top of page

তিব্বতৰ থুপতেন ককাইদেউ

Updated: Oct 26, 2025



আমি ফেচবুকৰ কথা  প্ৰথম শুনিছিলো ২০০৭ চনত ৷ শুনিহে আছিলো,  ভাৰততো ফেচবুক উপলব্ধ ২০১০ চনতে হব বুলি ভবাই নাছিলো।  ভাৰতত ফেচবুক উপলব্ধ হোৱা গম পোৱাৰ পাচতেই আমি ফেচবুক একাউণ্ট এটা খুলিলো ৷ সেই সময়ত ফেচবুকত আজিৰ দৰে ভিৰ ভাৰ নাছিল ৷ আমাৰ বন্ধুৰ তালিকাখনো আজিৰ দৰে ইমান দীঘল নাছিল ৷  বন্ধু বান্ধবীৰ সংখ্যা কম আছিল কিন্তু বন্ধু বান্ধবী সকলৰ মাজত এটা সুন্দৰ সম্পৰ্ক আছিল ৷ সন্ধিয়া কাম বন শেষ কৰি লেপটপটো খুলি লৈ ফেচবুক খুচৰি যি কেইজন বন্ধু আছিল তেওঁলোকৰ লগত কথা বতৰা পতাৰ লগতে তেওঁলোকৰ পোষ্টবোৰত কমেণ্ট লাইক কৰিবলৈ আৰম্ভ কৰিছিলো ৷  কি কৰিব লাগে নালাগে বৰ ভালদৰে  বুজাও নাছিলো ৷ ভিৰ কম আছিল বাবেই নেকি তেতিয়া কিন্তু যি সকল আমাৰ বন্ধুৰ  তালিকাত নাই তেনে ব্যক্তিৰো কেতিয়াবা কোনো কোনো পোষ্ট আমি  দেখা পাইছিলো ৷

 

   বৰষুণে চিপচিপাই থকা সন্ধিয়া এটাত গৰম  চাহ একাপ আৰু গৰম গৰম বাদাম পকৰা লৈ লেপটপত সদায় বহাৰ দৰে বহি সেইদিনাও ফেচবুক খুলি লৈছিলো  ৷ খুব সম্ভৱ সেয়া ২০১১ চন ৷ ফেচবুক লুটিয়াই পুটিয়াই থাকোতেই এখন অতি সুন্দৰ ফটো দেখা পালো ৷ মংগোলীয় বা তিব্বতীয় পাহোৱাল ডেকা এজনে  কোনো পাহাৰীয়া নদী বিধৌত ভূমি খণ্ডত ঘোঁৰা চেকুৰাই থকাৰ ফটো ,  দূৰত শাৰী শাৰী পাহাৰ ৷ ফটোখন Thupten T Anyetseng নামৰ এজন ব্যক্তিয়ে আপলোড কৰিছিল ৷ ঘোঁৰা আমাৰ অতিকৈ প্ৰিয় জন্তু ৷ সৰুতে আমি আমাৰ দেউতাক ঘোঁৰা এটা কিনি দিবলৈ খাটনি ধৰিছিলো৷ দেউতাই সুধিছিল, “ঘোৰাঁৰে কি কৰিবা ? “  আমাৰ উত্তৰ “স্কুললৈ অহা যোৱা কৰিম ৷“ আজিও ঘোৰাঁ দেখিলেই  ঘোৰাঁ চেকুৰাবলৈ মনটো ৰাইজাঁই কৰি উঠে ৷ তিব্বত আৰু মংগোলীয়াৰ প্ৰতিও সৰুৰে পৰাই আমাৰ আছিল এক দুৰ্বাৰ আকৰ্ষণ ৷ তিব্বতৰ ওপৰত লিখা বিভিন্ন কিতাপ গোটাই পঢ়িছিলোঁ স্কুলীয়া দিনতে ৷ আমাৰ দাদা দাৰ্জিলিংৰ মাউণ্ট হাৰমন স্কুলত পঢ়িছিল বাবেই  আগতে সঘনাই দাৰ্জিলিংলৈ যোৱা হৈছিল ৷ দাৰ্জিলিংৰ চৌৰাষ্টাৰ "অক্সফৰ্ড বুক এণ্ড ষ্টেচনাৰী " নামৰ বিপনীখন  দাৰ্জিলিং , তিব্বত,চিকিম, ভূটান আৰু হিমালয়ৰ ওপৰত লিখা বিভিন্ন ন পুৰণি কিতাপৰ ভাণ্ডাৰ ৷ দাৰ্জিলিংৰ মলৰ একাষে থকা এই ডাঙৰ বুকষ্টল খনত সোমাই খুচৰি খুচৰি তিব্বতৰ ওপৰত লিখা তিব্বতীয়,ইউৰোপীয় বা মাৰ্কিন লিখকৰ বিভিন্ন কিতাপ কিনি আনিছিলো  ৷ দালাই লামাৰ জীৱন কাহিনী ,  ১৯৩২ চনতে publish হোৱা David Macdonald ৰ Twenty Years in Tibet ৰ দৰে বহুমূলীয়া আৰু অসাধাৰণ কিতাপ খনো সেই বিপনীৰ পৰাই সযতনে সংগ্ৰহ কৰি সংৰক্ষণ কৰি ৰখাৰ লগতে  তিব্বতীয় সকলৰ অন্ধবিশ্বাস সমূহৰ ওপৰত লিখা কিতাপো সংৰক্ষণ কৰিছিলো ।


   মংগোলীয়াৰ প্ৰতি আকৰ্ষণৰ ঘাই কাৰণ আছিল ঘোৰাঁ ৷ মংগোলীয়াত জনসংখ্যাতকৈ ঘোৰাঁৰ সংখ্যা অধিক ।তাত সকলোৰে একোটাকৈ নিজা ঘোৰাঁ থাকে , সৰু বৰ সকলোৱে ঘোৰাঁ চেকুৰাই , সঘনাই হোৱা ঘোঁৰা দৌৰ প্ৰতিযোগিতা আদিৰ কথা কম বয়সতে দাৰ্জিলিংৰ বিপনীখনত দেখা ফটোগ্ৰন্হ (Picture book)ৰ পৰা সম্ভেদ পাই মংগোলীয়াৰ প্ৰতি ভীষণ আকৰ্ষিত হৈ পৰিছিলো । ফেচবুকত  পাহোৱাল ডেকাই ঘোৰাঁ চেকুৰাই থকা যিখন সুন্দৰ ফটো দেখিলো সেইখন ফটো তিব্বতৰ নে মংগোলীয়াৰ জানিবলৈ মনটো উদগ্ৰীৱ হৈ উঠিল ৷ কাৰণ মংগোলীয়াৰ দৰেই তিব্বতটো ঘোৰাঁৰ  কদৰ অতিপাত ৷ ঘোঁৰা দৌৰ প্ৰতিযোগিতা তিব্বতটো হয় ৷ তিব্বতীয় সকলৰ মতে “পিতৃৰ পাচতেই উত্তম বস্তুটো হল ঘোঁৰা ৷“ 


যি জনে ফটোখন আপলোড কৰিছিল তেওঁলৈ  বন্ধুত্বৰ অনুৰোধ পঠিয়ালো ৷ আগতেই কৈছো তেতিয়া ফেচবুকত আজিৰ দৰে ইমান ভীৰ ভাৰ নাছিল ৷শীঘ্ৰেই  থুপতেন নামৰ ব্যক্তিজনে আমাৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ৷ প্ৰথমেই তেখেতক সুধিলো ফটোখন কোন ঠাইত লোৱা ? জানিব পৰিলো ফটোখন তিব্বতৰ ৷ থুপতেন এনিয়েটচেং এজন তিব্বতীয় লোক ৷ তেখেত বসবাস কৰে আমেৰিকাৰ ফিলডেলফিয়াত ৷ লাহে লাহে তেখেতৰ লগত আমাৰ বন্ধুত্ব গঢ়ি উঠিল ৷ তিব্বতৰ কথা, দালাই লামাৰ  কথা মই  ইমানকৈ কি দৰে জানো সেই কথা ভাবি  আচৰিত হৈছিল থুপতেন ডাঙৰীয়া ৷ আটাইতকৈ আচৰিত হৈছিল যেতিয়া মই তিব্বতীয় সকলৰ অন্ধবিশ্বাস সমূহৰ কথাও উল্লেখ কৰিছিলো ৷ ইয়াৰ পাচত   আচৰিত হোৱাৰ পাল আছিল মোৰ ৷ থুপতেনে  আমাক আচৰিত কৰি এদিন  অসমীয়াতে থৰক বৰক হাতৰ আখৰৰে  নিজৰ নামটো  লিখি পঠিয়ালে -- “থুপতেন“ ৷ ভাবিলো -- আও নিজৰ হাতৰে দেখোন নামটো লিখি পঠিয়ালে ৷ প্ৰথমে ভাবিলো ফিলডেলফিয়াত চাগৈ কোনোবা বঙালী বা অসমীয়া মানুহ চিনাকী আছে তেওঁলোকৰ হতুৱাই নিজৰ নামটো মোক আচৰিত কৰিবলৈকে লিখাই লৈছে ৷ আমি উৎসুকতাৰে  সুধিলো “কোনে লিখি দিলে ?“ তেওঁ নিজে লিখা বুলি কোৱাত আমাৰ অলপো বিশ্বাস নহ'ল ৷ এইবাৰ আকৌ আমাক আচৰিত কৰি আমাৰ নামটো তেনেদৰই থৰক বৰক আখৰৰে  লিখি পঠিয়ালে ৷ কথাটো কি বাৰু ? ভাবি থাকোতেই ৷ তেওঁ আমাক তেজপুৰৰ পৰা আমাৰ ঘৰ কিমান দূৰ সুধিলে ৷ এঘন্টাৰ বাট বুলি তেওঁক জনোৱাত তেওঁ উৎফুল্লিত হৈ উঠা যেন অনুভৱ হ'ল৷

  

১৯৫৯  চনৰ তিব্বতত এক তীব্ৰ  আন্দোলন গঢ়লৈ উঠিছিল৷ এই আন্দোলন আছিল চীনৰ দখলদাৰীত্বৰ বিৰুদ্ধে তিব্বতীয় জনগণৰ এটি সশস্ত্র প্রতিৰোধ৷  ১০ মার্চ, ১৯৫৯ তাৰিখে লাচা চহৰত এই সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ হৈছিল। এই আন্দোলনৰ মূল কাৰণ আছিল  দালাই লামাক চীনে  আটক কৰাৰ পৰিকল্পনাই  তিব্বতীয় সকলৰ  মাজত ব্যাপক ভয়ৰ  সঞ্চাৰ  কৰিছিল। এই বিদ্রোহ চীনা সেনাবাহিনীয়ে  নিষ্ঠুৰভাবে দমন কৰে , সেয়ে  দালাই লামা ভাৰতলৈ নির্বাসিত হয় আৰু  হাজাৰ হাজাৰ তিব্বতীয়ৰ মৃত্যু হয়।  প্রতি বছৰে ১০ মার্চ তিব্বতীয় বিদ্রোহ দিবস (Tibetan Uprising Day) হিচাবে পালিত হয়।  ৰাতি,ৰাতি   ছদ্মবেশৰে দালাই লামাই তিব্বত এৰি পৰ্বত  বগাই আহি টাৱাং হৈ তেজপুৰ সোমাইছিলহি ৷ আমাৰ মায়ে দালাই লামাক সেই সময়ত তেজপুৰত লগ কৰিবলৈ গৈছিল ৷ এইকথা মাৰ মুখৰে শুনিয়ে সৰুতেই দালাই লামা , পোতালা , তিব্বতৰ বিষয়ে ভীষণ কৌতূহল জাগি উঠিছিল ৷  এই কথা থুপতেনক কথাই কথাই জনাইছিলো ৷ তেওঁ আমালৈ এটা ফেচবুক পোষ্টৰ স্ক্ৰীণচট পঠিয়ালে৷ পোষ্টটো কোনো অসমীয়াৰ ৷ দালাই লামাৰ ফটো এখনৰ তলত অসমীয়াতে লিখিছে ---প্ৰথমবাৰ অসমলৈ দালাই লামা অহাৰ ফটো ৷মহেন্দ্ৰ হাজৰিকাই তেওঁক আদৰণি জনোৱাৰ সময়ত লোৱা ফটো .... এইবাৰ আমি নিশ্চিত হলো থুপতেনে অসমীয়া পঢ়িব পাৰে ৷ ইতিমধ্যে থুপতেনৰ সতে প্ৰতি দিনেই  মেচেনজাৰৰ সহায়ত কথা পাতিবলৈ লৈছিলো ৷ থুপতেনে নিজৰ কাহিনী আমাক শুনালে ৷ ১৯৫৯ ত দালাই লামা পলাই অহাৰ পাচত তিব্বতত অৰাজকতা চলিছিল আৰু থুপতেনৰ পিতৃ চীনৰ বিৰুদ্ধে যুঁজ দিবলৈ গুচি  গল ৷ ইফালে মাকৰ লগত আছিল এবছৰীয়া ভায়েক। উপায়হীনা মাকে  থুপতেন আৰু থুপতেনৰ ককায়েকক ভাৰতলৈ পলুৱাই পঠিয়ালে ৷ মাক নিজে তিব্বততে থাকি গ'ল ৷ কণ কণ ল'ৰা দুটাই ওচৰ চুবুৰীয়াৰ লগত অবৰ্ণনীয় কষ্টৰে পৰ্বতৰ পাচত পৰ্বত বগাই  , পৰ্বতীয়া বৰফৰ নদী পাৰ হৈ আহি টাৱাং পায়হি ৷তাৰপাছত মিছামাৰি আৰু তাৰপাছত বালিমপং ৰিফুজী কেম্পত থাকে ৷  বালিমপং নামৰ কোনো ঠাই অৰুণাচল বা অসমত  নাই মই জনাত ৷ মই তেওঁক কলো ভালুকপুং নেকি? তেওঁ কয় নহয় ভালুকপুং ৷ তেনেহলে বালিপাৰা ? নাই নহয় বালিমপং ৷ আমি কোন ঠাই বুজি নাপালো ৷ থুপতনে জনালে  ৰিফুজী কেম্পত এদিন মাজনিশা ভৰিৰ প্ৰচণ্ড বিষত  থুপতেন সাৰ পাই গম পালে যে তেওঁ ককাঁলৰ তলচোৱা লৰচৰ কৰিব নোৱাৰে ৷ তেতিয়া থুপতেনৰ বয়স ৮ বছৰ ৷ ককায়েক ১০ বছৰীয়া ৷ থুপতেনে কাষতে শুইথকা ককায়েকক জগাই কলে ককালঁৰ তলচোৱা মৰি গল ৷ ককায়েকে খকমকাই উঠি  থুপতেনৰ ককালৰ পৰা ভৰিলৈকে মালিচ কৰি উঠাবলৈ চেষ্টা কৰিলে ৷ কিন্তু কোনোপধ্যেই থুপতেনে ককাল ডাঙিব নোৱাৰিলে ৷ কাক কব ? কোনে শুনিব ককায়েক ভায়েকৰ দুখৰ কথা ? সকলো নিজৰ নিজৰ দুখতেই জৰ্জৰিত ৷ দুয়ো বিচনাতে শুই শুই বহুপৰ কান্দিলে ৷ ইয়াৰ পাচত থুপতেনক তেজপুৰলৈ চিকিৎসাৰ বাবে অনা হয় ৷  তেজপুৰ মিচন হস্পিতালত চিকিৎসা আৰম্ভ হয় ৷ মিচন হস্পিতালত তেওঁ ক'ত আছিল , কি কৰিছিল -সকলো বোৰ কথাই মেচেনজাৰৰ যোগেদি আমাক কৈছিল৷ তেওঁ থাকে ফিলডেলফিয়াত ৷ মই থাকো অসমৰ নগাঁৱত ৷ কথাপতাৰ সময় বোৰ আমাৰ অমিল হয় ৷ মই good morning কলে তেওঁ শুবলৈ যাওঁ বুলি good night জনায় ৷ তথাপি আমাৰ মাজত কথা চলে ৷ তিব্বতৰ কথা ৷ শৰণাৰ্থীৰ কষ্টৰ কথা ৷ থুপতেনে তেজপুৰত চিকিৎসাৰ বাবে থকা  সময়ত ককায়েক আন শৰণাৰ্থীৰ লগত হিমাচললৈ গুচি যাব লগা হয় ৷ থুপতেন তেতিয়া ৮ বছৰীয়া অকলশৰীয়া এটি পেৰেলাইজড শিশু ৷ পিতৃ মাতৃ থাকিও নাই ৷ ককায়েক আছিল  ছায়াৰ দৰে । শৰীৰৰ মাৰাত্মক অসুস্থতাৰ বাবে আদ বাটতে তেঁৱো বিছিন্ন হৈ পৰিল ৷ থুপতেন সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিল ৷ যাৰ কোনো নাথাকে তেওঁৰ ওচৰত ভগৱান থাকে ৷ ভগৱানেই সকলো ব্যৱস্থা কৰি দিয়ে ৷ থুপতেনৰ বাবেও ভগবানে ব্যৱস্থা কৰি ৰাখিছিল দয়া মমতাৰে পৰিপূৰ্ণ দুজন ডাক্তৰ , এজাক মৰমীয়াল নাৰ্ছ, ৱাৰ্ড গাৰ্ল আৰু ৱাৰ্ড বয় ৷ তেওঁলোকৰ মৰম আৰু তত্ত্বাৱধানত থুপতেনে তেজপুৰ মিচন হস্পিতালত চাৰিটা বছৰ কটালে ৷ সেই সময়ত মিচন হস্পিতালত থকা আমেৰিকান ডাক্তৰ লুজ, ডাক্তৰ বৈদ্য আৰু ডাক্তৰ স্কনমেকাৰ আৰু এজন সহায়ক এমিলিয়ে থুপতেনৰ অপাৰেচন কৰি সুস্হ কৰাৰ চেষ্টা কৰে৷  মিচন হস্পিতালত থকা বছৰ কেইটাত থুপতেনক সকলোৱে অতি আদৰ কৰি ৰাখিছিল ৷ হস্পিতালৰ বিভিন্ন পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগত খেলাধূলা কৰিছিল ৷ কোনো কোনো চিষ্টাৰে তেওঁক প্ৰতি দিনেই অসমীয়া , অংক শিকাইছিল ৷ কোনোৱে হিন্দী  পঢ়ুৱাইছিল ৷ ইংৰাজী পঢ়ুৱাইছিল শ্ৰীমতী জনচনে ৷কোনোৱে শিকাইছিল সকলো পুৰুষক ককাইদেউ বুলি মাতিবলৈ আৰু সকলো মহিলাক বাইদেউ বুলি মাতিবলৈ ৷ এই কথাটো জনাৰ পৰাই মই থুপতেনক “ককাইদেউ“ আৰু থুপতেনে মোক “ বাইদেউ “ বুলি সম্বোধন কৰিবলৈ ললে ৷ ১৯৬৩চনত মিচন হস্পিতালে থুপতেন ককাইদেউক  মচৌৰীৰ এখন ইংৰাজী স্কুললৈ পঠিওৱাৰ ব্যৱস্থা কৰে ৷ তেজপুৰ এৰাৰ আগয়ে  মিচন হস্পিতালৰ আটাইৰে মৰমৰ থুপতেনক হস্পিতাল কতৃপক্ষই বিদায় সভা পাতি বিদায় দিয়ে ৷ এটা বৃহৎ মৰমীয়াল পৰিয়ালৰ মাজত চাৰিটা বছৰ কটাই পুনৰ সকলোকে এৰি যাব লগা হোৱাত ১২ বছৰীয়া থুপতেনৰ হৃদয় ভাঙি পৰিছিল ৷ ডাক্তৰ স্কুনমেকাৰ ,তেখেতৰ পত্নীৰ আৰু ডাক্তৰ লুজৰ পত্নীৰ  লগত  ককাইদেউ উৰাজাহাজেৰে কলিকতালৈ উৰামাৰে ৷ কলিকতাৰ পৰা ৰেলৰ প্ৰথমশ্ৰেণীৰে দেৰাডুনলৈ যাত্ৰা কৰে ৷ মিছামাৰী ৰিফুজী কেম্পত থকাৰ সময়ত ৰেলগাড়ী বা উৰাজাহাজ দেখিলেই দৌৰি দৌৰি চাবলৈ যোৱা থুপতেনে জীৱনত প্ৰথমবাৰৰ বাবে উৰাজাহাজ আৰু ৰেলত উঠাৰ উত্তেজনাত  পাতলিছিল তেজপুৰৰ আপোনজনক হেৰুৱাৰ বেদনা ৷


তেঁও এজন সহজ , সৰল , ধনাত্মক মনোবৃত্তিৰ সচাঁ অৰ্থত ভদ্ৰলোক  ৷ককাইদেৱে  কেতিয়াবা দেওবাৰে আমাৰ পৰিয়ালটো একেলগে ঘৰত থাকিলে  ভিডিঅ কল কৰি তেওঁ থকা ঘৰটো বা চুবুৰীটো বা নাতি নাতিনীয়েকহঁতক দেখুৱায় । আমাৰ পৰিয়ালৰ সদস্য সকলৰ লগত হাহিঁ ধেমালিৰে কথা পাতে ৷ জীৱনৰ বেছি কাল তেওঁৰ নানা ঘাট প্ৰতিঘাটৰে পূৰ্ণ  যদিও ৩৫ বছৰৰ পাচৰ পৰা তেওঁ এটা নিয়মিত জীৱন কটাইছে ৷ নিজৰ ককায়েকক , মাক, ভায়েকক বিচাৰি উলিয়াই ভতিজাহঁতক আনি Little Tibet নামৰ ৰেষ্টুৰেণ্ট খুলি দিয়াইছে ৷ নিজে চাকৰি কৰি অবসৰ লোৱাৰ পাচত বোৱাৰীয়েকক সহায় কৰি দিবলৈ বুলি দুটা নাতি চোৱা চিতা কৰি আনন্দৰে দিন কটাইছে ৷ মই তেওঁক তেওঁৰ জীৱনৰ কাহিনীবোৰ লিখি কিতাপ এখন কৰাৰ কথা কলো ৷ পাচদিনা তেওঁ ইমেইল কৰি মোলৈ তেওঁৰ জীৱনৰ কাহিনীবোৰ  লিখা এটা সংকলন পঠিয়ালে ৷ অতি আগ্ৰহৰে  পঢ়িলোঁ ৷ তেওঁ এইখিনি লৈ কিতাপ কৰাৰ সপোনৰ কথা কলে ৷ মই তেওঁক কিতাপৰ কাম কৰি যাবলৈ উৎসাহ যোগালো ৷

 

এদিন তেওঁ মোক তেজপুৰ মিচন হস্পিতাললৈ গৈ কেইজনমান মানুহ বিচাৰি উলিয়াবলৈ অনুৰোধ কৰিলে ৷ ইতিমধ্যে তেওঁক অপাৰেচন কৰি পুনৰ জীৱন প্ৰদান কৰা আমেৰিকাৰ ডাক্তৰ লুজক  বিচাৰি উলিয়াই ডাক্তৰৰ আমেৰিকাৰ ঘৰলৈ গৈ  পিতা পুত্ৰৰ সমন্ধ গঢ়ি তুলিছে ৷ কিন্তু তেওঁ তেজপুৰ মিচন হস্পিতালৰ সেই মৰমীয়াল মানুহজাকক পাহিৰব পৰাটো সম্ভৱপৰ নহয় । সেয়ে তেওঁলোকক বিচাৰি উলিওৱা বা হস্পিতালখন চোৱাৰ হেঁপাহ পুহি ৰাখিছে তেওঁ৷ তেজপুৰলৈ আহিব  বুলিও তেওঁ আহিব পৰা নাই ৷ অহাটো হৈ নুঠাৰ বাবে আমাকেই বিচাৰি যাবলৈ অনুৰোধ কৰে ৷ আমি , আমাৰ  বাইদেউ আৰু আমাৰ জীয়ৰী আৰু ভাগিনীজনীক লৈ মিচন হস্পিতাল পালো গৈ,  সেয়া ৭/৮ বছৰ মানৰ আগৰ কথা ৷ হস্পিতালত ৰোগীৰ ভীৰ ৷ ৰিচেপচনিষ্টক আমাৰ আগমনৰ কাৰণ জনালো  ৷ আমাৰ অহাৰ কাৰণ জানি তেওঁৰ মুখত বিৰক্তি ভাব  বা অৱহেলাৰ ভাব নেদেখিলো । ইমান ব্যস্ততাৰ মাজতো হেড নাৰ্ছক তেখেতে মাতি দিলে ৷ কাৰণ তেৱেই হস্পিতালৰ আটাইতকৈ পুৰণি ৷ তেখেতক থুপতেনে বিচৰা মানুহ সকলৰ নাম কলো ৷ নাৰ্চ গৰাকীয়ে যিমান পাৰে আমাক তথ্যবোৰ  দিলে। আমাক গোটেই কেম্পাচটো দেখুৱালে ৷ তেওঁ জনালে যে ডাক্তৰ বৈদ্যৰ জীয়ৰী মাদ্ৰাজ হস্পিতালত থাকে আৰু তেওঁৰ পুত্ৰ চীনত থাকে ৷পৰিয়ালটো তেজপুৰৰ পৰা যোৱাৰ পাচত  তেওঁলোকৰ লগত সংযোগ বিছিন্ন হৈ যায় ৷ ককাইদেৱে বিচৰা নাৰ্ছ কেইগৰাকী ইহলীলা ত্যাগ কৰিলে ৷দমকল মিস্ত্ৰী এজনৰ কথা কৈছিল ৷ তেনে মিস্ত্ৰী নাই বুলি জনালে ৷ বৰ্তমান হস্পিতালৰ আটাইতকৈ পুৰণি জীবিত কৰ্মীজন হল এজন পকা মিস্ত্ৰী ৷ থুপতেনক তেওঁৰ নাম কোৱাত লগতে ইজন সিজন বহুতৰে নাম কোৱাত তেওঁ কলে যে তেওঁক হস্পিতালৰ চিষ্টাৰ সকলে লৰাবোৰক ককাইদেউ আৰু ছোৱালীবোৰক বাইদেউ বুলি মাতিবলৈ শিকোৱাৰ বাবে কাৰো নাম তেওঁ নাজানিছিল ৷ আমি মহা সমস্যাত পৰিলো ৷ কেৱল ৰাণী নামৰ এজনী ছোৱালীৰ লগত আৰু ৰাণীৰ ভায়েক আনন্দৰ কথা কলে ৷ ৰাণী আৰু আনন্দৰ দেউতাকে ডিব্ৰুগড় হস্পিতালত চাকৰি কৰিছিল । পৰিয়াল আছিল মিচন হস্পিতালত ৷আমি video call কৰি ঘৰবোৰ দেখুৱালো থুপতেন ককাইদেউক ৷ তেওঁ ক'ত আছিল ৷   এটা ঘৰ দেখি চিঞৰি উঠিল এইটোত ডাক্তৰ বৈদ্য আছিল ৷ মই প্ৰতি ৰাতিপুৱাই এই ঘৰটোলৈ শ্ৰীমতী বৈদ্যক লগ পাবলৈ গৈছিলো কাৰণ তেওঁ মোক প্ৰতিদিনে হোম ৱৰ্ক দিছিল ৷ থুপতেনৰ লাহে লাহে যেন সকলো মনত পৰিছিল ৷ বহু কথা কলে ৷ বহু মানুহৰ কথা কলে ৷ কিন্তু নামবোৰ শুদ্ধকৈ কব নোৱাৰাৰ বাবেই বৰ্তমানৰ হেড নাৰ্চ গৰাকী লেঠাত পৰিছিল ৷ থুপতেন ককাইদেৱে ইয়াত থকা কালত খেলা পথাৰ খন,  ঘৰবোৰ সকলো নিজ চকুৰে দেখিলে ৷ তেওঁ আনন্দ নে বেথাত  মজিছিল ধৰিবলৈ টান লাগিল। থুপতেন ককাইদেউক  ষাঠি বছৰৰ আগৰ মিছন হস্পিতাল খন দেখুৱাই দুখ মনৰে ঘৰলৈ  ঘূৰি আহিলো ৷ তেওঁ বিচৰা এজন মানুহো নাপালো ৷ বাইদেউ আৰু মোৰ বৰ বেয়া লাগিছিল ৷ ইমান উৎসাহৰে গৈ কাকো নাপায় ঘূৰি আহিলো ৷ ককাইদেৱে আমাক বাৰে বাৰে ধন্যবাদ জনাইছিল ৷  তেওঁ কিন্তু কোনো দুখ কৰা নাছিল ৷ তেওঁ কৈছিল “ফেচবুকৰ সঠিক  ব্যৱহাৰ কৰিব জানিলে ই এটা বিৰাট আশীৰ্বাদ ৷“  জীৱন কি , কি দৰে জীৱন জীয়াই থাকিব লাগে , প্ৰত্যেকৰে জীৱনত পৰিয়ালৰ গুৰুত্ব কিমান  , জীৱনত আধ্যাত্মিকতাৰ  প্ৰয়োজন কিয়  আদি বহু কথাই ককাইদেউৰ পৰা শিকিব লগীয়া আছে ৷

 

বৰ্তমান আমি ফেচবুক /মেচেনজাৰ প্ৰায় এৰিছো ৷সেয়ে তেওঁৰ লগত  কেতিয়াবাহে কথা পতা হয় ৷ আজি কিছুদিনৰ আগতে তেওঁৰ কিতাপখন প্ৰকাশ হল ৷ দুদিন আগতে মেচেনজাৰত সুধিছিল , “বাইদেউ কিতাপখন পালা নে ?“


মই আচৰিত হলো ৷ “নাই পোৱা ককাইদেউ ৷“  আজি স্কুলৰ পৰা অহাৰ পাচত আমাৰ পুত্ৰই আমাৰ হাতত দিলেহি এটা টোপোলা ৷  কৰ্ণাটক ৰাজ্যৰ টাটিহালি , মানগডৰ  ২নং  লামা কেম্পৰ দ্ৰেপুং মনেষ্ট্ৰৰীৰ পৰা টোপোলাটো আহিছিল ৷  বুজিলো ককাইদেউৰ জীৱন কাহিনী ৷ মোকোলাই দেখিলো ৪০৭ পৃষ্ঠাৰ “ Son of a Tibetan Khampa Warrior, a living memory . Author :  Thupten T Anyetsang . কিতাপৰ ১৪৭ নম্বৰ পৃষ্ঠাত থুপতেন ককাইদেৱে ফেচবুকত লগ পোৱা বাইদেউ গৰাকীৰ কথাৰ লগতে তেখেতৰ পৰিয়ালৰ কথাও  কেইশাৰীমান লিখা দেখি  আনন্দতে চকুহাল সেমেকি আহিছিল ৷ মনলৈ পুনৰ আহিল ককাইদেৱে কোৱা কথাষাৰ “ফেচবুকৰ সঠিক ব্যৱহাৰ কৰিব জানিলে ফেচবুক হৈ পৰে এক বিৰাট আশীৰ্বাদ ৷“

 

ববিতা শইকীয়া

৯৩৬৫৪১৫১৫৭

 


Comments


bottom of page