top of page

মায়াবিনী ৰাতিৰ বুকুত জুবিনক বিচাৰি


আমাৰ প্ৰজন্মই বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা , ড০ ভূপেন হাজৰিকাৰ গান বুলি কলে মুগ্ধ হৈ শুনিছিলোঁ। আমাৰ বাবে হিন্দীগান আছিল কিশোৰ কুমাৰ, মহম্মদ ৰফি, লতা মঙ্গেশকাৰ আদিৰ। তেওঁলোকে গোৱা গান কব নোৱাৰাকৈ মুখস্থ হৈ গৈছিল। গুণগুণাই গাবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পিছলৈ জুবিন গাৰ্গৰ গানৰ কথা,সুৰ আৰু কণ্ঠৰ সন্মোহিনী শক্তিয়ে আকৰ্ষিত কৰিছিল।নিজৰ সৰু বাহনখনেৰে দীঘলীয়া যাত্ৰা কৰিলে পেন ড্ৰাইভত থকা জুবিনৰ গান শুনি যাওঁ। গান শুনি যাওঁতে কেতিয়া গৈ গন্তব্য ঠাই পাওঁ কবই নোৱাৰো। সেই বিখ্যাত গান বোৰ নিজেও গুণগুণাই থাকি ভাল পাওঁ।


"ক’ৰ এজাক সপোন যেন বৰষুণ

ধূলিৰ ওৰণি ঠেলি ভাঁহি আহে

তপত জীৱনত সেউজ বিপ্লৱ আই

সহস্ৰ ইচ্ছাৰে সোণালী আকাশে..."


জুবিনক চাৰিবাৰ মান লগ পাই কথা পাতি তেওঁৰ নম্ৰ স্বভাৱ, অহংকাৰ নথকা মনৰ পৰিচয় পাইছিলোঁ।জুবিন গাৰ্গে নিজৰ কণ্ঠৰ যাদুৰে অসংখ্য অমৰ গান উপহাৰ দি থৈ গল। জুবিনৰ গানত প্রেম, বিষাদ, মাতৃভূমিৰ প্ৰতি প্ৰেম আৰু জীৱনৰ সুৰ একেলগে শুনিবলৈ পাওঁ। কেতিয়াবা মায়াবিনী ৰাতিৰ বুকুত জুবিনৰ হৃদয় স্পৰ্শ কৰা প্ৰেমৰ গান ,কেতিয়াবা অতি প্ৰিয় লোকগীতৰ আধুনিক ৰূপ,কেতিয়াবা যৌৱনৰ উন্মাদনা সুৰ,কেতিয়াবা দেশপ্ৰেম আৰু নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰা গান এটাৰ পিছত এটা শুনি যাওঁ।জীৱনৰ দর্শন প্ৰতিফলিত কৰা ,দুখ আৰু একাকীত্বৰ অমৰ প্ৰেমগীত আদিয়েও প্ৰজন্মৰ পিছত প্ৰজন্মক ব্যকুল কৰি ৰাখিছে। যেনে:


"মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…


তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা, ৰ’দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা…


ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত।"


গানৰ মাজেৰে জুবিনে যি কেইখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে,অসমীয়া চলচ্চিত্ৰ জগতলৈ এক নতুনত্ব আনিবলৈ চেষ্টা কৰিছিল। তেওঁৰ পৰিচালিত গীত আৰু চলচ্চিত্ৰত অসমীয়া সংস্কৃতি, দেশপ্ৰেম আৰু মানৱতাৰ গভীৰ বাণী প্ৰতিফলিত হৈছে। অন্যহাতে জুবিন গাৰ্গ আছিল এগৰাকী প্ৰকৃত দেশ প্ৰেমিক, অসম প্ৰেমিক।তেওঁ এজন দানবীৰ আৰু সমাজসেৱক আছিল। সমাজৰ বিভিন্ন সংকট মুহূর্তত, প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত তেওঁ আগবাঢ়ি সহায়ৰ হাত প্রসাৰিত কৰিছিল। এই দিশটোত তেওঁৰ মানৱিক ৰূপ প্ৰতিফলিত হৈছিল। ক্ৰমান্বয়ে জুবিন গাৰ্গ অসমীয়া জাতিৰ আশা-আকাংক্ষা, অনুভূতি আৰু গৌৰৱৰ প্ৰতীক হৈ পৰিল। তেওঁৰ সৃষ্টি, তেওঁৰ যাত্ৰা, তেওঁৰ সুৰ—আজি অসমীয়া জাতীয় চেতনাৰ এক অমূল্য সম্পদ।


জুবিন গাৰ্গৰ জীৱন আৰু যাত্ৰা আজিৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কাহিনী। তেওঁ প্ৰমাণ কৰিছে যে প্ৰতিভা আৰু নিষ্ঠাৰ যোগেদি আঞ্চলিক সুৰৰো বিশ্বজুৰি স্বীকৃতি লাভ কৰিব পৰা যায়। "ইয়া আলী", "দিলেৰবী", "তুম মিলে", " গীতসমূহে তেওঁৰ প্ৰতিভাক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গল। "ইয়া আলী" (Gangster, 2006) এই গীতেই জুবিনক ৰাষ্ট্ৰীয় মঞ্চত এক অনন্য উচ্চতালৈ লৈ গৈছিল।বলিউডত "ইয়া আলী" গীতৰ সফলতাই জুবিন গাৰ্গক সমগ্ৰ ভাৰতৰ কোটি কোটি গানপ্ৰেমীৰ হৃদয়ত “ষ্টাৰ গায়ক” হিচাপে প্ৰতিষ্ঠা কৰিছিল।



জুবিন গাৰ্গ নিজৰ প্ৰতিভাৰ বাবেই অসমীয়া সংগীতৰ ইতিহাসত এক অনন্য নাম হৈ থাকিব। তেওঁৰ গীতত সুৰৰ যাদু, শব্দৰ গভীৰতা আৰু আবেগৰ সঁচা স্পৰ্শ আছে। এজন শিল্পী হিচাপে তেওঁ সকলো ধৰণৰ সংগীতত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে সেইয়া লাগিলে প্ৰেমৰগীত, বিষাদৰ গীত, দেশপ্ৰেমৰ গীত, লোকগীতৰ আধুনিক ৰূপ বা ৰক–ফিউজন হব পাৰে।তেওঁৰ গীতত সহজ ভাষা ব্যৱহাৰ কৰি গভীৰ অৰ্থ প্ৰকাশ হৈছে।


জুবিন গাৰ্গৰ গীত কেৱল বিনোদনৰ মাধ্যম নহয়, ই হৈছে মানৱীয় অনুভৱৰ এক দাপোন। তেওঁৰ গীতত প্ৰেম, বেদনা, আশা, হতাশা, দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱ একেলগে প্ৰতিফলিত হয়। সেইবাবে জুবিনৰ গীত অসমীয়া সমাজৰ আত্মাৰ সংগীত বুলি ক’ব পাৰি। সংগীতৰ মহাসাগৰ বুলি যদি ড০ ভূপেন হাজৰিকাৰ কথা কও ,তেনেহলে জুবিন গাৰ্গ হৈছে সংগীতৰ সাগৰ। ড০ ভূপেন হাজৰিকাৰ গীতৰ মূল বিষয় আছিল মানৱতা, সমাজসচেতনতা, শ্ৰমিকৰ কণ্ঠ আৰু বিশ্বজনীন প্রেম।"মানুহে মানুহৰ বাবে", "বিস্তীৰ্ণ পাৰৰে", "গঙ্গা বৈছে কিয়" আদি গীতত মানুহৰ জীৱনৰ দুখ-বেদনা আৰু সমাজসচেতন বাৰ্তা প্ৰকাশ পাইছে।জুবিন গাৰ্গৰ গীতৰ মূল বিষয় প্ৰেম, নতুন প্ৰজন্মৰ উন্মাদনা আৰু দেশপ্ৰেম। সুধাকণ্ঠৰ দৰে জুবিন গাৰ্গ বহুমুখী প্ৰতিভাসম্পন্ন।অসমীয়া চলচ্চিত্ৰ জগতকো নতুন ৰূপ প্ৰদান কৰিছে। ভূপেন হাজৰিকাই বিশ্বত অসমীয়া সংস্কৃতি প্ৰচাৰ কৰিছিল; জুবিন গাৰ্গে ভাৰতৰ মঞ্চত অসমীয়া চিনাকি দৃঢ় কৰিছে।


ভূপেন হাজৰিকা আছিল স্বাধীনতাৰ পাছৰ সমাজ আৰু বিশ্বচেতনা সম্পৃক্ত শিল্পী; জুবিন গাৰ্গ হৈছে বিশ্বায়নৰ যুগত জন্ম লোৱা নতুন প্ৰজন্মৰ প্ৰতিনিধি।ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ দুয়ো জনেই অসমীয়া সংগীতৰ গৌৰৱ। দুয়োগৰাকীয়েই একেটা সত্য প্ৰতিফলিত কৰিছে যে,অসমীয়া সংগীতৰ শক্তি অমৰ আৰু বিশ্বজনীন।


সংগীত জগতৰ দুগৰাকী দিৱ্যমান নক্ষত্ৰ কিশোৰ কুমাৰ আৰু জুবিন গাৰ্গৰ মাজত মই এটা মিল দেখা পাওঁ। দুয়োজনেই সংগীতৰ কণ্ঠৰে কোটি কোটি জনৰ হৃদয় জয় কৰিছে। যদিও তেওঁলোকৰ সময়, পৰিৱেশ আৰু সংগীতৰ ধৰণ বেলেগ তথাপিও দুয়োৰে মাজত অসংখ্য মিল লক্ষ্য কৰিব পৰা যায়।


কিশোৰ কুমাৰ (১৯২৯–১৯৮৭) বলিউডৰ অমৰ গায়ক, অভিনেতা আৰু সংগীত পৰিচালক। তেওঁ কেৱল গীতেই গোৱা নাই, গীত ৰচনা, সংগীত পৰিচালনা আৰু অভিনয়তো দক্ষতা দেখুৱাইছিল। "মেৰী সপ্নোঁ কি ৰাণী", "পল পল দিল কে পাছ", "জিন্দগী এক সফৰ", আদি গীতে তেওঁৰ কণ্ঠৰ জাদু আৰু বহুমুখী ক্ষমতা প্ৰতিফলিত হৈছিল।অন্যহাতে জুবিন গাৰ্গ (১৯৭২– ১৯২৫) অসমীয়া সংগীত জগতৰ এগৰাকী কিংবদন্তি। তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল অসমীয়া অডিঅ’ এলবামৰে, কিন্তু বলিউডৰ গেং ষ্টাৰ চলচ্চিত্ৰৰ “ইয়া আলী” গীতই তেওঁক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গ’ল। জুবিন কেৱল গায়ক নহয়, তেওঁ সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা আৰু পৰিচালকো। “এই বতাহে”, “মিশ্যন চাইনা” আদি চলচ্চিত্ৰ অসমীয়া সৃষ্টি আজিও জনপ্ৰিয়।। কিশোৰ কুমাৰৰ কণ্ঠত হেঁপাহ আৰু হাস্যৰসৰ সৈতে বিষাদ ফুটি উঠিছিল; জুবিনৰ কণ্ঠতো প্ৰেম, দেশপ্ৰেম, বিষাদ আদিৰ অনুভৱ সজীৱ । দুয়ো জনেই সময়ৰ সীমা অতিক্ৰম কৰি নতুন প্ৰজন্মৰ মাজতো জনপ্ৰিয়।




কিশোৰ কুমাৰ আৰু জুবিন গাৰ্গ দুয়ো জনে নিজৰ নিজৰ সময়ত সংগীত জগতৰ সুৰৰ সম্ৰাট। কিশোৰ কুমাৰ এজন কিংবদন্তি হিচাপে বলিউডৰ স্বর্ণযুগ প্ৰতিনিধিত্ব কৰে আৰু জুবিন গাৰ্গ অসমৰ পৰিচয় ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় মঞ্চত উজ্জ্বল কৰি তুলিছে। দুয়ো জনৰ মাজত মিল আৰু পাৰ্থক্য থাকিলেও, দুয়োজনেই প্ৰমাণ কৰিছে যে, শিল্পীয়ে যুগৰ সীমা অতিক্ৰম কৰি মানুহৰ হৃদয়ত অমৰ হৈ থাকে। কিশোৰ কুমাৰ আছিল ১৯৫০ৰ পৰা ১৯৮০ৰ দশকৰ বলিউডৰ নক্ষত্ৰ; জুবিন গাৰ্গ হৈছে ১৯৯০ৰ পাছৰ আধুনিক যুগৰ গায়ক।কিশোৰ কুমাৰ মূলত হিন্দী চলচ্চিত্ৰ সংগীতত সীমাবদ্ধ আছিল, যদিও তেওঁ বঙালী গীতো জনপ্ৰিয়; জুবিন গাৰ্গ অসমীয়া, হিন্দী, বঙালী, নেপালী আদি বহু ভাষাত গান গাই বিশ্বজনীন হৈ উঠিছে।কিশোৰ কুমাৰে মধুৰ কণ্ঠৰে ৰোমাণ্টিক আৰু আনন্দৰ গীতত বিশেষ সফলতা লাভ কৰিছিল, জুবিন গাৰ্গৰ শৈলী অধিক আধুনিক, ৰক-ফিউজন আৰু লোকসুৰৰ সংমিশ্ৰণ।

বিশ্বসংগীতৰ আকাশত বহু নক্ষত্ৰ আছে, কিন্তু কিছুমান নাম সদায় উজ্জ্বল হৈ থাকে। আমেৰিকাৰ মাইকেল জেকচন (Michael Jackson) আৰু অসমৰ জুবিন গাৰ্গ দুয়ো জনেই সেই ধৰণৰ শিল্পী, যিবোৰে নিজৰ গীতৰ শৈলী,পৰিৱেশন আৰু ব্যক্তিত্বৰ দ্বাৰা কোটি কোটি হৃদয় জয় কৰিছে। যদিও দুয়ো জনৰ সময়, দেশ আৰু সংস্কৃতি সম্পূৰ্ণ ভিন্ন, তথাপিও দুয়োৰ মাজত কেইবাটাও মিল থকা দেখা যায়।


হয়,মই মাইকেল জেকচন : বিশ্বৰ "King of Pop"ৰ কথাকে কব বিচাৰিছোঁ। মাইকেল জেকচনৰ জন্ম ১৯৫৮ চনত আমেৰিকাত। সৰুৰ পৰা সংগীতৰ লগত জড়িত হৈ, “Jackson 5” দলৰ জৰিয়তে তেওঁ বিশ্বৰ মঞ্চত প্ৰৱেশ কৰিছিল। ১৯৮০ৰ দশকৰ পৰা তেওঁ "King of Pop" বুলি খ্যাতি লাভ কৰে। “Thriller”, “Billie Jean”, “Beat It”, “Dangerous” আদি অমৰ গীতে তেওঁ বিশ্বসংগীতক নতুন দিশ দাঙি ধৰিছিল। কেৱল সংগীত নহয়, তেওঁৰ “Moonwalk” নৃত্য শৈলীও বিশ্বজুৰি কুখ্যাত আৰু অনুকৰণীয় হৈ পৰিছিল।


জুবিন গাৰ্গৰ জন্ম ১৯৭২ চনত অসমৰ শিৱসাগৰত। অসমীয়া অডিঅ’ এ লবামৰ পৰা যাত্ৰা আৰম্ভ কৰি তেওঁ কমদিনৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰে। মাইকেল জেকচনৰ বিশ্বপ্ৰসিদ্ধ লাইভ শ্ব’ আৰু জুবিন গাৰ্গৰ অসমীয়া মঞ্চত কৰা উদ্যমী পৰিৱেশনত সমান উৎসাহ দেখা যায়। দুয়ো জনৰেই অসংখ্য ভক্ত আছে আৰু তেওঁলোকৰ গান প্ৰজন্ম-প্ৰজন্মলৈ জনপ্ৰিয় হৈ আছে। মাইকেল জেকচনে পপ সংগীতক বিশ্বজুৰি নতুন ৰূপ দিছে, জুবিন গাৰ্গে অসমীয়া সংগীতত ৰক, ফিউজন আৰু লোক সংগীতৰ সুৰ মিশ্ৰণ কৰি নতুন দিশ দাঙি ধৰিছে।

মাইকেল জেকচন আছিল বিশ্বসংগীতৰ মঞ্চত (১৯৭০–২০০০ চনৰ), জুবিন গাৰ্গ হৈছে অসমীয়া তথা ভাৰতীয় সংগীতৰ ১৯৯০ চনৰ পাছৰ মুখ্য কণ্ঠ।মাইকেল জেকচনে ইংৰাজী ভাষাৰ জৰিয়তে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল, জুবিন গাৰ্গ মূলত অসমীয়া, হিন্দী, বঙালী আদি ভাষাত গান গাই দক্ষিণ এচিয়াৰ মাজত বিশেষকৈ জনপ্ৰিয়। মাইকেল জেকচন পপ, ৰক আৰু আৰএনবি শৈলীৰ জনক; জুবিন গাৰ্গ অসমীয়া লোকগীতৰ সৈতে আধুনিক সংগীতৰ মিশ্ৰণৰ বাবে খ্যাত।


মাইকেল জেকচন আৰু জুবিন গাৰ্গ দুয়ো জনেই নিজ নিজ সমাজ আৰু সংস্কৃতিৰ গৌৰৱ। মাইকেল জেকচনে বিশ্বসংগীতক নতুন দিশ দাঙি ধৰিলে, জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক পৰিচয়ক ভাৰত আৰু আন্তজাৰ্তিক মঞ্চলৈ লৈ গ’ল। দুয়ো জনৰ মাজত পাৰ্থক্য থাকিলেও, এটা সত্য প্ৰমাণ কৰিছে যে শিল্পীসকলে ভাষা, সংস্কৃতি আৰু সময়ৰ সীমা অতিক্ৰম কৰি মানবজাতিৰ হৃদয়ত অমৰ হৈ থাকিব। কায়িক ভাৱে জুবিন আমাৰ মাজত নাথাকিলেও, তেওঁৰ সুৰ, তেওঁৰ আবেগ, আৰু অসমীয়া সংস্কৃতিলৈ যি উপহাৰ দি থৈ গল সেইয়া চিৰকাল অসমীয়াৰ হৃদয়ত প্ৰতিফলিত হৈ থাকিব। জুবিন গাৰ্গৰ কণ্ঠ আৰু সৃষ্টি সদায় আমাৰ স্মৃতি, মন আৰু অনুভৱৰ অংশ হৈ থাকিব,হিয়াৰ কোণত চিৰকাল বাজি থাকিব।

জুবিন গাৰ্গ নাই এই শূন্যতা কেতিয়াও পূৰণ নহ’ব, কিন্তু যি স্মৃতিৰ মাধুৰ্যৰে আমাৰ মনত চিৰকাল জীয়াই থাকিব।



ড০ শৰৎ বৰকটকী

9435063014


Comments


bottom of page