খন্তেকীয়া জীৱন
- হিমাংক শৰ্মা

- Oct 24, 2025
- 1 min read
Updated: Oct 25, 2025
জীৱনৰ পৰিভাষা কি ?
পলে পলে নতুন আশা
পলে পলে প্ৰতিযোগিতা...
কিন্তু !!
জীৱন মাথোঁ খন্তেকীয়া ।
সুখ-দুখৰ দোমোজাত হেৰাই সীমা
কালিলৈ বাট চাওঁতে
চকুত ভাঁহে চিতাৰ ধোঁৱা...
জীৱন মাথোঁ খন্তেকীয়া ।
পোৱা নোপোৱাৰ হাজাৰটা অভিযোগ
শেষত কেৱল উদং দেহা
কবিয়ে কোৱাৰ দৰে
বহুতৰ মাজত
মই মাথোঁ এটি সামান্য ধূলিকণা ।
হিমাংক শৰ্মা
6001302512





Comments