top of page

অনুশাসন: শৃংখলিত সমাজৰ চাবিকাঠি

Updated: Oct 26, 2025

 

'অনুশাসন বিহীন জীৱন বৈঠাহীন নাৱৰ দৰে'- এই নীতিবচন ফাঁকি বিদ্যালয়ত শিক্ষাগুৰু আৰু ঘৰত মা-দেউতাৰ পৰা বহুবাৰ শুনিছিলো । পানীত বৈঠাই নাও এখন স্থিৰ ৰাখি সঠিক দিশত আগবাঢ়িবলৈ সহায় কৰে। জীৱনৰ অনুশাসন হ'ল সেই "আন্তৰিক বৈঠা" যিয়ে আমাক জীৱনৰ উত্থান-পতন, সমস্যা আৰু প্ৰলোভনৰ মাজতো স্থিৰ, সন্তুলিত আৰু সঠিক দিশত আগবাঢ়ি যোৱাত সহায় কৰে। ইয়াৰ অবিহনে জীৱনটো অস্থিৰ আৰু অসন্তুলিত হৈ পৰে। অনুশাসন হ'ল জীৱন-নাওখনি সফলতাৰ গন্তব্যস্থানলৈ লৈ যোৱা একমাত্ৰ সঁজুলি,যিদৰে নদী পাৰ হ'বলৈ বৈঠাৰ প্ৰয়োজন। এই কথাবোৰ শৈশৱত আমনিদায়ক লাগিলেও শিক্ষাগুৰু আৰু মা -দেউতাই বেয়াপোৱা কামবোৰৰ পৰা নিজকে যথাসম্ভৱ আতঁৰাই ৰাখিছিলো ।

বিশিষ্ট বৈজ্ঞানিক ড. এ পি জে আব্দুল কালামে Wings of Fire  গ্ৰন্হখনত অনুশাসন সম্পৰ্কে সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁ শৈশৱত পিতৃ-মাতৃৰ পৰা আৰু বিদ্যালয়ত শিক্ষকসকলৰ পৰা সময়ৰ মূল্য, সততা, অধ্যৱসায়  আদি শিকিছিল। এইবোৰে তেওঁৰ চিন্তা আৰু কৰ্মত এক অনুশাসিত ধাৰা আনিছিল। ISRO আৰু DRDO-ত কাম কৰাৰ অভিজ্ঞতা  বৰ্ণনা কৰি তেওঁ   কৈছে যে কোনো পৰীক্ষা, প্ৰকল্প বা মিছন সফল কৰিবলৈ হ'লে সময়, পৰিকল্পনা, দলীয় শৃঙ্খলা আৰু নিয়মিত প্ৰচেষ্টা  আৱশ্যক।অনুশাসন মানে কেৱল বাহ্যিক নিয়ম মানি চলা নহয়, বৰঞ্চ নিজৰ ভিতৰত এক স্ব-সংযম (self-discipline) গঢ়ি তোলা। অৰ্থাৎ, ইচ্ছা-আকাংক্ষাক নিয়ন্ত্ৰণ কৰি সঠিক দিশত আগবাঢ়িবলৈ সক্ষম হ’ব লাগিব। SLV-3 ৰকেট প্ৰকল্পৰ অভিজ্ঞতাত তেওঁ উল্লেখ কৰে যে, বৈজ্ঞানিকসকলৰ মাজত সমন্বয়, পৰিশ্ৰম আৰু অনুশাসনেই প্ৰকল্পটোক সফলতালৈ লৈ গ’ল।


জীৱনৰ দিশ নিৰ্দেশক কালামে কৈছে —

“Without discipline, even the brightest talent cannot shine.”

অনুশাসন নাথাকিলে, সৰ্বাধিক প্ৰতিভাশালী ব্যক্তিও সফল নহ’ব পাৰে। Wings of Fireত আব্দুল কালামে সফলতাৰ মূল চাবিকাঠি  নিয়মিত অনুশীলন আৰু অনুশাসন বুলি উল্লেখ কৰিছে ।ড০ কালামে এই কথাত গুৰুত্ব আৰোপ কৰে যে কেৱল বিদ্যালয়তে নহয়, এটা জাতিৰ প্ৰগতিৰ বাবেও অনুশাসন অতি প্ৰয়োজনীয়। তেওঁৰ মতে স্কুলত পালন কৰা আত্ম-অনুশাসনে ছাত্ৰ-ছাত্ৰীক দায়িত্বশীলতা, সময়োপযোগীতা আৰু লক্ষ্যভেদ কৰাত সহায় কৰে।  তেওঁ কৈছিল- “সূৰ্য্যৰ দৰে জিলিকিব বিচাৰিলে প্ৰথমে সূৰ্য্যৰ দৰে জ্বলিব লাগিব। " তেওঁৰ দৃষ্টিত অনুশাসন শাস্তি নহয়, আত্মনিয়ন্ত্ৰণ আৰু সমাজলৈ ইতিবাচক অৰিহণা যোগোৱাৰ আভ্যন্তৰীণ প্ৰেৰণা।


  অনুশাসন মানে নিয়ম-নীতি মানি চলা, নিয়ন্ত্ৰণ কৰা বা শৃঙ্খলিত কৰা।  অনুশাসন  শব্দটোৰ সমাৰ্থক বা প্ৰতিশব্দ হিচাবে নিয়ম, শৃংখলা,বিধি,আদেশ,আনুগত্য,সংযম,আত্মসংযম,শাসন,অন্তৰ্নিয়ন্ত্রণ ,আচৰণ বিধি আদি শব্দ ব্যৱহাৰ কৰা হয় ।এই শব্দবোৰ প্ৰাসংগিকতাত আধাৰ কৰি ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, "শৃংখলা" আৰু "নিয়ম" অধিক সাংগঠনিক বা সামাজিক ক্ষেত্ৰত ব্যৱহাৰ হয়, আৰু "আত্মসংযম"বা"অন্তৰ্নিয়ন্ত্রণ"ব্যক্তিগত অনুশাসনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ।

 

অনুশাসনৰ বিভিন্ন অৰ্থ হ'ব পাৰে ।নিয়ম-নীতি মানি চলা মানে কোনো নিৰ্দিষ্ট নিয়ম বা নীতিৰ দ্বাৰা পৰিচালিত হোৱা বুজায় । উদাহৰণস্বৰূপে, খেলপথাৰত খেলুৱৈসকলে নিয়ম মানি চলে, যাক খেলৰ অনুশাসন বুলি কোৱা হয়।নিয়ন্ত্ৰণ কৰা অৰ্থ  হৈছে নিজকে বা আনক নিয়ন্ত্ৰণ কৰা, যাতে কোনো কাম সঠিকভাৱে সম্পন্ন হয়। যেনে- বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক অনুশাসনত ৰাখিবলৈ শিক্ষকসকলে চেষ্টা কৰে।শৃঙ্খলিত জীৱন বুলি ক'লে এক শৃংখলাবদ্ধ জীৱন যাপন কৰা, য'ত নিয়ম-নীতি আৰু দায়িত্ববোধ থাকে।

লেখক এলেন বুথ চাৰ্চে “দ্য হেল্দি স্কুল লাঞ্চ” নামৰ কিতাপখনত এইদৰে লিখিছিল: “অনুশাসন হৈছে মুক্ত মনেৰে শুনিবলৈ আৰু আন ধাৰণা বা বস্তুবোৰ চোৱাৰ উপায়বোৰ বিবেচনা কৰাৰ ইচ্ছা। ইয়াত দায়িত্ব লোৱাও অন্তৰ্ভুক্ত থাকে। চৰিত্ৰৰ শক্তিয়ে আমাক প্ৰাথমিকতা নিৰ্ধাৰণ কৰিবলৈ আৰু সেইবোৰ প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম কৰে ।"


 

   অনুশাসন  সম্পৰ্কে বহু বিখ্যাত পণ্ডিত, দাৰ্শনিক আৰু চিন্তাবিদে মূল্যবান মন্তব্য কৰিছে।  চাণক্যই অনুশাসনক ৰাজনীতি আৰু জীৱনৰ গভীৰতম অংশ হিচাপে গণ্য কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে নিজকে নিয়ন্ত্ৰণ কৰাটো মানৱ জীৱনৰ অন্যতম মৌলিক গুণ। জাতি পিতা মহাত্মা গান্ধীয়ে অনুশাসনক নিজক নিয়ন্ত্রণ কৰাৰ এক কৌশল বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে এজন ব্যাক্তিয়ে আদৰ্শ জীৱন গঢ়ি তুলিব পাৰে বুলি মন্তব্য কৰিছিল। স্বামী বিবেকানন্দই– অনুশাসনক ব্যক্তিত্ব গঠন আৰু আত্মউন্নয়নৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছিল।তেওঁৰ মতে  চৰিত্ৰ আৰু অনুশাসন অবিহনে শিক্ষা আধৰুৱা হয় । বিশিষ্ট শিক্ষাবিদ মাৰিয়া মণ্টেছৰীয়ে বিশ্বাস কৰিছিল  অনুশাসন স্বাধীনতাৰ জৰিয়তে আহিব লাগে  আৰু ইয়াক বাহিৰৰ পৰা বলবৎ কৰাতকৈ আভ্যন্তৰীণ হ’ব লাগে।   তেওঁ গাঁথনিগত পৰিৱেশত ছাত্ৰ-ছাত্ৰীক স্বাধীনতা দিয়াৰ পোষকতা কৰিছিল।  শিশুক যেতিয়া অৰ্থপূৰ্ণ কাম আৰু সন্মান দিয়া হয় তেতিয়া স্বাভাৱিকতে তেওঁলোক অনুশাসিত হৈ পৰে।তেওঁৰ মতে শিক্ষকে আদেশ নহয়, পথ প্ৰদৰ্শন কৰিব লাগে ।আমেৰিকাৰ দাৰ্শনিক, শিক্ষাবিদ  জন ডিউইৰ মতে  গণতান্ত্ৰিক শিক্ষাৰ জৰিয়তে অনুশাসন হব লাগে । ডিউইয়ে অভিজ্ঞতাভিত্তিক শিক্ষণক প্ৰসাৰিত কৰিছিল আৰু বিশ্বাস কৰিছিল যে স্বৈৰাচাৰী নিয়ন্ত্ৰণৰ পৰিৱৰ্তে অংশগ্ৰহণ আৰু সহযোগিতাৰ জৰিয়তে অনুশাসনৰ উত্থান হ’ব লাগে।  তেওঁ যুক্তি দিছিল ,“শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, শিক্ষা নিজেই জীৱন।”মৌর্য সম্রাট অশোকৰ শিলালিপিসমূহত তেওঁৰ দ্বাৰা প্ৰচাৰিত অনুশাসনৰ বিষয়ে উল্লেখ আছে। তেওঁৰ অনুশাসনে সাধাৰণ জনসাধাৰণক সৎ, শুদ্ধ আৰু পৰিশীলিত জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। অনুশাসন কোনো শাস্তি নহয় ,বৰঞ্চ এটা আত্মগঠনমূলক শক্তি যি এজন ব্যক্তিৰ জীৱন গঠন আৰু সমাজ উন্নয়নত সহায় কৰে ।

অনুশাসনৰ বীজ প্ৰথমে পৰিয়ালতে ৰোপন হয়। মাতৃ-পিতাৰ শাসন, আদৰ্শ আৰু আচৰণে শিশুৰ মনত অনুশাসনৰ বোধ গঢ়ি তোলে। বিদ্যালয় হৈছে দ্বিতীয় স্থান, য’ত শ্ৰদ্ধা, নিয়মানুবৰ্তিতা আৰু দায়িত্ববোধ শিকোৱা হয় আৰু সমাজ হৈছে সেই স্থান, য’ত এই সকলো অনুশাসনৰ পৰীক্ষা হয়।

 

  সামাজিক অনুশাসন অৰ্থাৎ সমাজত বাস কৰা ব্যক্তিসকলৰ মাজত আচৰণ, দায়িত্ব আৰু কর্তব্যৰ ওপৰত নিৰ্দিষ্ট নিয়মৰ অনুসৰণ। ই এক ধৰণৰ অপৰিহাৰ্য নিয়মৰ সংহিতা, যিয়ে ব্যক্তি জীৱনৰ বিভিন্ন দিশত নিয়ন্ত্ৰণ আনে আৰু সমাজত একতা, ভ্ৰাতৃত্ব আৰু শৃঙ্খলা বজাই ৰাখে। সমাজত যদি প্ৰতিজনে নিজৰ ইচ্ছামতে চলিব বিচাৰে তেন্তে সমাজত বিশৃঙ্খলতা আৰু অৰাজকতাৰ সৃষ্টি হ’ব।অনুশাসনে ব্যক্তিক নীতি-নৈতিকতা আৰু সদ্‌আচৰণৰ দিশে প্ৰেৰণা দিয়ে।সমাজত সকলোৰে অধিকাৰ সমানভাৱে প্ৰতিষ্ঠা কৰি বিভিন্ন ধৰ্ম, জাতি, সংস্কৃতিৰ মানুহে একেলগে মিলি চলিবলৈ অনুশাসনে সহায় কৰে ।

 

মানৱ সমাজ এক সংগঠিত ব্যৱস্হা য'ত ব্যক্তি পৃথকে পৃথকে  কিন্তু একে পৰিবেশত জীৱন যাপন কৰে। এখন সুস্থ আৰু সুশৃংখলিত সমাজ চলি থাকিবলৈ কিছু নিয়ম-নীতি, নৈতিকতা আৰু আদৰ্শৰ প্ৰয়োজন হয়। এই নিয়ম-নীতি আৰু নৈতিকতাৰ সংমিশ্ৰণত গঠিত হয় সামাজিক অনুশাসন আৰু ই সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ বাবে এক গাইডলাইন, যি সমাজত সুশৃঙ্খলতা, শান্তি আৰু সহাবস্থান নিশ্চিত কৰে। অনুশাসন মানে কঠোৰতা নহয়, ই এক বন্ধনস্বৰূপ ।ই পৰস্পৰক মানি চলা, দায়িত্ব লোৱা আৰু পৰিয়ালৰ ভিতৰত এক সুস্থ, সন্মানজনক পৰিৱেশ গঢ়ি তোলাৰ মাধ্যম। অনুশাসনহীনতাই পৰিয়ালত বিবাদ, অবিশ্বাস সৃষ্টি কৰে আৰু শেষত বিচ্ছিন্নতাৰ মূল কাৰণ হৈ পৰে ।ইয়াৰ অভাৱত পৰিয়ালৰ বিশৃংখলতা সৃষ্টি হয় আৰু সামাজিক দায়বদ্ধতা হ্ৰাস পায় ।

  

অনুশাসন মানুহৰ জীৱনৰ এক গুৰুত্বপূর্ণ দিশ। ই কেৱল আচৰণ নিয়ন্ত্ৰণ নহয়, বৰঞ্চ এটি নৈতিক আৰু সামাজিক দিশ যি মানুহক সঠিক পথত চলিবলৈ সহায় কৰে। অনুশাসনহীনতাৰ ফলত ব্যক্তিৰ আত্ম-উন্নতি বাধাগ্ৰস্ত হয়। তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিব নোৱাৰে আৰু আত্ম-নিয়ন্ত্ৰণৰ অভাৱত বিভিন্ন অপকৰ্মত জড়িত হৈ পৰে।খেলুৱৈয়ে  যদি অনুশাসন নামানে তেন্তে তেওঁ ডোপিংৰ দৰে বে আইনী পন্থা অৱলম্বন কৰে । যান-বাহনৰ চালকে নিয়ম -শৃংখলা নামানিলে সঘনাই পথ দুৰ্ঘটনা ঘটে । উদাহৰণ স্বৰূপে ভাৰতত সৰহ সংখ্যক  পথ দুৰ্ঘটনাৰ মূল কাৰণ হৈছে যান-বাহন আইন  উলংঘন কৰা । অনুশাসনৰ অভাৱত শিক্ষা প্ৰতিষ্ঠানত বিশৃঙ্খলতা সৃষ্টি হয় ।বহু সময়ত ছাত্র-ছাত্ৰীয়ে শৃঙ্খলা নামানিলে শ্ৰেণীকোঠাত ছাত্ৰছাত্ৰীৰ মাজত মাৰপিট হয়,ছাত্ৰৰ হাতত শিক্ষক অপদস্থ হব লগা হয় আৰু ই শিক্ষণ প্ৰক্ৰিয়া বিঘ্নিত কৰে ।অনুশাসন অভাৱৰ  ফলস্বৰূপে  পৰীক্ষাত নকল বা অন্য বেআইনী পন্থা ব্যৱহাৰ  হয়, যি শিক্ষাৰ মান হ্ৰাস কৰে।ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত অনুশাসনৰ অভাৱে শিক্ষা-জীৱনত গভীৰ প্ৰভাৱ পেলায়। সঠিক সময়ত পাঠ্যপুথি অধ্যয়ন নকৰা, শিক্ষকক সন্মান নকৰা, বিদ্যালয় বা মহাবিদ্যালয়ৰ নিয়ম পালন নকৰা—এইবোৰে তেওঁলোকৰ শিক্ষা পৰিসৰত নেতিবাচক প্ৰভাৱ পেলায়। ফলস্বৰূপে তেওঁলোকৰ ফলাফল বেয়া হয় আৰু উজ্বল ভবিষ্যৎ গঢ়ি তোলাত ব্যৰ্থ হয়।


  ৰাজনৈতিক অনুশাসনৰ অভাৱৰ ফলত নেতা- পালিনেতাই নিয়ম নীতি নামানি ক্ষমতাৰ অপব্যৱহাৰ কৰে আৰু ৰাজহুৱা সম্পত্তি ধ্বংস হয়। যেতিয়া সমাজৰ নেতৃস্থানীয় সদস্যই অনুশাসন নামানে, তেতিয়া আইন-শৃংখলাৰ অবক্ষয় হয়। এনে সমাজত অপৰাধ,দুর্নীতি বিশৃংখলতা সৃষ্টি হয় ।অসমত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু NRC (National Register of Citizens) লৈ হোৱা প্ৰতিবাদৰ সময়ত বহু ঠাইত সামাজিক অনুশাসন ভঙ্গ হোৱাৰ ফলত ৰাজহুৱা সম্পত্তি ধ্বংস হৈছিল ,যান-বাহন জ্বলাই দিয়া হৈছিল আৰু সাধাৰণ লোকৰ জীৱন বিঘ্নিত  হৈছিল। বৰ্তমান সময়ত সামাজিক অনুশাসনৰ অভাৱত সামাজিক  ন্যায় ব্যাহত হোৱাৰ লগতে ৰাজহুৱা সম্পদ ধ্বংস হোৱাৰ অনেক উদাহৰণ  আছে।



     নিয়মানুবৰ্তিতা, কৰ্তব্যনিষ্ঠা, সহকৰ্মীৰ সৈতে সদ্ভাৱ—এই সকলোবোৰ অনুশাসনৰেই অংগ। ইয়াৰ অভাৱত কৰ্ম ক্ষেত্ৰতো বিশৃংখলতা সৃষ্টি হয়। অনুশাসনৰ অভাৱ ধীৰ গতিত হোৱা বিষক্ৰিয়াৰ দৰে। ই ব্যক্তিগত, শিক্ষাগত, সামাজিক আৰু বৃত্তিগত ক্ষেত্ৰত বীজ ৰোপন কৰে। সেয়ে, অনুশাসনৰ মূল্য উপলব্ধি কৰি  সকলোৰে জীৱনত ইয়াৰ সঠিক অৱস্থান নিশ্চিত কৰা উচিত। অনুশাসনে যিখিনি গঢ়ে, তাৰ অভাৱে সেইবোৰেই ভাঙি পেলায় । বৰ্তমান সময়ত সামাজিক মাধ্যমত অনুশাসনৰ প্ৰয়োজনীয়তা  অত্যন্ত গুৰুত্বপূর্ণ। এই মাধ্যমসমূহ আমাৰ মতামত প্ৰকাশ, তথ্য আদান-প্ৰদান আৰু সামাজিক সংযোগৰ এক শক্তিশালী মঞ্চ হ’লেও, ইয়াৰ অপব্যৱহাৰৰ ফলত সমাজত নানা ধৰণৰ সমস্যা দেখা দিছে। অনুশাসনৰ অভাৱত বহু সময়ত ভুৱা বাতৰি আৰু অপপ্ৰচাৰ বেয়াকৈ প্ৰসাৰিত হয়, যি সমাজত বিভ্ৰান্তি আৰু আতংক সৃষ্টি কৰে।টিভিৰ পৰ্দাত বা মোবাইলৰ ৰীলত ঘৃণা, বিদ্বেষ, জাতি-ধৰ্ম ভিত্তিক অপশব্দ বেছিকৈ প্ৰচাৰ হোৱাৰ ফলত সামাজিক ভ্ৰাতৃত্বত আঘাত হানিছে ।ফলত সামাজিক শৃংখলা বিনষ্ট হৈছে আৰু নবপ্ৰজন্মক সঠিক পথ প্ৰদৰ্শন দিয়াত ব্যৰ্থ হৈছে । তথ্য প্ৰচাৰত সঠিকতা, বস্তুনিষ্ঠতা আৰু নৈতিক দায়িত্ব নিশ্চিত কৰাৰ ক্ষেত্ৰত অনুশাসন এক অন্যতম উপাদান। যদিও সামাজিক মাধ্যম  এক শক্তিশালী অস্ত্ৰ , ই শক্তি হ’ব নে সংকট হব সেইটো নিৰ্ভৰ কৰে ইয়াৰ ব্যৱহাৰৰ ওপৰত। অনুশাসিত, দায়িত্বশীল আৰু নৈতিক আচৰণৰ জৰিয়তে সামাজিক মাধ্যমক সমাজ উন্নয়নৰ এক সহায়ক শক্তি হিচাবে গঢ়ি তুলিব লাগিব ।


  সেনাবাহিনীত অনুশাসন অতি গুৰুত্বপূৰ্ণ  বিষয় । কোনো সৈনিক বা বিষয়াই আদেশ নমানিলে  সমগ্ৰ লক্ষ্য ব্যৰ্থ কৰিব পাৰে আৰু ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব পাৰে।

অনুশাসনৰ অভাৱ কেবল ব্যক্তি জীৱনেই নহয়, এখন সমাজ, ৰাষ্ট্ৰ তথা বিশ্ব পৰ্যায়তো গভীৰ প্ৰভাৱ পেলাব পাৰে। অনুশাসনৰ অভাৱত বহু বিখ্যাত ব্যক্তি বা প্ৰতিভাবান মানুহৰ জীৱন ধ্বংস হোৱা বহু উদাহৰণ ইতিহাসত পোৱা যায়। অনুশাসন নাথাকিলেও কিছু সময়লৈ সাফল্য পাব পাৰি, কিন্তু দীঘলীয়া দিনত ই জীৱন আৰু কৃতিত্ব উভয়কে ক্ষতিগ্ৰস্ত কৰে।   সংগীত জগতৰ "King of Pop" হিচাপে জনাজাত মাইকেল  জেকচনৰ ব্যক্তিগত অনুশাসনৰ অভাৱ আৰু বিতর্কিত জীৱনশৈলীৰ বাবে কম বয়সত স্বাস্থ্যৰ অবনতি হৈছিল আৰু সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছিল। মাদকদ্ৰব্যৰ প্ৰতি আসক্তি, বিতর্কিত জীৱন,জীৱন -যাপনৰ সাধাৰন নিয়ম নমনাৰ ফলত বিশ্ব বিখ্যাত ফুটবল খেলুৱৈ ডিয়েগো মাৰাডোনাৰ কম বয়সত শাৰীৰিক আৰু মানসিক  স্বাস্থ্যৰ অবনতি ঘটে আৰু অকাল মৃত্য হয়। এনেবোৰ উদাহৰণে দেখুৱায় যে নিজৰ মাজত অনুশাসন নাথাকিলে যিমানেই প্ৰতিভা নাথাকক, ই স্বাভাৱিক ভাৱে ধ্বংস হৈ যাব  পাৰে ।


  ভাগৱত গীতাত অনুশাসন এক কেন্দ্ৰীয় বিষয়বস্তু।   গীতাত অনুশাসনক কেৱল বাহ্যিক নিয়ন্ত্ৰণ হিচাপে নহয়, আভ্যন্তৰীণ আয়ত্ত হিচাপে উপস্থাপন কৰিছে—মন, ইন্দ্ৰিয় আৰু কৰ্মৰ ওপৰত।

 কৰ্মত অনুশাসন (কৰ্ম যোগ)সম্পৰ্কে অধ্যায় ৩, ৭ পদ ত  এনেদৰে উল্লেখ কৰিছে

"যস্তু ইন্দ্ৰিয়ানি মনসা নিয়মীয়াৰভাতে'ৰ্জুন, কৰ্মেন্দ্ৰিয়হ কৰ্ম-যোগ অসকতা স বিষশ্যতে।"

 "কিন্তু যিজনে মনেৰে ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰে আৰু ক্ৰিয়াৰ অংগসমূহৰ সৈতে কৰ্মযোগ (ক্ৰিয়াৰ যোগ)ত নিয়োজিত হয়, মোহ নোহোৱাকৈ, তেওঁ শ্ৰেষ্ঠ।"

 

প্ৰকৃত অনুশাসন হ'ল মনোযোগ আৰু বিচ্ছিন্নতাৰে নিজৰ কৰ্তব্য পালন কৰা। মানসিক অনুশাসন (মন নিয়ন্ত্ৰণ) সম্পৰ্কে অধ্যায় ৬, পদ ৬ ত উল্লেখ  আছে-


"বন্ধুৰ আতমাত্মানস তস্যা য়েনাতমাইৱতমনা জিতাহ, অনামনাস তু শত্ৰুত্ভে বৰ্তেতাআত্মইভা শত্ৰুৱত।"

 "যিজনে মন জয় কৰিছে, তেওঁৰ বাবে মনটোৱেই শ্ৰেষ্ঠ বন্ধু; কিন্তু যিজনে তেনে কৰাত ব্যৰ্থ হৈছে, তেওঁৰ বাবে মনটোৱেই আটাইতকৈ ডাঙৰ শত্ৰু হৈ থাকিব।"

  

অনুশাসনে লক্ষ্য আৰু সাফল্যৰ মাজৰ সেতু বন্ধন কৰি জীৱনৰ  সফলতাৰ ভেটি গঢ়ি তুলিব পাৰে। অনুশাসন অবিহনে প্ৰতিভা নষ্ট হয়, কঠোৰ পৰিশ্ৰম দিশহীন হৈ পৰে, সফলতাই  বিফলতাৰ ৰূপ লব পাৰে ।অনুশাসন কেৱল এটা নিয়ম নহয় — ই এক জীৱন-ধাৰণৰ পদ্ধতি।  ই ব্যক্তিগত উন্নতি, শৈক্ষিক সফলতা আৰু শান্তিপূৰ্ণ সমাজৰ চাবিকাঠি।

 

দীপিকা লস্কৰ

৯৪৩৫২২৪৩৬৩

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Comments


bottom of page