top of page

অৰণ্যৰ বিচিত্ৰ জীৱন

অৰণ্যৰ দাঁতি কাষৰ

এখন মায়াৱী উপবন,


ৰৈ ৰৈ চাইছোঁ ----

আবেলিৰ হেঙুল চন্দ্ত

অন্য এক

কবিতাৰ মঞ্জৰী

সৃষ্টি হয় নেকি !!


গ্ৰীষ্মৰ আবেলিটো

এক আৰণ্যক নিৰ্জনতাত

নিৰলে বিদায় লব.....


এজাকমান ঘৰমূৱা পক্ষীৰ

কল কাকলিত মুখৰিত হৈ পৰিব

অৰণ্যৰ গধূলি!


ক্ষন্তেক পিছতে

এটা নতুন নিশা...

পদূলিত দেও দি ফুৰিব

কিছুমান ৰক্তাক্ত আৰ্তনাদ...


কোনে জানে

আজি নিশাই যদি

নমাই আনে

হথভগা কাৰোবাৰ জীৱনৰ অমানিশা !


উন্মুক্ত জীৱন

উন্মুক্ত যৌৱনে যেনেকৈ

ফুলি উঠে তেনেকৈয়ে হয়তো

হিংস্ৰ হাতোৰাৰ তীক্ষ্ণ আঁচোৰত ৰক্তাক্ত হয়

অৰণ্যৰ উপবন...


আৰু এইয়াই হয়তো অৰণ্যৰ বিচিত্ৰ জীৱন!!

পলী মজুমদাৰ

মৰিগাঁও,অসম ।

মো: নং ৮৬৩৮৮৭১০৬০

Comments


bottom of page