃদয়ৰ গান মই
ন্যায়ৰ ভিত্তিত
দোষীয়েও কৰে ভয় ।
প্ৰজ্ঞাৰ প্ৰান্তত
শান্তিৰ আলোড়ন,
দানৱৰ বিৰুদ্ধে
ঘনঘোৰ গৰ্জন ।
নদী বোৱতী হৈ
বিদ্যাত জাহ গৈ
জ্ঞানৰ পোহৰেৰে বিকশিত হওঁ,
সভ্যতা সোণালীৰ
ইতিহাসৰ পৃষ্ঠাত
ক্ৰান্তিৰ নাম মই লওঁ ।
মোস্তাকিন শ্বেখ
8638864220





Comments