মই ময়েই
- প্ৰাঞ্জল লস্কৰ

- Jan 5
- 1 min read
মই বিকল্প নহওঁ,
মই প্ৰাথমিকো নহওঁ
মই মাথোঁ মই॥
শব্দবোৰে যেতিয়া শ্ৰেণী সাজে,
প্ৰথম, দ্বিতীয়, বিকল্প বুলি,
তেতিয়া মনটোৱে সুধে
মানুহকো তালিকাত ভৰাই থোৱা যায় নেকি?
ভগৱানে মোক
কোনো তুলনাৰ বাবে সৃষ্টি কৰা নাছিল,
মোক সৃষ্টি কৰিছিল
নিজৰেই ৰূপত,
নিজৰেই গন্ধত,
নিজৰেই সত্যত॥
মই কাৰোবাৰ অভাৱ পূৰণ কৰিবলৈ নহওঁ,
মই কাৰোবাৰ ঠাই ল’বলৈও নহওঁ।
মই আহিছোঁ
নিজৰ জীৱনটো জীয়াবলৈ,
নিজৰ সত্যটো উপলব্ধি কৰিবলৈ॥
“প্ৰাথমিকতা”ৰ নামত
যি অহংকাৰ লুকাই থাকে,
আৰু “বিকল্প”ৰ ছাঁত
যি অৱহেলা জমা হয়
দুয়োটাৰ পৰা মই মুক্ত॥
মই জানো,
কিছুমান হৃদয়ত
মোৰ স্থান নাই,
আৰু কিছুমান মনত
মোৰ উপস্থিতিয়ে মূল্য নাপায়।
কিন্তু সেই অস্বীকৃতিতেই
মই নিজক চিনি পাও॥
কাৰণ
মই কাৰোবাৰ জীৱনৰ
পৃষ্ঠাৰ কোণত থকা টোকা নহওঁ,
মই মোৰেই কাহিনীৰ
সম্পূৰ্ণ অধ্যায়॥
এইবোৰ শব্দৰ মাজতেই
মই বিচাৰি পাওঁ
নিজৰেই চিনাকি
স্বাধীন,
সম্পূৰ্ণ,
আৰু সঁচা॥
মই মইয়ে ,
সেইটোৱেই যথেষ্ট ॥
প্ৰাঞ্জল লস্কৰ
কামপুৰ, নগাঁও
মো:নং - ৮৬৩৮৯২৬১৭২




Comments