top of page

জীৱনৰ ৰং


জীৱনক লৈ মই ভীষণ পজিটিভ । প্ৰতিকুল পৰিস্থিতিৰ বিৰুদ্ধে মোকাবিলা কৰি আগবাঢ়ি যোৱাটোতহে জীৱনৰ মাদকতা থাকে । আমাৰ জ্ঞাতে বা অজ্ঞাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত্তত দৃশ্যপট সলনি হয় । যাৰ সৈতে জড়িত হৈ থাকে কিছুমান কাহিনী বা একোজন মানুহ ।

মোৰ নাম আকাশ বৰুৱা । মই বৰ্তমান গুৱাহাটীৰ বাসিন্দা । পেছাত মই এজন ডাক্তৰ । মোৰ এখন নিজৰ চেম্বাৰ আছে । মই এখন নাৰ্ছিং হোমতো কাম কৰোঁ ।বহাগ বিহুৰ কাৰণে বন্ধ কৰি ৰখাৰ পিছত সেইদিনা আবেলি ২-৩০ বজাত চেম্বাৰত বহিছিলোঁগৈ । দুজনমান ৰোগী চাই উঠিছোঁহে তেনেতে বাহিৰত হুৱাদুৱা লাগিল । বাহিৰলৈ ওলাই আহিলোঁ । হঠাতে অহা বৰদৈচিলাই মহানগৰীখন কঁপাই তুলিলে । ৰাস্তাত ভীষণ ভিৰ । গাড়ীবোৰ ইখনৰ পিছত সিখন লাগি ধৰিছে । মাজেৰে সৰকি ইপাৰ-সিপাৰ হৈছে মানুহ । মানুহবোৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে । মূৰৰ ওপৰত কি ৰং তেওঁলোকে পাহৰি গৈছে । মাথো মানুহে নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে ।

ধুমুহা অলপ শাম কটাত চেম্বাৰ বন্ধ কৰি মোৰ ভাড়াঘৰটোলৈ আহিলোঁ । মুখ-হাতকেইটা ধুই উঠি মোৰ সহায়কাৰী ল'ৰা বিমলক খুব ধুনীয়াকৈ গাখীৰ দিয়া চাহ একাপ বনাবলৈ দি ঘৰৰ আগফালৰ বাৰাণ্ডাৰ চকীখনত বহিলোঁগৈ । লাহে লাহে ধৰালৈ সন্ধ্যাৰাণীৰ আগমনৰ কাৰণে বাট মোকলাই দিবলৈ বেলিটোৱে জেতুকাবুলীয়া ৰং ছটিয়াই পশ্চিম আকাশত ডুব মৰাৰ উপক্ৰম কৰিছে । মোৰ ঘৰৰ সন্মুখৰ পথটো তেতিয়া জনশূন্য আৰু নিমাওমাও । মই শূন্যত দৃষ্টি ৰাখি এটা স্বপ্নৰ মাজত ডুবি গ'লোঁ । এই স্বপ্নৰ জলধিত খলকনি তুলিলেহি বাসনাৰ টুকুৰা টুকুৰ চিত্ৰ কিছুমানে ।মই চকু দুটা মুদি দিলোঁ । ধীৰে ধীৰে এখন ছবি হৈ , এটি সুৰ হৈ মোৰ চকু আৰু মনৰ পৰ্দাত জিলিকি উঠিল এজনী গাভৰু । তাইৰ নাম চন্দ্ৰাৱলী । চন্দ্ৰাৱলীক লগ পোৱা প্ৰায় এবছৰেই হ'লহি । ৰোগী হিচাপে মোৰ চেম্বাৰলৈ আহে তাই । তেনেকৈয়ে তাইৰ লগত মোৰ চিনাকি । নামটোৰ বাহিৰে তাইৰ বিষয়ে আজি পৰ্যন্ত মই একো নাজানোঁ । সামান্য বেমাৰ এটা হ'লেই তাই মোৰ ওচৰলৈ আহে ।

আন ৰোগী ডাক্তৰৰ ওচৰলৈ যেনেকৈ আহে চন্দ্ৰাৱলীও মোৰ ওচৰলৈ তেনেকৈ আহে । কিন্তু কিয় জানো মই প্ৰথম দৰ্শনতে চন্দ্ৰাৱলীৰ প্ৰতি সন্মোহিত হৈ পৰিলোঁ । কিমান গাভৰু ৰোগী মোৰ ওচৰলৈ আহে আৰু যায় । তেওঁলোকৰ ৰোগ চাই ঔষধ লিখি দিওঁ । বেমাৰ ভাল হ'লে কেতিয়াবা আহি তেওঁলোকে মোক কৃতজ্ঞতা জনায় । বচ্ ইমানেই । কিন্তু চন্দ্ৰাৱলী যেন তাৰ ব্যতিক্ৰম । শিষ্টাচাৰৰ মাজেৰে, বিনম্ৰ আন্তৰিক ব্যৱহাৰেৰে মানুহ কিমান সুন্দৰ হৈ উঠিব পাৰে তাইক প্ৰত্যক্ষ কৰি মই অভিভূত হওঁ । তাইৰ সাগৰৰ দৰে নীলা চকুযুৰি , তাইৰ হাঁহি, শিশুৰ দৰে নিৰ্মল আচৰণ, মাৰ্জিত সাজ-পোছাক ---এই সকলোবোৰেই এক চৌম্বকত্ব দাবী কৰি উঠে মোৰ মনত । মই সন্মোহিত হৈ পৰোঁ ।এগৰাকী ৰোগীৰ প্ৰতি প্ৰকাশ কৰা যায়নে এনে আকৰ্ষণ ? তথাপি মোৰ মনত সংগোপনে চুঁচৰি অহা এই আকৰ্ষণক বাধা দি ৰাখিব নোৱাৰি ঠিৰাং কৰিলোঁ ---চন্দ্ৰাৱলীৰ সকলো পৰিচয় মই উলিয়াম । লাহে লাহে তাইৰ হৃদয়ৰ ভাষা বুজিবলৈকো চেষ্টা কৰিম।

বিমলে আনি দিয়া চাহকাপৰ আমেজ লৈ সুন্দৰ সপোনৰ মাজত বিচৰণ কৰি থকা মুহূৰ্ততে সন্মুখৰ টেবুলত থকা মোবাইল ফোনটো বাজি উঠিল । কেঁচা টোপনিটো যেন কোনোবাই ভাঙি দিলে মোৰ তেনে লাগিল ।

বহাৰ পৰাই অলপ বেকা হৈ ফোনৰ স্ক্ৰীণত নামটো চালোঁ । বাইদেউৰ ফোন । নগাঁৱৰ পৰা কৰিছে । ফোনকলটো ৰিচিভ কৰি ক'লোঁ---"ভালে আছেনে ?"

"মোৰ ভালেই । তোৰো নিশ্চয় ভালেই । বিশেষ কাৰণ এটাত তোলৈ ফোন কৰিলোঁ ।"

"কওকচোন"---মই উৎকন্ঠাৰে ক'লোঁ ।

"তই পাৰিলে কালিলৈ নগাঁৱলৈ আহচোন । তোৰ লগত জৰুৰী কথা এটা পাতিবলগীয়া আছে ।"

মই চিন্তিত হ'লোঁ । কি জৰুৰী কথা মোৰ লগত পাতিবলগীয়া আছে বাইদেউৰ ? কিবা বেমাৰ হৈছে নেকি বাইদেউৰ ! মাত-কথাবোৰততো তেনে কোনো উমান নাপালোঁ । তেন্তে কি হ'ব পাৰে । মনৰ উচপিচনিক বাধা দিব নোৱাৰি পুনৰ বাইদেউক সুধিলোঁ---"কি কথানো বাইদেউ ?"

"ফোনত কোৱা কথা নহয় । আহিলে সকলো কথা ক'ম" বুলি বাইদেৱে ফোনৰ সংযোগ কাটি দিলে ।

মোৰ মনৰ খু-দুৱনি বাঢ়িল । কিয়বা মাতি পঠিয়াইছে ইমান লৰালৰিকৈ ? ভাবি-গুণি মোৰ মনক দুৰ্বল হ'বলৈ অৱকাশ নিদিলোঁ । মোৰ ব্যক্তিগত সকলো কথাক আওকাণ কৰি বাইদেউৰ আদেশ মানিবলৈ নিজকে প্ৰস্তুত কৰিলোঁ ।


পিছদিনা দুপৰীয়া ভাত-পানী খাই নিজৰ গাড়ীখন লৈয়ে নগাঁৱলৈ ৰাওনা হ'লোঁ । গাড়ী বিমলে চলালে । বিমল মোৰ কেৱল ঘৰৰ সহায়কাৰীয়ে নহয় সি মোৰ ড্ৰাইভাৰো । কিনকিনিয়া বৰষুণ এজাক তেতিয়াও দি আছিল । বহাগ মাহ পৰিল যদিও বৰষুণজাক দিয়াৰ কাৰণে অলপ ঠাণ্ডা ঠাণ্ডা লাগিল । মই বহি অহা কাষৰ খিৰিকীখন বন্ধ কৰি দিলোঁ । গৰম ভাৱ এটাৰ অনুভৱ হ'ল । আমেজত মই চকুহাল মুদি দিলোঁ । মিঠা পৰিবেশটোৰ এটা সুমিষ্ট মাদকতাত মোৰ মন-প্ৰাণ জুৰ পৰি গ'ল । হঠাত মোৰ মনৰ দৃশ্যপট সলনি হ'বলৈ ধৰিলে । ক্ৰমান্বয়ে আবেলি এই মধুৰ পৰিবেশৰ পৰা মোৰ কাণত অতীত এটা ৰিংৰিঙাই বাজি উঠিল । অতীতটোৰ গাৱেদি বগাই লাহে লাহে মোৰ কাণত পৰিলেহি কিছুমান মাত-কথা । এই মাত-কথাবোৰে মোৰ স্মৃতিৰ দুৱাৰখনত টুকুৰাই দিয়াত দুৱাৰখন মেল খাই গ'ল ।


"অ' বোপাই , মই বেছি দিন জীয়াই নাথাকোঁ । মাৰাক চাবি । তয়ো ভালকৈ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ'বলৈ যত্ন কৰিবি । সৎ হ'বি , পৰোপকাৰী হ'বি ।"----বেমাৰত ভুগি থাকি দেউতাই কোৱা কথাকেইটা তেখেতৰ মৃত্যুৰ পাছতো আজি পৰ্যন্ত ৰৈ ৰৈ মোৰ কাণত প্ৰতিধ্বনিত হৈ থাকে । টকাৰ অভাৱত ভালদৰে চিকিৎসা কৰাব নোৱাৰাৰ কাৰণে দেউতাক মই অকালতে হেৰুৱালোঁ । তেতিয়া মই অষ্টম মান শ্ৰেণীৰ ছাত্ৰ । দেউতাই ঘৰে ঘৰে হাজিৰা কাম কৰি আমাৰ তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আছিল । দেউতাৰ অবিহনে মা আৰু মই অন্ধকাৰত ডুবিলোঁ । টকাৰ অভাৱত ভালদৰে চিকিৎসা নোহোৱাৰ কাৰণেই দেউতা মৃত্যুৰ মুখত পৰিল --এই চিন্তা মোৰ মগজুত পাকঘূৰণী খাই থাকিল আৰু তেতিয়াই মোৰ মনত অঙ্কুৰিত হ'বলৈ ধৰিলে ভৱিষ্যতে ডাক্তৰ হোৱাৰ এটা সপোন । মায়ে মোক আশ্বাস দিলে - " তই ভালদৰে পঢ়া শুনা কৰ বাবা। মই আনৰ ঘৰত কাম কৰি হ'লেও মই তোক পঢ়ুৱাম। " মায়ে আনৰ ঘৰত কাম কৰিবলৈ ল'লে।


দুখীয়াৰ দুখ নুগুচে। মই তেতিয়া দশম মানৰ ছাত্ৰ। মেট্ৰিক পৰীক্ষা দিব লাগিব। পঢ়া - শুনাত মই ব্যস্ত। তেনেসময়তে হঠাতে এদিন মা মূৰ ঘূৰাই অচেতন হৈ পৰিল। মই দিশহাৰা হলোঁ। ওচৰতে থকা খুৰাহঁতক মাতিলোঁ। ওচৰচুবুৰীয়া দুই - এজনো আহিল। খুৰাই গাড়ী এখন মাতি আনি মাক ওচৰৰ চৰকাৰী হাস্পতাললৈ লৈ গ'ল। কিন্তু কি হব! হাস্পতাল নাপাওঁতেই মায়ে ইহ সংসাৰৰ পৰা বিদায় মাগিলে। মই চিঞৰি চিঞৰি কন্দিলোঁ। খুৰাই মোক সান্তনা দিলে।

দেউতা ঢুকুৱাৰ পিছত মোৰ মনত অঙ্কুৰিত হোৱা সপোনটোৱে পোখা মেলিবলৈ ধৰিলে। মই মন দি পঢ়ি মেট্ৰিক পৰীক্ষাটো দিলোঁ। কিছুদিনৰ পিছত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। মই ষ্টাৰ মাৰ্ক লৈ মেট্ৰিক পাছ কৰিলোঁ। স্কুলৰ ছাৰসকলে, খুৰাহঁতে ক'লে - "তই আমাৰ গৌৰৱ বঢ়ালি ।"

খুৰাক এদিন মই চহৰৰ কলেজ এখনত বিজ্ঞান শাখাত নাম ভৰ্তি কৰাৰ কথা ক'লোঁ । খুৰাই মোৰ কথাত একো নামাতি মৌন হৈ ৰ'ল । পিছত মই মনতে ভাবিলোঁ --খুৰাইনো কি মাত মাতিব ! খুৰা চহৰৰ এখন হাইস্কুলৰ চকিদাৰ । আমাৰ খেতি-মাটি তেনেকৈ নাই । বছৰটোৰ কাৰণে খেতিৰ ধানে নাটে । নিজৰ সংসাৰৰ জোৰা টাপলিকে খুৰাই ভালদৰে মাৰিব নোৱাৰে তেনে ক্ষেত্ৰত মোক কেনেকৈ চহৰৰ কলেজত পঢ়ুৱাব । মই কিছুদিন টাপ মাৰি ৰ'লোঁ ।

এদিন ৰাতিপুৱা । সেইদিনা পুৱা মই দেৰিকৈ টোপনিৰ পৰা সাৰ পাইছিলোঁ । আকাশ ফৰকাল । ঘৰৰ জলঙাইদি পোহৰবোৰ যেনিতেনি সোমাই কোঠাটো পোহৰাই তুলিছিল । মই বিছনাৰ পৰা উঠি আহোতে চোতালত খুৰাৰ মাত শুনিলোঁ---"আকাশ। , উঠিলিনে ?" মই দুৱাৰখন খুলি দিলোঁ । খুৰা ভিতৰলৈ সোমাই আহিল ।

দুফালে নাল থকা কাঠৰ চকীখনত খুৰা বহিল । খুৰায়ে চকুহাল কোঠাটোৰ চাৰিওফালে ঘূৰাই লৈ লাহেকৈ গল খেকাৰি এটা মাৰি মোক ক'লে---"মই তোৰ লগত কথা এটা আলোচনা কৰিবলৈ আহিছোঁ । মই কাম কৰা স্কুলখনৰ ছাৰ-বাইদেউসকলৰ আগত তোৰ পঢ়াৰ কথা উলিয়ালোঁ । তোৰ ইচ্ছাৰ কথাও ক'লোঁ । মই যে তোৰ পঢ়াৰ খৰচ-পাতি যোগান ধৰিব নোৱাৰিম তাকো ক'লোঁ । মোৰ কথাবোৰ শুনি নীলিমা বাইদেৱে ভাবি-চিন্তি তোৰ পঢ়াৰ সকলো খৰচ দিয়াৰ উপৰিও তোক তেওঁ নিজৰ লগতে ৰাখিম বুলি ক'লে । মই ভাবো কথাটো ভালেই হ'ব নেকি ?"

মই উচপ খাই উঠিলোঁ । আজিও এনে মানুহ আছেনে ? অৱশ্যে এনে মৰমীয়াল, উদাৰ, পৰোপকাৰী লোক আছে কাৰণেই পৃথিৱীখন জীয়াই আছে । মোৰ মালৈ মনত পৰিল । মায়ে মোক প্ৰায়ে কৈছিল ডাঙৰ মানুহৰ উপদেশ ভগৱানৰ আশীৰ্বাদ বুলি ভাবিবি ।

ভাবি-চিন্তি খুৰাক বাইদেউৰ ঘৰলৈ যাম বুলি কোৱাত খুৰাই মোক তালৈ লৈ গ'ল । আমি বাইদেউৰ ঘৰ গৈ পোৱাৰ পিছত তেওঁ আমাক আথে -বেথে বহিবলৈ দিলে । আমাৰ মাজত কথা-বতৰা চলিল । বাইদেৱে মোৰ মনৰ ইচ্ছা জানিব বিচাৰিলে । মই দ্বিধাহীনভাৱে কৈ গ'লোঁ । বাইদেৱে মোক আশ্বাস দিলে । বাইদেউৰ প্ৰেৰণাদীপ্ত কথাকেইটাই আবেগ আৰু শুভ প্ৰত্যয়ৰে মোৰ চেতনাত এটা আৱশ্যম্ভাৱী ভৱিষ্যতক উজ্জীৱিত কৰি তুলিলে ।

টালি-টোপোলা বান্ধি নিজৰ ঘৰ এৰি মৃত মা-দেউতাৰ আশীৰ্বাদ বুকুত বান্ধি বাইদেউৰ ঘৰত থাকিবলৈ ল'লোঁ । এগৰাকী বনকৰা আদহীয়া মাইকী মানুহৰ লগত এটা ডাঙৰ চৌহদৰ পুৰণা আসাম টাইপৰ ঘৰ এটাত বাইদেউ থাকে । কিছুদিন থকাৰ পিছত জানিব পাৰিলোঁ বাইদেউৰ মাক-দেউতাকৰ মৃত্যু হৈছে । এজন ককায়েক আছে । তেওঁ আমেৰিকাত থাকে । তাৰে ছোৱালী বিয়া কৰি তাতে নিগাজীকৈ থাকিবলৈ ল'লে । মাক-দেউতাকৰ মৃত্যুৰ পিছত এদিন অসমলৈ আহি পৈত্ৰিক সম্পত্তি সকলো বাইদেউৰ নামত লিখি দি তেওঁ পুনৰ আমেৰিকালৈ গুচি যায় । বাইদেউ বিয়া নোহোৱাকৈ থাকিল ।

মানৱদৰদী বাইদেউৰ অনুগ্ৰহতেই মোৰ অন্তৰত পোখা মেলা সপোনটোৱে সাৰ-পানী পাই এডাল বৃক্ষলৈ ৰূপান্তৰিত হ'ল । মই মেডিচিনত পি জি পাছ কৰি ডা: আকাশ বৰুৱা হ'লো ।

বিমলে বাইদেউৰ ঘৰৰ আগত গাড়ীখন ৰখাই দিয়াত মই বাস্তৱলৈ ঘূৰি আহিলোঁ । গেটখন খুলি বিমলক গাড়ীখন চৌহদৰ ভিতৰত সুমুৱাই দিবলৈ ক'লোঁ । গাড়ীৰ শব্দ শুনি বাইদেৱে দুৱাৰ খুলি বাহিৰলৈ ওলাই আহি আমাক আদৰি ভিতৰলৈ লৈ গ'ল ।আমি মুখ-হাত ধুৱাৰ সময়খিনিতে বাইদেৱে চাহ-জলপান ডাইনিং টেবুলত সজাই আমাক খাবলৈ মাতিলে । বিভিন্ন কথা-বতৰাৰ মাজেদি আমাৰ চাহ খোৱা পৰ্ব শেষ হ'ল ।

সময় আগুৱাই গৈ থাকিল । বাইদেৱে ঘৰৰ ইটো-সিটো কামত ব্যস্ত হৈ পৰিল । সময় যিমানে আগুৱাই গৈ থাকিল বাইদেৱে জৰুৰীভাৱে মাতি পঠিওৱাৰ কাৰণটো জানিব নোৱাৰি উচপিচাই থাকিলোঁ ।

অৱশেষত ৰাতি ভাত খাই থাকোতে কথাটো উলিয়ালে---" আকাশ , দুদিনমানৰ আগতে তোৰ খুৰা আমাৰ ঘৰলৈ আহিছিল । তেতিয়া প্ৰসঙ্গক্ৰমে তোৰ বিয়াৰ কথা উলিয়ালে । ময়ো কথাটো টং কৰি আছিলোঁ । ছোৱালী এজনীৰ কথাও যে ভাবি থৈছোঁ সেই কথাটোও খুৰাৰক ক'লোঁ । শুনি তেওঁ ভাল পালে । অৱশ্যে ছোৱালী ঘৰক মই এই বিষয়ে একো জনোৱা নাই । এতিয়া তোক ছোৱালী দেখুৱাম । তোৰ পছন্দ হ'লেহে ছোৱালী ঘৰক বিয়াৰ প্ৰস্তাব আগবঢ়াম । ছোৱালীৰ মাক মোৰ সহপাঠী আছিল । বিয়াৰ পিছত তাইৰ স্বামীৰ চাকৰি খাটিৰত অসমৰ বাহিৰত আছিল । স্বামীৰ অৱসৰৰ পিছত এতিয়া যোৰহাটত আছে । ছোৱালীৰ নাম চুমি । ভাল নামটো অৱশ্যে নাজানো ।"

আপোনমনে বৈ যোৱা জুৰিটিৰ নিস্তৰঙ্গ জলধাৰাত এটুকুৰা শিল পৰিলে যিদৰে শান্ত পানীখিনি কঁপি উঠে আৰু বুৰবুৰণিৰ সৃষ্টি হয় , ঠিক সেইদৰে বাইদেৱে কোৱা কথাকেইষাবে মোৰ মনত এক জোকাৰণিৰ সৃষ্টি কৰিলে । মই অলপ সময় তূষ্ণিমাত বুৰ গ'লোঁ । তাৰ পিছত বিনম্ৰ দৃঢ়তাৰে প্ৰকাশ কৰা বাইদেউৰ সৰল বক্তব্যক মই এটা অসহায় বেঁকা হাঁহিৰে সঁহাৰি জনালোঁ । ভিতৰি ভিতৰি উৎসাহহীন ধাৰণা এটাই মোৰ শৰীৰটো অৱস কৰি তুলিলে । মুহূৰ্ত্ততে বিছনাৰ শান্তিদায়িনী বুকুত নিজকে এৰি দিবলৈ মোৰ মনটোৱে হাঁহাকাৰ কৰি উঠিল । নিজকে স্বম্ভালি ভাতকেইটা খাই উঠি মোৰ কাৰণে যতনাই থোৱা বিছনাত পৰিলোঁগৈ ।

বিছনাত পৰিলোঁহি যদিও নিশা বহু দেৰিলৈকে মোৰ টোপনি নাহিল । মাজে মাজে দীঘলীয়া শব্দ কৰি উশাহ ল'লোঁ । বিৱশকাৰী অবোধ যণ্ত্ৰণা এটাই বুকুখন হেঁচা মাৰি ধৰিলে । বুকুখন গধূৰ হৈ আহিল । জোৰেৰে চকু দুটা মুদি দিলোঁ । চন্দ্ৰাৱলীৰ মুখখন মোৰ দুচকুত ভাঁহি উঠিল । তাইৰ বিষয়ে সকলো জানি লৈ বাইদেউক মনৰ কথা খুলি ক'ম বুলি ভাবি থাকোঁতেই বাইদেউৰ এই প্ৰস্তাৱ । বাইদেউৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিব পাৰোনে মই ? যিগৰাকী নাৰী মোৰ মাতৃতুল্য, যিগৰাকীয়ে মোক সমুদ্ৰৰ মাজত পৰি ককবকাই থকা অৱস্হাৰ পৰা পাৰলৈ তুলি আনিলে আৰু যিগৰাকীয়ে এদিন মোক কৈছিল---" শিক্ষা অৰ্জন আৰু আত্মনিয়ন্ত্ৰণে মানুহক আগুৱাই যোৱাত সহায় কৰে , নম্ৰতাই বিপদত ধৈৰ্য ধৰিবলৈ শিকায় আৰু কৃতজ্ঞতাই ভগৱানক সুৱঁৰিবলৈ শিকায় যাৰ ফলত দুখ-কষ্ট নিমিষতে দূৰ হয় ।" গতিকে বাইদেউৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈকে চন্দ্ৰাৱলীৰ কথা পাহৰি বাইদেৱে বিচৰা ছোৱালী জনীক চাবৰ কাৰণে যাবলৈ নিজৰ মনটোক সাজু কৰি তুলিলোঁ ।

পিছদিনা দিনৰ এঘাৰ বজাত ভাত কেইটামান খাই বাইদেউ আৰু মই বিমলক লৈ যোৰহাটলৈ ৰাওনা হ'লোঁ ।যথা সময়ত আমি যথাস্থানত উপস্হিত হ'লোঁগৈ । পুৱাতেই বাইদেৱে ফোন কৰি তেওঁক তেওঁৰ বান্ধৱীক আমি অহাৰ কথা জনাই থৈছিল । আমি গৈ পোৱাৰ লগে লগে চুমিৰ মাক-দেউতাকে আমাক ঘৰৰ ভিতৰলৈ আগবঢ়াই নি আথে-বেথে বহিবলৈ দিলে । কিছু সময় কথা-বতৰা আদান-প্ৰদানৰ পিছত আমাক চাহ-জলপান খাবৰ কাৰণে ডাইনিং ৰুমলৈ লৈ গ'ল । বিভিন্ন পিঠা-পনা, লুচি-ভাজি , মিঠাইৰে আমাক আপ্যায়িত কৰিলে ।

পিঠা-পনা খাই থকাৰ মাজতে চাহৰ ট্ৰে লৈ সোমাই অহা চুমিক মোৰ লগত চিনাকি কৰি দিলে---" এওঁ চুমি, মোৰ বান্ধৱীৰ ছোৱালী । গুৱাহাটী বিশ্ববিদ্যালযত পি এইচ ডি কৰি আছে । আৰু এওঁ ডাক্তৰ আকাশ বৰুৱা ।"

মই চুমিলৈ মূৰ তুলি চালোঁ । মোৰ চকু থৰ হৈ গ'ল । এওঁ দেখোন চন্দ্ৰাৱলী ! কেইটামান মুহূৰ্ত্ত মই সপোনপুৰীত বিচৰণ কৰিলোঁ ।

"এখেতক মই চিনি পাইছোঁ । পি, এইচ, ডি ৰ কামত গুৱাহাটীত থকাৰ সময়ত কিবা অসুখ-বিসুখ হ'লে এখেতৰ ওচলৈকে মই যাওঁ । মই থকা হোষ্টেলৰ ওচৰতে এখেতৰ চেম্বাৰ ।"--বুলি কৈ মোলৈ চাই তাই হাঁহি এটা মাৰিলে । হাঁহি নহয় যেন আকৰ্ষণৰ এপাট বাণহে । মই তেতিয়াই কিবা এটা অনুভৱ কৰিলোঁ ।

চুমিৰ মাতত মোৰ চেতনা ঘূৰি আহিল ।চাহৰ কাপ সকলোৰে আগত দি চুমি মানে চন্দ্ৰাৱলী ভিতৰলৈ গ'ল । মাকো তাইৰ পিছে পিছে গ'ল । দেউতাকে একান্তমনে চাহৰ কাপত চুমুক দিছে সেই ছেগতে আনন্দত উজলি উঠা মোৰ মুখমণ্ডল পঢ়ি বাইদেৱে মোলৈ চাই এটা অৰ্থপূৰ্ণ হাঁহি মাৰি পঠিয়ালে । বাইদেউৰ হাঁহিৰ অৰ্থ মই বুজি পালো । ময়ো হাঁহিৰে প্ৰত্যুত্তৰ দিলোঁ । মোৰ হাঁহিৰ প্ৰথমটোৰ অৰ্থ বাইদেৱে নিশ্চয় বুজি পালে । কিন্তু দ্বিতীয়টোৰ অৰ্থ বাইদেৱে বুজি পোৱাৰ প্ৰশ্নই নুঠে । নিজৰ ভাৱনাত মই নিজেই ৰস পালোঁ । +++


উপমা মজুমদাৰ

নগাঁও,অসম ।

মো:নং: ৯৬৭৮৬ ৮৩৭১৯

Comments


bottom of page