জুবিনৰ প্ৰথমখন ফাংচন আৰু সোণাৰি...
- প্ৰাণজিৎ শইকীয়া
- Sep 22, 2025
- 3 min read

মাননি ৬০০০ টকা, এংকৰ পবিত্ৰৰ মাননি ৩০০ টকা...
তেতিয়া ‘অনামিকা’ ওলাইছে। মানুহৰ বুকুত সোমাইছে ‘হাঁহিলে তুমি মুকুতা মণি সৰে...’। কিন্তু জুবিন গাৰ্গ জুবিন হোৱা নাই। লাহে লাহে গীত হিট হ’লেও জুবিনক কোনেও ফাংচন কৰিবলৈ মতা নাই। যোৰহাটতো জুবিনক একাংশই ষ্টেজ দিব নিবিচাৰে, সৰু ল’ৰা, বহেমিয়ান, পিন্ধা উৰা ঠিক নাই আদি। জে বি কলেজত পঢ়িলেও বহু ছিনিয়ৰ ছাত্ৰই জুবিনৰ নামকে নসহে। এবাৰ মাত্ৰ এটা অনুষ্ঠানত জে বিত জুবিনে গীত গাইছিল। সেইদিনা জংকীৰ এটা অনুষ্ঠানত হাৰমনিয়াম বজাই থকা জুবিনে এটা গীত গাইছিল ভনীয়েকে কোৱাত। তাতো একাংশ অসন্তুষ্ট হৈছিল- কিয় জুবিনক গাবলৈ দিব লাগে! এতিয়া হয়তো বহুতে এই কথাবোৰ স্বীকাৰ কৰিবলৈ টান পাব। কিন্তু তেতিয়া জে বিত পঢ়াসকলে এতিয়াও ক’ব পাৰিব সত্য কি আছিল।
সেই সময়ত সম্ভৱতঃ জে বিৰ সাংস্কৃতিক সম্পাদক সোণাৰিৰ পৰিমল কলিতা (Parimal Kalita)। পৰিমলৰো হাত ভৰি বন্ধা। জুবিনক ইচ্ছা কৰিলেও গীত গাবলৈ দিব নোৱাৰে। তেতিয়াই পৰিমলে এটা পৰিকল্পনা কৰিলে। জুবিনক এখন ষ্টেজ দিবই লাগিব। কিন্তু ক’ত? পবিত্ৰ মাৰ্ঘেৰিটা (Pabitra Margherita), গৌতম চক্ৰৱৰ্তী (ভেদ) আৰু দুজনমানৰ সৈতে আলোচনা কৰি ঠিক কৰা হ’ল সোণাৰিতে এটা প্ৰগেম কৰাৰ। সোণাৰিত তেতিয়া পৰিমল কলিতা, পৰাণ শইকীয়া, জ্যোতি প্ৰসাদ বৰুৱা (Jyoti Prasad Baruah), ৰাজু বৰকটকী, অভিজিত্ বৰুৱাই ‘সোণাৰি কালছাৰেল ক্লাৱ’ নামেৰে এটা অনুষ্ঠান গঠন কৰিছে। লগত আছিল সুৰজিত্ (মইনা) বৰাও। সেই বেনাৰতে জুবিনক প্ৰথমখন ফাংচন দিয়াৰ বাবে সকলো ঠিক কৰা হ’ল। কিন্তু তাতো লেঠা লাগিল, ‘সোণাৰি কালছাৰেল ক্লাৱ’ পঞ্জীয়ন নাই। সেই নামত চৰাইদেউ প্ৰশাসনে সোণাৰি কলেজত ABITAই নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত অনুষ্ঠানৰ অনুমতি দিব নোৱাৰে। তেতিয়া পৰিমল কলিতাহঁত ‘সমলয়’ৰ দাৰস্থ হ’ল। ‘সমলয়’ তেতিয়া ৰাজ্যৰে এটা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান। কিন্তু ‘সমলয়’ৰো একাংশই ‘অখ্যাত জুবিন’ৰ ফাংচনৰ সৈতে নিজৰ নামতো জড়িত কৰিবলৈ অনীহা প্ৰকাশ কৰিলে। অৱশেষত যেনিবা পৰিমলহঁতৰ হেঁচাত ‘সমলয়ে’ নিজৰ নামতো ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে। অনুষ্ঠানৰ বাবে প্ৰশাসনৰ অনুমতি আহিল।
সেয়া ১৯৯৩ চন। সোণাৰিত জুবিন নামৰ কোনোবা এজন ‘শিল্পী’ৰ এটা সংগীতানুষ্ঠান। সৰু চহৰখনৰ ক’ৰবাত ক’ৰবাত উচ্চগ্ৰামত ‘হাঁহিলে তুমি মুকুতা মণি সৰে...’ বাজে। তাতকৈ বেছি পৰিচয় নাই। এই ল’ৰাটোৱেই আহিব। কিন্তু পৰিমল কলিতাহঁতৰ কি দুঃসাহস! তেওঁলোকে সেই ‘অখ্যাত জুবিন’ৰ অনুষ্ঠানৰ বাবে টিকটৰো ব্যৱস্থা কৰিলে- ২০ টকা, ৩০ টকা আৰু ৫০ টকাৰ টিকট। নিৰ্দিষ্ট দিনত ‘হাঁহিলে তুমি মুকুতা মণি সৰে...’ শুনিবলৈ বহুত মানুহ গোট খালে। অনুষ্ঠান ৮ বজাৰ পৰা। কিন্তু জুবিনহঁত আহি নাপায়হে নাপায়। যোগাযোগ কৰিবলৈকো এতিয়াৰ দৰে ম’বাইল নাই। অৱশেষত ১০.৩০ বজাত জুবিন আৰু বাদ্যযন্ত্ৰীৰ দলটো পালেহি। আচলতে তেওঁলোকৰ গাড়ীখন নামৰূপত দুৰ্ঘটনাত পতিত হৈছিল। যোৰহাটৰ পৰা জুবিন আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডিব্ৰুগড়লৈ গৈছিল। গাড়ীখনক বাদ্যযন্ত্ৰী বন্ধুকেইজনক তাৰ পৰা তুলি আনিবলৈ। সেই অহাৰ বাটতে হৈছিল দুৰ্ঘটনা।
সোণাৰিত প্ৰাণ ভৰি গীত গালে জুবিনে। জুবিনৰ জীৱনৰ সেয়া প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান, প্ৰথমখন ফাংচন। সেই দিনটোত আৰু এজন লোকৰ ‘জন্ম’ হৈছিল। অনকৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ। পৰিমল কলিতাই সহপাঠী পবিত্ৰ মাৰ্ঘেৰিটাক অনুষ্ঠানটো এংকৰিঙৰ দায়িত্ব দিছিল। দুটা ভাষাত এংকৰিং, অসমীয়া আৰু ইংৰাজী। ঘোষকৰ দৰে অনুষ্ঠানৰ আঁত ধৰা মানুহজন ঘোষণাটো কৰি নামি নাহে, অনুষ্ঠানটো ষ্টেজত থাকি পৰিচালনা কৰিব। পবিত্ৰ মাৰ্ঘেৰিটাৰে পৰিকল্পনা। এক সফল সাংস্কৃতিক সন্ধিয়া। প্ৰথমতেই ভৰা অডিটৰিয়াম। পিছলৈ টিকট নাচাই দুৱাৰ খুলি দিবলগীয়া পৰিৱেশ।কোন জুবিন গাৰ্গ? কি গাইছে এই দীঘল চুলিৰ ল’ৰাটোৱে? সকলো অবাক। দৰ্শকৰ উল্লাস কলেজৰ নতুন অডিটৰিয়ামটোৰ বেৰত ঠেকা খাই বহু দূৰলৈ ছিটিকি পৰিল। বহু দূৰলৈ...।
অনুষ্ঠান শেষ হ’ল, জুবিনৰ প্ৰথমখন ফাংচন। মাননিৰ কথা আহিল। মাননি পৰিমলহঁতে হাতত তুলি দিলে, নগদ ৬০০০ টকা। বহুত টকা। জুবিনে হাঁহি মাৰি লৈছে। গীতৰ সভাৰ পৰা জীৱনৰ প্ৰথমটো উপাৰ্জন। ১২০০ টকা গাড়ী ভাড়া, বাদ্যযন্ত্ৰী বন্ধুসকলক ৩০০কৈ টকা দিয়াৰ পিছতো ২০০০ টকা মান ৰৈ গৈছিল। পবিত্ৰ মাৰ্ঘেৰিটাকো সেই দিনা এনকৰিং কৰাৰ বাবদ ৩০০ টকা দিয়া হৈছিল। সেয়া পবিত্ৰ মাৰ্ঘেৰিটাৰো জীৱনৰ প্ৰথম উপাৰ্জন। আচলতে পবিত্ৰক ১০০০ টকা দিয়াৰ কথা আছিল, কিন্তু জোৰাব পৰা নগ’ল। আয়োজনক অৱস্থা দেখি পবিত্ৰ মাৰ্ঘেৰিটা ৩০০ টকাতে সন্তুষ্ট হ’ল। সেই সোণাৰিৰ অনুষ্ঠানত গীত গোৱা ‘অখ্যাত জুবিন গাৰ্গ’ তাৰ পিছতে জুবিন হৈ পৰিল, ধোদৰ আলিয়েদি তেওঁ লুইতলৈ আহি সেই লুইতেদি সাতুৰি গৈ সাগৰো অতিক্ৰম কৰিলে। পবিত্ৰ মাৰ্ঘেৰিটায়ো জুবিনৰ অনেক অনুষ্ঠানত প্ৰফেশ্যনেল ফীজ লৈ এনকৰিং কৰিলে। পৰিচয়ো সলনি হ’ল।
মই সোণাৰিৰ ল’ৰা, সোণাৰি মোৰ আৱেগ, সোণাৰিয়ে জুবিনক দিয়া পৰিচয় আৰু সোণাৰিৰ পৰা আৰম্ভ কৰা যাত্ৰা আজি দিনটোত স্মৰণ কৰিবলৈ মন গ’ল।
প্ৰাণজিৎ শইকীয়া





Comments