এটা সূৰ্য হেৰাই গ'ল
- প্ৰিয়ঙ্কু শৰ্মা
- Sep 22, 2025
- 1 min read
এটা সূৰ্য হেৰাই গ'ল
আলোক সন্ধানী আই অসমীক
এন্ধাৰে আৱৰি ৰ'ল
নাভাগৰা এটি গান
যাৰ কণ্ঠত আছে জাতিৰ প্ৰাণ
যাৰ সৃষ্টিৰে হয় জীৱন জীপাল
হৃদয় নিমাতী হ'ল
এটি সুৰ আধৰুৱা হ'ল
নিদাৰুণ এই ভগ্ন সময়
আবেগ ভাঙি ছিঙি গ'ল ।
গৌৰৱময় সময়ৰ বুকুত
এটি সূৰ্য হেৰাই গ'ল
হৃদয় নিমাতী হ'ল
এটা সূৰ্য হেৰাই গ'ল।
প্ৰিয়ঙ্কু শৰ্মা (পিঞ্চু)
নগাঁও
৯১০১১৭৩০২৩





Comments