top of page

হেৰোৱা শব্দৰ ছন্দ

Oct 24, 2025
3 min read

Updated: Oct 26, 2025


এৰাবাটৰ গো-পালকৰ পদূলিত এজাক জোনাকে আৱৰা পোহৰ। যি পোহৰত বিজুলী চাকিৰ কোনো প্ৰয়োজন নাই। যেনি তেনি পিয়াপি দি ফুৰে গৰখীয়াসকল। বতাহৰ মধুময় ছন্দত উজ্জ্বলি উঠে গছ গছনিৰ ঝন্ ঝন্ শব্দ। বসন্তৰ আগমণিত সু-উচ্চ নাহৰ গছজোপাই এক অভাৱনীয় সুবাস বিলাই পথিক ৰাইজক দি যায় সুঘ্ৰাণ। যি সুঘ্ৰাণত কেৱল যেন শব্দই বিৰবিৰাই। সপোনৰ চহৰখনৰ ৰঙীন আমেজবোৰে যেন নাহৰজোপাৰ ক্ষতি কৰিব পৰা নাছিল। 

      

নাহৰৰ কোমল পাতৰ দৰেই এদিন জিলিকি উঠিছিল সেই গো-পালক গধূলিগোধন।গধূলিগোধনৰ প্ৰিয় গায়কবোৰ আছিল কলাগুৰু, ৰূপকোঁৱৰ, ভাৰতৰত্ন আদিৰ লগতে  বিদেশৰো দুজনমান। তেওঁলোকে নিৰ্মাণ কৰি যোৱা সোণৰ অসমখন পূনৰ ঘূৰাই তেওঁ যেন অকলেই আনিব। বিভিন্ন শব্দ ছন্দৰ পোহাৰ মেলি বিভিন্ন গীত-মাতৰ সৃষ্টিৰে অসম জিলিকাব, লুইতৰ পাৰত সপোন ৰচি নদ-নদীলৈ বোৱাব আদি আছিল তেওঁৰ সপোন।  শব্দৰ যাদুত নৱপ্ৰজন্ম মতলীয়া হোৱাও সকলোৱেই প্ৰত্যক্ষ কৰিব। সেইবোৰ তেওঁৰ মনৰ কোণৰ সুন্দৰতাৰ ফচল আছিল। জনপ্ৰিয়তাৰ শিখৰলৈ উঠি গৈ হৃদয় বিশালতাৰ গান গোৱা গধূলিগোধনে হয়তো নিজকে চিনি পালেও নিজক কেতিয়াও ভাল পোৱা নাছিল। সেয়ে বাৰে বাৰে সমালোচনাৰ আওতালৈ আহিছিল। বিভিন্ন ধৰণৰ অস্বাভাৱিক আচৰণৰ বশৱৰ্তী হৈছিল। সকলোৰে দাদা হৈ আত্মাহংকাৰে ভৰি পৰিছিল অন্তৰাত্মা। যাৰ ফলত দিনে দিনে উশৃংখল জীৱন যাপন কৰিছিল।


    “দাদা ,দাদা, আজি আপোনাক লৈ লিখা কবিতা এটা  মই পাঠ কৰিমে। দাদা আপুনি মোক সেই সুবিধা দিবই লাগিব। যিহেতু আপুনি মঞ্চত আছে।”--------

এইবুলি ছোৱালী এজনী উধাতু খাই প্ৰায় দৌৰি অহা দি আহি গধূলিগোধনৰ ওচৰ পোৱা সকলোৱেই প্ৰত্যক্ষ কৰিছিল।

সেইদিনা সভাখন আছিল অসমৰ এটা জাকত জিলিকা অনুষ্ঠানৰ। বিভিন্ন জিলাৰ কবিসকলে কবিতা পাঠ কৰিছিল। তেওঁলোকক আমন্ত্ৰণ কৰি অনা হৈছিল। গধূলিগোধন অৱশ্যে সভাত দেৰিকৈ উপস্থিত হোৱা বাবে শেষলৈহে ছোৱালীজনীক কবিতাটো উদ্যোক্তাৰ সহায়ত  পাঠ কৰিবলৈ সুবিধা কৰি দিছিল।ছোৱালীজনীয়ে গধূলিগোধনক কিমানবাৰ যে দাদা বুলি সম্বোধন কৰি নমস্কাৰ জনাইছিল, সেইয়া চাবলগীয়া আছিল।


    গছপুলি ৰোপনৰ পৰা আৰম্ভ কৰি দুখীয়া নিচলা, বানপীড়িতক সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা আছিল বাবে গধূলিগোধনৰ ওচৰলৈ মানুহৰ সোঁত বৈছিল। জীৱ জন্তুৰ প্ৰতিও তাৰ বুকুখনত মৰম প্ৰতিফলিত হৈছিল।

“দাদা, আজি অমুকৰ হাতখন চাহপাতৰ মেচিনত সোমাই কাটিলে,দাদা তমুকে আঙুলিত দুখ পালে,অমুকৰ ডাঙৰ বেমাৰ হৈছে চিকিৎসাৰ বাবে বাহিৰলৈ নিব লাগে, অমুকৰ ঘৰৰ লৰাটো খেলাধূলা আৰু পঢ়াত মেধাৱী,কিন্তু মাক দেউতাক বৰ দুখীয়া একো সা-সুবিধা দিব পৰা নাই ".... ইত্যাদি বিভিন্ন আপত্তি। 

ৰাইজৰ ওজৰ আপত্তি, দুখ সহ্য কৰিব নোৱাৰা গধূলিগোধনৰ উপাৰ্জন আছিল নিজৰ প্ৰতিভা। সেই প্ৰতিভাৰেই প্ৰতিভাত হৈছিল উপাৰ্জনৰ পথ। সি তাৰ ওচৰলৈ অহা মানুহৰ দুখবোৰ সহ্য কৰিব নোৱাৰি নিজৰ কথা চিন্তা নকৰি তেনেধৰণৰ লোকসকলক অৰ্থৰে যিমান পাৰে  সহায় কৰিছিল। ”কৰ্ম সংস্কৃতিক গুৰুত্ব দিম , যিমান বিলাম সিমান মহান হ’ম  -বাণী সৰোগত কৰোঁ” বুলি মনে মনে ভবা গধূলিগোধনৰ সহজ সৰল স্বভাৱটোত সকলোৱেই মুগ্ধ হৈছিল।


      গধূলিগোধনৰ ভাৱ, ভাষা আৰু কৰ্মই মানুহক মুহিলেও আচৰণবোৰে মানুহক অতিষ্ঠও যে নকৰিছিল এনে নহয়। বহুতৰে নাক কোঁচ খাইছিল যদিও বুজিছিল যে তাৰ ভিতৰত এটা অসাধাৰণ প্ৰতিভা আছে যাৰ বাবে সি কৰা উদ্ভণ্ডালিবোৰ সামাজিকভাৱে প্ৰচাৰ হ’লেও সেইবোৰ আকৌ ম্লান হৈ পৰিছিল। বণিতা,ভণিতাহঁতে কথোপকথনৰ মাজেৰে তাৰ সেই “আবে শব্দৰ পৰা বিভিন্ন অশ্লীল শব্দবোৰ”ৰ সমালোচনা কৰিছিল। সেইবোৰ শুনি শুনি অপু, ৰাজুহঁতেও সেই শব্দৰ  অপপ্ৰয়োগ কৰা শুনি মাকহঁতে দুখ পাইছিল। কিন্তু সিহঁতে কিয় এনে শব্দ প্ৰয়োগ কৰিছে বুলি প্ৰশ্ন কৰিলে উত্তৰ আহিছিল—---” কেলেই গধূলিগোধন দাদাই এইবোৰ কৈয়েই থাকে দেখোন সামাজিক মাধ্যমত। 

আমি ক’লে কি হয়নো ?” মাকহঁতে কয়—--”হে, প্ৰভু এইবোৰ কি শুনিছোঁ। তহঁতেও সেইবুলি কবি নেকি? তহঁতক কেনেকৈ বুজাম? এইবোৰ অশ্লীল শব্দ, তহঁতবোৰ ৰসাতলে গ’লি  । গধূলিগোধন সৰুতেই মাতৃহাৰা হৈছিল। গতিকে সি তেনেকুৱা হোৱাটো স্বাভাৱিক। তহঁতে নক’বিচোন।” 


    গধূলিগোধনৰ  কিছুমান বেয়া আচৰণে উঠি অহা চামক প্ৰভাৱিত কৰিছিল যদিও অনুৰাগীৰ সংখ্যা কম হোৱা নাছিল।  সি কথা আৰু সুৰৰ মায়াজালত বন্দী কৰিব পৰা সন্মোহনী গুণৰ অধিকাৰী বুলি প্ৰায়বোৰেই তাক সমীহ কৰি চলিছিল। নিজৰ কথা নাভাবি আনৰ বাবে নিজকে উছৰ্গা কৰা গধূলিগোধনৰ এদিন অকাল মৃত্যু ঘটিল । সকলোকে শোকসাগৰৰ ঢৌত উটুৱাই  সৰলতাৰে অজান দেশলৈ গুচি গ'ল। সমাজৰ সকলো শ্ৰেণীৰ লোকেই শোকত বিহ্বল হৈ পৰিছিল।

    

এনেকৈয়ে দানবীৰ, বিশাল অন্তৰ আৰু প্ৰতিভাৰে প্ৰভুত্ব বিস্তাৰ কৰাৰ লগতে উশৃংখলতাৰ খলকনিত খল্ খলাই থকা গধূলিগোধন উশৃংখলভাৱেই খলমলাই এদিন শূন্য হৈ পৰিল। 


লখিমী মহন্ত 

৯৪৩৫৭০৩১১৩


Comments


bottom of page