তোমাৰ সুৰৰ বান্ধোনত সকলো...
- জ্যোতিকা বৰা

- Oct 24, 2025
- 1 min read
Updated: Oct 26, 2025
(প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত)
মায়াবিনী ৰাতিৰ নিশা
ধুমুহা জাকৰ সৈতে
তুমি আহিছিলা
কল্পনা কৰিব পৰা নাছিলো
তোমাৰ শব্দৰ সুৰ কিমান মিঠা !
হৃদয়ত সোমোৱাই তোমাক
মৰম কৰিছিলোঁ
শব্দৰ লগত কথা পাতিছিলো
তোমাৰ সুৰৰ বান্ধোনত
আবদ্ধ সকলো।
গছ,গছনি,চৰাই চিৰিকটি
জীৱ - জন্তু, নদ নদী
সকলো তোমাৰ বন্ধু
ভাবিব নোৱাৰোঁ
সখি পাতিব নোৱাৰোঁ
কেনেকৈ কওঁ
তুমি সকলোৰে প্ৰিয় !
অসহায়ক সহায় কৰি
তুমি ভালপোৱা
তোমাৰ হৃদয়খন বিশাল
অনুভৱ কৰিব নোৱাৰো
বুজিও নুবুজো
তোমাৰ কথা
সাগৰৰ নীলা পানীত
নিজকে বিলীন কৰিলা ।
মৃত্যু এনেকৈয়ে আহে নেকি?
তোমাৰ পিঠিত উঠি
সময়ক চাওঁ
সময় কিমান নিষ্ঠুৰ
ধৰিবকে নোৱাৰি
লগত থাকিও ক'ব নোৱাৰোঁ
তুমি আছা ক'ত!
চৰা ঘৰত বৰ গৰম
মুকলি আকাশৰ তলত বহি
তুমি আহিবা বুলি
নঙলামুখলৈ চাই
গুণগুণাইছো তোমাৰেই গান।
হৃদয়ত সাঁচি থোৱা মৰমবোৰ
সুখ -দুখ,হাঁহি-কান্দোনবোৰ
কাৰ লগত ভগাই লম
সময় আৰু শব্দক সুধিছো
তুমি আছা ক'ত ?
সকলোৰে বুকু ৰক্তাক্ত
বিৰহ বেদনাত সিক্ত
তোমাৰ ছবি, তোমাৰ স্মৃতি
তোমাৰ সুৰৰ বান্ধোনত সকলো ।
জ্যোতিকা বৰা
7638011583





Comments