top of page

ভোগালী- স্মৃতিৰ ফাঁকেদি


দূৰদৰ্শনত 'ভোগালী'ৰ অনুষ্ঠানবোৰ চাই থাকোতে স্মৃতিয়ে লৈ যায় আমাৰ দিনবোৰলৈ- য'ত আমাৰ শৈশৱ,কৈশোৰ, যৌৱন নিহিত হৈ আছে । উৰুকাৰ ৰাতি পথাৰত সজা 'ভেলাঘৰ' ত ভোজ-ভাত খাই বহু

ৰাতি হোৱাকৈ ঘৰ পাওঁ, কেতিয়াবা খেৰৰ পুঁজিটো কটাও । বিহুৰ দিনা ব্ৰহ্ম পুৱাতে 'মায়ে' জগাই দিয়ে ।বাৰীৰ তামোল- নাৰিকল গছ কেইডালত বাহেৰে কোবাই চিঞঁৰো-

"লাগ লাগ লাগ ঐ

আমাৰ তামোল ডাল লাগ ঐ

লাগ লাগ লাগ ঐ

আমাৰ নাৰিকল ডাল লাগ ঐ"

কপি কপি ঠাণ্ডা পানীৰে গা ধুই নতুন কাপোৰ- পেন্ট, পায়জামা, পাঞ্জাবী (পৌঢ়সকলে ধুতি-গামোচা পিন্ধি ঘৰৰ সন্মুখত ৰাজহুৱা স্হানত আয়োজন কৰা ধ্বনি ( ডাঙৰ ডাঙৰ কাঠ- গছৰ টুকুৰাৰে জ্বলোৱা জুই কুৰা)ৰ ওচৰত পাণ- তামোল, তিল দি সেৱা কৰো ।মুকলি ঠাই খিনিত আয়োজন কৰা নাম কীৰ্তনৰ প্ৰসাদ আৰু লাডু খাও ।ধ্বনিৰ কাষতে হয় কণী যুঁজ । দুজনৰ মাজত এই কণী যুঁজ। এটা কণীৰ আগফালেৰে আনটো কণীৰ পাছফালত জোৰেৰে খুণ্ডাব লাগে ।ভাগিলে ইজনৰ জয় । তেওঁ কণীটো লাভ কৰে ।বহুকেইটা কণীৰ অধিকাৰী হয় এজন লোক । তেনে কণী ধ্বনিৰ জুইত পুৰি খোৱা হয় ।আলু,কাঠআলু আদিও পুৰি খাইছিলো ।

তাৰ পাছতে আমি যাওঁ পথাৰলৈ । ভেলাঘৰত অতি শ্ৰদ্ধাৰে অগ্নি সংযোগ কৰা হয় ।চুবুৰীয়ে চুবুৰীয়ে এনেদৰে ভেলাঘৰ জ্বলোৱা হয় । সকলোতে প্ৰসাদ, লাডু আৰু পিঠা । মাঘ বিহু বা ভোগালী বিহুত আছে খোৱাৰ আনন্দ আৰু প্ৰাচুৰ্য । ই কৃষি প্ৰধান উৎসৱ। হাড়ভঙা পৰিশ্ৰমৰ বিনিময়ত উপাৰ্জিত চাউল,মাহ,

তিল,গুৰেৰে তৈয়াৰ কৰা খাদ্যসম্ভাৰেৰে আলহী অতিথি আপ্যায়ন কৰে আৰু নিজেও উপভোগ কৰে ।

অসমৰ জাতীয় উৎসৱ বিহুক পণ্ডিত ড: নবীন চন্দ্ৰ শৰ্মাই 'সমাহৰণ' উৎসৱ বুলি আখ্যায়িত কৰিছে । তেখেতে কৈছে," অসমৰ জাতীয় উৎসৱ বিহু এক সমাহৰণ উৎসৱ (A festival of accultruation or synthesis) বুলিব পাৰি।" তেখেতে পুনৰ কৈছে, " বিহু উৎসৱত বিভিন্ন সংস্কৃতিৰ আঁহ সোমাই পৰিছে। উদাহৰণ স্বৰূপে মাঘ বিহুত সচৰাচৰ ব্যবহৃত 'মেজি' শব্দ আহিছে সংস্কৃত 'মেধ্য' শব্দৰ পৰা ।তেনেদৰে নামনি অসমত প্ৰচলিত 'ভেলাঘৰ ' শব্দটো আহিছে সংস্কৃত 'মেষ- গৃহৰ' পৰা ।মাঘ বিহুৰ মঁহ-যুঁজ প্ৰথা দ্ৰাৱিড়ীয় সংস্কৃতিৰ পৰা আহিছে।পণ্ডিতসকলৰ মতে অসমৰ মেজি পোৰাৰ ৰীতিত আৰ্য্য সকলৰ অগ্নি

পূজাৰ ইংগিত থাকিব পাৰে।ইউৰোপতো এনেধৰণৰ অগ্নি উৎসৱ প্ৰবাহমান। সেইদৰে বিহু উৎসৱৰ বিভিন্ন ৰীতি-নীতিত 'অষ্ট্ৰিক' আৰু 'মংগোলীয়' সংস্কৃতিৰ উপাদান নিহিত হৈ থকা দেখা যায় ।বিহু উৎসৱৰ

মুখ্য উপাদান 'কৃষি' ।সেই ফালৰ পৰা ইয়াক 'কৃষি উৎসৱ ' বোলাই সমীচিন। বছৰৰ প্ৰধান খেতিৰ বতৰৰ আৰম্ভণি সূচনা কৰা হয় 'বহাগ বিহুৰে' ।খেতি তোলাৰ ইংগিতেৰে কাতি বিহু পালন কৰা হয় আৰু খেতি

তোলাৰ আনন্দ প্ৰকাশৰ অৰ্থে 'মাঘ বিহু' উদযাপন কৰা হয় ।( গ্ৰন্হ: অসমীয়া লোক সংস্কৃতিৰ আভাস) বিহু প্ৰধানত: কৃষি উৎসৱ- ইয়াত তিলমাত্ৰও সন্দেহ নাই। মাঘ বিহুত নৃত্য গীতৰ প্ৰাধান্য নাই,আছে মাত্ৰ খোৱা- লোৱাৰ প্ৰাধান্য, ভোগৰ প্ৰাধান্য। চুঙা পিঠা,তিল পিঠা,তেল পিঠাকে আদি কৰি বিভিন্ন ধৰণৰ পিঠা,লাডু আমাৰ আই-ভনী সকলে তৈয়াৰ কৰে । গোহালিৰ গৰুৰ গাখীৰৰ দৈ,কুঁহিয়াৰ পেৰা গুৰ- এই সকলোবোৰ এখন স্বচ্ছল ঘৰৰ প্ৰতিচ্ছবি ,স্বাৱলম্বী অসমীয়া পৰিয়ালৰ চানেকি।এতিয়া সেই স্বাভিমানী,

স্বাৱলম্বী,স্বচ্ছল পৰিয়াল আমি হেৰাই পেলাইছো ।

উৰুকাৰ দিনা সামূহিক ভাৱে ওচৰৰ নৈ- বিল,ৰাজহুৱা পুখুৰীত মাছ ধৰাৰ নিয়ম ।কোনোবাই মাছ নাপালে পোৱাজনে তেওঁক উৰুকাৰ বাবে মাছ এটা দিয়ে । সামূহিক ভাৱে মাছ ধৰাৰ এই পৰম্পৰা- এক সমন্বয়ৰ

পৰম্পৰা,সম্প্ৰীতিৰ নিদৰ্শন। বিহু আনন্দৰ উৎসৱ। কিন্ত্ত ইয়াত ভক্তিও সংযোজিত হৈ আছে।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে বিহুত কণিষ্ঠ জনে জেষ্ঠ জনৰ ওচৰত সেৱা লয় আৰু জেষ্ঠ জনে কণিষ্ঠ জনক আশীৰ্বাদ দিয়ে । এই অৰ্থত বিহু দিয়া আৰু লোৱাৰ ( বি- হু) ৰ উৎসৱ।

বিহুত আনন্দ আছে সচাঁ ।কিন্ত্ত ইয়াৰ মাজত থকালোক সংস্কৃতি আৰু ভক্তিৰ সোঁত বন্ধ হ'লে বিহুৰ আচল সৌন্দৰ্য্য নাথাকিব। সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে আমি পৰম্পৰা জীয়াই ৰাখিব লাগিব। নগৰত

বাস কৰা আমাৰ লৰা -ছোৱালীক বিহুৰ সময়ত গাঁৱৰ ঘৰত ৰাখি আনন্দৰ সোৱাদ দিয়াৰ লগত আমাৰ লোক- সংস্কৃতি আৰু পৰম্পৰাৰ আভাস দিয়া উচিত।

বহাগ বিহুয়ে বোলক,মাঘ বিহুয়ে বোলক নাইবা কাতি বিহুয়ে বোলক- বিহুৰ লগত আছে প্ৰকৃতিৰ নিবিড় সম্পৰ্ক। আধুনিক জীৱন যাত্ৰাই মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। এনে যন্ত্ৰণা পৰা সকাহ দিব

পাৰে প্ৰকৃতিয়ে।আমি প্ৰকৃতিক ভাল পাবই লাগিব। নতুন প্ৰজন্মক প্ৰকৃতিক ভাল পাবলৈ,প্ৰকৃতিৰ সন্তান মানুহ আৰু আন জীৱ- জন্তু. নদ- নদীক ভাল পাবলৈ শিকাব লাগিব।

বিহু প্ৰকৃতিৰ লগত মিলি যোৱা উৎসৱ, সমন্বয়ৰ উৎসৱ। মেজি ঘৰ সজা,ভেলা ঘৰ সজা, নাৰিকল-তামোলৰ শ্ৰীবৃদ্ধি কামনা কৰা,একেলগে মাছ মৰা,একেলগে 'দলভাত' খোৱা,চুবুৰীয়াৰ ঘৰলৈ গৈ চাহ- জলপান খোৱা,গাঁৱৰ জেষ্ঠ জনৰ চৰণ চুই আশীৰ্বাদ লোৱা,তুলসীৰ তলত বন্তি

প্ৰজ্বলন কৰা- এই সকলোতে সোমাই আছে প্ৰকৃতিৰ লগত মিলি যোৱাৰ আকুলতা,সমন্বয়ৰ এনাজৰী কটকটীয়া কৰাৰ প্ৰবণতা আৰু ভক্তি ভাৱৰ সমাহাৰ।

এইবোৰ বৰ্তাই ৰাখিলেহে আমাৰ বিহু - ৰঙালী,ভোগালী,কঙালী জীয়াই থাকিব। সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ ভাষাত-

"অ' আমি এই ভাৱেই থাকিলেই হ'ব

নহ'লে আমাৰ ৰাজহাড় নাই বুলি

বিশ্বই বৰকৈ হাঁহিব ।"



থানেশ্বৰ মালাকাৰ

প্ৰাক্তন আয়ুক্ত সচিব, অসম চৰকাৰ

চচল,গুৱাহাটী - ২২

মো: নং -৯৪৩৫০ -৫৪৩৮৪












Recent Posts

See All
মধুচন্দ্ৰিকা

এখন ওখ দেৱাল প্ৰেমৰ বল্লৰীৰ পৰিছে তাক বগোৱাৰ পাল পাখি জপাই দুটি পখী দেৱালৰ চূড়াত আছে উঠি প্ৰেমে দেখা নাপায় কালনিষাদ চন্দ্ৰিকা মধুচন্দ্ৰিকা জোনৰ আধা প্ৰেমে থাকে ঢাকি অ' প্ৰেম শব্দ নোহোৱা লৈকে নুৰিবি

 
 
 

Comments


bottom of page