সাহিত্যৰ নোবেল বঁটা বিজয়ী লাছল' ক্রাজনাহ'কাইৰ সৃষ্টিত অভিনৱ শৈলী
- ড০ শৰৎ বৰকটকী

- Oct 24, 2025
- 6 min read
Updated: Oct 26, 2025

“Style is the man himself”- ফ্ৰান্সৰ ১৮শ শতিকাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ-লুই লেক্লাৰ, কম্ত দ্য বুফ’ন (Georges-Louis Leclerc, Comte de Buffon) ৰ বিশেষ উক্তি । তেওঁ কৈছিল: “Le style c’est l’homme même.” অৰ্থাৎ বুফ’নৰ মতে, এজন লেখকৰ শৈলী (style) মানে তেওঁৰ ব্যক্তিত্ব, চিন্তা-চেতনা আৰু অন্তৰ আত্মাৰ প্ৰতিফলন। এজন মানুহৰ অন্তৰৰ মানসিক গুণ, বুদ্ধি, সংবেদনশীলতা আৰু জীৱন দৃষ্টিভংগী তেওঁৰ লিখনশৈলীত প্ৰকাশ পায়। এইবছৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী লাছল' ক্রাজনাহ'কাইৰ ক্ষেত্ৰত এই কথাষাৰ প্ৰযোজ্য হয়।
শৈলী সাহিত্যিকৰ নিজৰ উদ্ভাৱন। সাহিত্যত কৃত্ৰিমতা নাথাকে, স্বাভাৱিকতা আৰু স্বকীয়তা হ’ল এক মহান লেখকৰ পৰিচয়। লাছ্ল’ ক্ৰাছনাহ'কাইৰ 'ছাটানটেংগ' ( “Sátántangó” ) সাহিত্য জগতত প্ৰবেশ কৰা তেওঁৰ প্ৰথমখন উপন্যাস।সমাজৰ আধ্যাত্মিক দিশ হেৰুৱাই মানুহ কেনেকৈ অন্ধকাৰলৈ নামি যায়, এই উপন্যাসখনত তাকেই প্ৰতিফলিত হৈছে।

লাছ্ল’ ক্ৰাছনাহ'কাইৰ 'ছাটানটেংগ' অভিনৱ শৈলীৰ উপন্যাসখনিত বাক্যৰ গঠনৰ মাজত লেখকৰ সুকীয়া মাধুৰ্য নিহিত হৈ আছে। এই উপন্যাস খনৰ কাহিনী এক গভীৰ প্ৰতীকাত্মক ভাবে সমৃদ্ধ। প্ৰতিটো দৃশ্য, চৰিত্ৰ আৰু শব্দই গভীৰ অৰ্থ বহন কৰে। উপন্যাস খনত গাঁও এখন সমাজৰ পতনৰ প্ৰতীক হিচাপে অংকিত কৰিছে।গাঁওখন যি দিশতে চোৱা যায় সেইফালে ধোঁৱা, বৰষুণ আৰু অন্ধকাৰৰে আৱৰি আছে। ই কোনো সভ্যতাৰ অন্তিম সীমা ।এখন সমাজ যিয়ে নিজৰ নৈতিকতা, আশা আৰু সপোনবোৰ হেৰুৱাই পেলাইছে। এইখন যেন সমগ্ৰ ইউৰোপীয় ধ্বংসপ্ৰাপ্ত সমাজৰ প্ৰতিচ্ছবি।
"One morning near the end of October not long before the first drops of the mercilessly long autumn rains began to fall on the cracked and saline soil on the western side of the estate (later the stinking yellow sea of mud would render footpaths impassable and put the town too beyond reach) Futaki woke to hear bells. The closest possible source was a lonely chapel about four kilometers southwest on the old Hochmeiss estate but not only did that have no bell but the tower had collapsed during the war and at that distance it was too far to hear anything......."
এই উপন্যাসখন এক বিষাদময়, নীৰস আৰু ধ্বংসপ্ৰায় সমাজৰ প্ৰতিচ্ছবি। ছ’ভিয়েট-যুগৰ পতনৰ পাছত অৱস্থিত এক ক্ষয়িষ্ণু হাংগেৰীয় গাঁৱৰ পটভূমিত লিখা উপন্যাস, য’ত আশা, ধৰ্ম, নৈতিকতা—সকলো একে লগে ক্ষয় হৈছে।
গাঁওখনৰ নাম উপন্যাসত স্পষ্টকৈ দিয়া নাই। এটা নিঃসঙ্গ, বোকাময় অঞ্চল, য’ত কেবল কেইজনমান মানুহ অৱশিষ্ট আছে। সিহঁতৰ জীৱন একঘেয়ামী ,আশা-হীন আৰু দুখ-দুৰ্দশাৰে পৰিপূৰ্ণ।এই স্থবিৰ জীৱনত হঠাতে এটা খবৰ আহে “ইৰিমিয়াছ” নামৰ এজন মানুহৰ, যাক মানুহে মৃত বুলি ভাবিছিল, সি পুনৰ আহিছে। ইৰিমিয়াছক গাঁওবাসীয়ে এক ধাৰ্মিক মুক্তিদাতা হিচাপে ভাবে। সিহঁতে বিশ্বাস কৰে, ইৰিমিয়াছ আহিলে তেওঁলোকৰ জীৱন সলনি হ’ব। কিন্তু এই আশাৰ বিপৰীতে এটা ভয়ংকৰ প্ৰতাৰণাত পৰিণত হয়। কিয়নো ইৰিমিয়াছ হৈছে ভণ্ড বাবাজী অৰ্থাৎ false prophet. ইৰিমিয়াছ আৰু তেওঁৰ সঙ্গীবোৰ প্ৰকৃততে চৰকাৰী গুপ্তচৰ , সিহঁতৰ কাম হৈছে গাঁৱৰ মানুহৰ সকলো গোপন তথ্য সংগ্ৰহ কৰা।উপন্যাসখনৰ কাহিনী আগবাঢ়ে এক অদ্ভুত “টেংগো” বা “নৃত্য”ৰ আকাৰত। অধ্যায়বোৰৰ গঠনো নৃত্যৰ দৰে আগবাঢ়ে আৰু ঘূৰি ঘূৰি পুনৰ আৰম্ভণিলৈ যায়। এই গঠনেই উপন্যাসখন এক বৃত্তাকাৰ, পুনৰাবৃত্তিৰ অনুভৱ প্ৰদান কৰে যেন জীৱনটো নিজেই এটা অনন্ত দুখৰ চক্ৰ। উপন্যাস খনত বৰষুণক ধ্বংসৰ চিহ্ন হিচাপে দেখুৱা হৈছে। উপন্যাস খনত বৰ্ণিত গাঁৱৰ প্ৰতিজন মানুহেই একাকীত্ব ভুগি থাকে, তেওঁলোক মানসিকভাৱে ভাঙি পৰা। তেওঁলোকৰ মনত বহুত কথা আছে, কিন্তু সংযোগ নাই। এই মানসিক শূন্যতা সমাজৰ আধুনিক একাকীত্বৰ প্ৰতিচ্ছবি।
নিৰ্দোষ শিশু এস্তিকেৰ আত্মহত্যা উপন্যাসখনৰ আটাইতকৈ গভীৰ মানসিক দিশৰ ছবি। সমাজৰ নৈৰাশ্যই তাক আত্মহত্যা কৰিবলৈ ঠেলি দিয়ে। লাছল' ক্রাজনাহ'কাইয়ে দেখুৱাইছে যে,সমাজ এখন ধ্বংসৰ গৰাহত পৰিলে সৰ্বপ্ৰথমে বলি হয় নিৰ্দোষ মানুহবোৰ।মানুহে বাস্তৱৰ কষ্ট সহ্য কৰিব নোৱাৰে, সেয়ে ভ্ৰমকেই সাৱটি ধৰিবলৈ বিচাৰে। ই হৈছে মানৱ মনৰ এটা প্ৰাকৃতিক আত্মপ্ৰতাৰণাৰ ৰূপ।
“চয়তানৰ নৃত্য” মানে মানুহৰ ভিতৰৰ অশুভ শক্তিৰ নৃত্য। ক্ৰাছনাহৰকাই দেখুৱাইছে — মানুহৰ ভিতৰতেই চয়তান থাকে, বাহিৰৰ পৰা অহা নহয়। এই উপন্যাস খন হৈছে প্ৰতাৰণা আৰু নৈৰাশ্যৰ প্রতিচ্ছবি।লাছ্ল’ ক্ৰাছনাহৰকাইৰ Sátántangó উপন্যাস খন কেৱল এটা কাহিনী নহয়, ই এক মানৱ জীৱনৰ অস্তিত্ববাদী অনুসন্ধান। এক অসাধাৰণ ভাষাশৈলীৰ অধিকাৰী লাছল' ক্রাজনাহ'কাই নামৰ হাংগেৰীৰ লেখক গৰাকীয়ে সাহিত্যৰ নোবেল বঁটা লাভ কৰাৰ পিছত তেওঁৰ উপন্যাস কেইখন আগতকৈ বিশ্বৰ পাঠকৰ মাজত সমাদৰ বৃদ্ধি পাইছে।সাহিত্যৰ নোবেল বঁটা বিজয়ী লাছল' ক্রাজনাহ'কাইৰ সাহিত্যকৰ্ম বিশ্বৰ ৰসজ্ঞ পাঠকক আকৰ্ষিত কৰাৰ আন এক কাৰণ হৈছে তেঁওৰ সৃষ্টি সমূহৰ মাজত বিচাৰি পোৱা যায় গভীৰ জীৱনবোধ আৰু শব্দৰ নীৰৱতাত মানুহৰ অন্তৰ যুদ্ধৰ বৰ্ননা। মূলতঃ লাছল' ক্রাজনাহ'কায়ে শব্দৰ সহায়ত সভ্যতাৰ অন্ধকাৰত লুকাই থকা আলোকৰ সন্ধান কৰে। তেওঁৰ লিখনশৈলীৰ বিশেষত্ব হৈছে গভীৰ আৰু মননশীল কাহিনী সৃষ্টি কৰি চিন্তামূলক ভাষাৰ আশ্ৰয়লৈ পাঠকক বিৰল কলাত্মক কৌশলেৰে মানৱ চৰিত্ৰক অনিশ্চয়তাৰ মাজলৈ লৈ যাব পাৰে। তেওঁৰ বেছিভাগ সৃষ্টিৰ মাজত উত্তৰ-আধুনিকতাৰ প্ৰতিফলন ঘটিছে।তেওঁৰ চৰিত্ৰবোৰে এক নিৰন্তৰ প্ৰশ্ন তোলে যে -জীৱনৰ অৰ্থ কি?অস্তিত্ব মানে কি?এক অনিশ্চয়তা, ভগ্নতাৰ গভীৰ চিন্তাৰে তেওঁ সাহিত্যক উত্তৰ-আধুনিক যুগৰ আত্মাৰে যুক্ত কৰে। মানুহে মৰে, কিন্তু চিন্তা অমৰ হৈ থাকে।এই বিশ্বাসেই তেওঁৰ সাহিত্যৰ প্রাণ আৰু এই ভাবনাই লাছল'ক আধুনিকতাৰ সীমা পাৰ কৰি উত্তৰ-আধুনিক চিন্তাৰ এক কাব্যিক দৰ্শনলৈ লৈ যায়।
লাছল' ক্রাজনাহ'কায়ে ১৯৫৪ চনত হাংগেৰীত এটা ইহুদী পৰিয়ালত জন্ম লাভ কৰিছিল যদিও পিছলৈ দেশ এৰি ইটালীলৈ গুছি যায়। মাজে সময়ে জাৰ্মানীত থাকে । লাছল' ক্রাজনাহ'কাইক আধুনিক ইউৰোপীয় সাহিত্যৰ এক অনন্য দাৰ্শনিক কণ্ঠস্বৰ বুলি অভিহিত কৰা হৈছে। তেওঁৰ ''দ্যা মেলানকলি অফ ৰেজিষ্টান্স' (The Melancholy of Resistance) নামৰ উপন্যাসখন হৈছে এখন সৰু চহৰত এটা বিশাল মৃত তিমিমাছক কেন্দ্ৰকৰি লিখা এক অতিবাস্তৱ কাহিনী। এই উপন্যাসখনত সমাজৰ ৰাজনৈতিক অবক্ষয়, ভয় আৰু বিশৃঙ্খল পৰিবেশক প্ৰতীকী ভাবে বৰ্ণনা কৰা হৈছে।সভ্যতাৰ নৈতিক পতন আৰু মানৱ সমাজৰ অনিশ্চিত ভবিষ্যতৰ কথা তাত প্ৰকাশ কৰিছে । তেওঁৰ 'ৱাৰ এণ্ড ৱাৰ'(War and War)উপন্যাসখন হৈছে মানুহৰ ভিতৰত চলি থকা অনন্ত যুদ্ধ, বিষাদময় জীৱন হৈছে মূল প্ৰতিপাদ্য।এই উপন্যাস খনে পশ্চিমৰ দেশবোৰৰ পাঠকক গভীৰভাৱে আকৰ্ষন কৰিছিল। এটা মহাফেজখানাৰ এগৰাকী কৰ্মচাৰীয়ে এদিন আলমাৰীত প্রাচীন পাণ্ডুলিপি এটা পায় আৰু ইণ্টাৰনেটত সেই পাণ্ডুলিপিটো সংৰক্ষণ কৰি অমৰ হোৱাৰ চিন্তা কৰে। এই উপন্যাসখনত লাছল' ক্রাজনাহ'কাইয়ে মানুহৰ অমৰত্বৰ বাসনা আৰু বুদ্ধিমত্তাৰ সীমাৰ ওপৰত প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰিছে।তেওঁৰ শব্দবোৰে যেন ক’বলৈ চেষ্টা কৰে যে যুদ্ধ শেষ নহয়, এই যুদ্ধ অন্তৰত সদায় চলি থাকে। আমি 'ৱাৰ এণ্ড ৱাৰ 'উপন্যাস খন পঢ়িলে বুজিপাম যে মানৱ আত্মাৰ ভিতৰত চলি থকা যুদ্ধ খনৰ অন্ত নাই।
উপন্যাসখনৰ জৰ্জ কৰিন নামৰ নায়কজন যেন সমগ্ৰ মানবজাতিৰ প্ৰতিনিধি। জৰ্জ কৰিন হৈছে এজন সৰু মহাফেজখানাৰ কৰ্মচাৰী। উপন্যাস খন আৰম্ভ হৈছে এই সংলাপেৰে:
'। no longer care if I die, said Korin, then, after a long silence, pointed to the nearby flooded quarry: Are those swans?'
তেওঁ এদিন নিজৰ কাৰ্যালয়ত মহাফেজখানাৰ আলমাৰীৰ মাজত এটা প্রাচীন পাণ্ডুলিপি পায়, য’ত চাৰিজন মানুহৰ জীৱনৰ আখ্যান লিপিবদ্ধ হৈ আছিল । এই পাণ্ডুলিপিটোত ইতিহাসৰ বিভিন্ন সময়ত মানৱ সভ্যতাৰ বেদনা, যুদ্ধ আৰু নিৰাশাৰ,ধ্বংস আৰু পুনৰুত্থানৰ কাহিনী সোমাই আছিল।কৰিনৰ মনত এই পাণ্ডুলিপিটোলৈ এক অদ্ভুত শ্রদ্ধা জাগে। তেওঁ ভাবে, এই কাহিনী হ’ল মানুহৰ আত্মাৰ কণ্ঠস্বৰ।সেয়েহে তেওঁ সিদ্ধান্ত ললে যে এই পাণ্ডুলিপিটো চিৰদিনৰ বাবে সংৰক্ষণ কৰিব লাগিব। কৰিনে ভাবিলে যদি ইন্টাৰনেটত এই পাণ্ডুলিপিটো আপলোড কৰা যায়, তেনেহ’লে ই চিৰকাললৈ থাকি যাব।ইয়াৰ পিছত তেওঁ নিজৰ গাঁও,চাকৰি জীৱন সকলো ত্যাগ কৰি আমেৰিকালৈ যায়। তেওঁ বিশ্বাস কৰে যে ইণ্টাৰনেটেই হৈছে অমৰত্বৰ স্থান, য’ত কোনো বস্তু হেৰাই নাযায়। তেওঁ সেই লেখাটো অনলাইনত আপলোড কৰে, অনুভৱ কৰিলে যে,মানুহ এদিন মৰিব, কিন্তু তেওঁৰ চিন্তা অমৰ হৈ থাকি যাব। কিন্তু এই যাত্ৰাত কৰিনে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু শেষত কৰিনে আত্মহত্যা কৰে।অমৰত্বৰ সন্ধান কৰিনৰ বাবে মানৱতাৰ এক চিৰন্তন অনুসন্ধান।মৃত্যুৰ ওপৰত জয়লাভ কৰাৰ বাসনা। এই উপন্যাস খনত লাছল' ক্রাজনাহ'কাইয়ে প্রযুক্তি আৰু আত্মাৰ দ্বন্দ্ব কেনেকৈ চলি থাকে তাক ব্যঞ্জনধৰ্মিতা আৰু অনুভূতিশীলতাৰে সমৃদ্ধ কৰি বৰ্ননা কৰিছে।কৰিনৰ মতে ইণ্টাৰনেটেই নতুন স্বৰ্গ, কিন্তু প্ৰযুক্তিয়ে জানো মানুহৰ আত্মাৰ শূন্যতা পূৰণ কৰিব পাৰে! এই প্ৰশ্ন উত্থাপন কৰে। উপন্যাসখনত লাজল' ক্রাজনাহ'কাইয়ে দেখুৱাইছে যে,যুদ্ধ, বিভেদ, স্বপ্ন আৰু ভয় সকলো যুগত একে ধৰণৰ।

'ৱাৰ এণ্ড ৱাৰ' ত যুদ্ধ মানে নিজক বুজা, জীৱনৰ অৰ্থ বিচৰা আৰু মৃত্যুৰ আগত মানসিক শান্তিৰ সন্ধান কৰা এক প্ৰকাৰ যুদ্ধ।জীৱনৰ সৰ্বজনীন দ্বন্দ্ব। লাছল' ক্রাজনাহ'কাইৰ দীৰ্ঘ বাক্য, অন্তৰধ্বনি আৰু ধ্যানময় বৰ্ণনাই উপন্যাসখনক এক মনস্তাত্ত্বিক যাত্ৰাৰ ৰূপ দিছে। পাঠকৰ মন উপন্যাসখনৰ কাহিনীৰ নায়ক কৰিনৰ সৈতে যাত্ৰা কৰে, অদ্ভুত চিন্তাৰ পৰা জ্ঞানলৈ, আকৌ পুনৰ অনিশ্চয়তালৈ। ভাষা দীৰ্ঘ, কিন্তু স্থিৰ নহয়।প্ৰত্যেকটো বাক্য, শাৰী এক গীতৰ দৰে ; যেন শব্দবোৰে গম্ভীৰ ভাৱে হৃদয়ত নদীৰ দৰে এটা সোঁত বোৱাই নিয়ে। ইয়াৰ মাজতেই অনুভূত হয় এক প্ৰগাঢ় কাব্যিকতা,য’ত প্ৰতিটো শব্দ, প্ৰতিটো নীৰৱতা মানে চিন্তা, ভয় আৰু আশা। উপন্যাসখনৰ ৰচনা শৈলী এক অননুকৰণীয় ব্যতিক্ৰম। তেওঁৰ ভাষা দীৰ্ঘ, প্রবাহমান আৰু কাব্যিকতাৰে ভৰপূৰ।' ৱাৰ এণ্ড ৱাৰ উপন্যাসত কৰিনৰ ইণ্টাৰনেটলৈ আত্মাৰ স্থানান্তৰ প্ৰচেষ্টা হৈছে এক উত্তৰ-আধুনিকতাৰ প্রতীক ,য’ত বাস্তৱ আৰু অপাৰ্থিৱ বিশ্বৰ সীমা বিলুপ্ত।তেওঁৰ লেখনিত সভ্যতাৰ নৈতিক ক্ষয়, প্ৰযুক্তিৰ বিপদ, আৰু মানৱ আত্মাৰ শূন্যতা গভীৰভাৱে প্ৰতিফলিত।
লাছল' ক্রাজনাহ'কাইৰ উপন্যাসৰ কাহিনীৰ চৰিত্ৰবোৰ প্ৰায়েই একাকী, বিভ্ৰান্ত আৰু অৰ্থ সন্ধানত ব্যস্ত।এই দৃষ্টিভংগী অস্তিত্ববাদ আৰু দাৰ্শনিক অনুসন্ধানৰ সৈতে সংম্পৃক্ত। লাছল’ ক্রাছ্নাহ'কাই হৈছে কাফকা, দস্তয়েভয়েস্কি আদিৰ উত্তৰাধিকাৰী সাহিত্যিক । তেওঁ মানৱজীৱনৰ শূন্যতা আৰু দুখৰ অনুসন্ধান কৰে। তেওঁৰ উপন্যাসত প্ৰায় কোনোধৰণৰ আশা নাই, কিন্তু তাত এক অনন্ত অনুসন্ধান আছে,যত অস্তিত্বৰ অর্থ সন্ধান আছে। তেওঁৰ ভাষা জটিল হ’লেও সেয়া এক গীতৰ সুৰৰ দৰে । তেওঁৰ বাক্যসমূহে দৰ্শন, মনস্তত্ত্ব আৰু সমাজৰ ক্ষয়িষ্ণু দিশ একেলগে প্ৰকাশ কৰে ।তেওঁৰ সৃষ্টিত আশাৰ তুলনাত অধিক প্ৰাধান্য পাইছে কঠিন বাস্তৱতা আৰু বিষাদ। সেই বিষাদেই তেওঁৰ সাহিত্যক শাশ্বত কৰি তুলিছে।তেওঁৰ সাহিত্য পাঠকৰ বাবে এক দৰ্শন য’ত পাঠকে নিজৰ সমাজ, সময় আৰু চেতনাৰ সৈতে পুনৰ চিনাকি হ’ব পাৰে। সেয়েহে লাছল’ ক্রাছনাহ'কাইক আধুনিক সাহিত্যৰ অনন্য কণ্ঠস্বৰ হিচাপে চিহ্নিত হৈছে।
ড০ শৰৎ বৰকটকী
9435063014





Comments