top of page

ঠেঙাল সকলৰ মাঘ বিহুৰ পৰম্পৰা


ঠেঙাল‌ সকল অসমৰ এটি অতি ক্ষুদ্ৰ জনগোষ্ঠী । জনসংখ্যাৰ হিচাপত প্ৰায় তিনি লক্ষত কৈ বেছি নহয়। ঠেঙাল জনগোষ্ঠীৰ মূল শিপা ডাল তিব্বতীয় মংগোলীয় বড়োমূলৰ হ'লেও ডিমাচা সকলৰ লগতহে সম্বদ্ধটো বেছি ওচৰৰ । অসমৰ যোৰহাট জিলাৰ তিতাবৰত, গোলাঘাট জিলাৰ দৈয়াং অঞ্চল ঠেঙাল সকলৰ জনবসতি প্ৰধান হলেও শিৱসাগৰ ,লক্ষ্মীমপুৰ , ধেমাজি , ডিব্ৰুগড় , ঢকুৱাখানা আদি অঞ্চলতো ঠেঙাল জনগোষ্ঠীৰ লোক সিচঁৰিত হৈ আছে । কছাৰী বুৰঞ্জী মতে ১৫২৬ খৃষ্টাব্দত কছাৰীসকল আহোম সকলৰ লগত যুদ্ধত পৰাস্ত হৈ প্ৰথমে ডিমাপুৰ পিছত মাইবং আৰু অৱশেষত খাচপুৰত ৰাজধানী পাতিছিল গৈ । যুদ্ধৰ সময়ত বহুতো কছাৰী লোক আহোমৰ হাতত বন্দী হ'ব লগা হৈছিল ।জনপ্ৰবাদ মতে , আহোম ৰজাই সেই যুদ্ধ বন্দীসকলক সৈনিকৰ বাবে 'ঠেঙা' বনাব দিছিল । কালক্ৰমত তেওঁলোক 'ঠেঙাল' নামে পৰিচিত হ'ল । আহোম ৰজাই ঠেঙাল সকলৰ বহুতকে যোগত্যা অনুসৰি বৰা, বৰুৱা,শইকীয়া , হাজৰিকা আদি পদবীত নিযুক্তি দিছিল । যিহেতু ঠেঙাল সকলৰ জনসংখ্যা অতি নগণ্য আছিল আৰু ভৌগলিক ভাৱে অসমৰ অ'ত - ত'ত সিচঁৰিত হৈ পৰাত তেওঁলোকৰ গৰিষ্ঠ সংখ্যকেই নিজস্ব জনজাতীয় কৃষ্টি -সংস্কৃতি , লোকাচাৰ , লোকবিশ্বাস হেৰুৱাবলৈ বাধ্য হৈ বহু যুগৰ আগতেই বৃহত্তৰ অসমীয়া জাতীয় সত্বাৰ লগত বিলীন হৈ অসমীয়া কৃষ্টি -সংস্কৃতিকেই নিজৰ কৃষ্টি -সংস্কৃতি বুলি আঁকোৱালি ললে ।


বহুতেই স্বধৰ্ম ত্যাগ কৰি বামুণীয়া আৰু আন কিছুমানে শংকৰদেৱৰ নাম ধৰ্মত দীক্ষা ল'লে । অৱশ্যে তাৰ মাজতো তিতাবৰ ,দৈয়াং অঞ্চলৰ মেৰাপানী ,কাছমাৰি আদি ঠাইত ঠেঙাল সকলৰ মাজত আদিম পৰম্পৰা পৰিলক্ষিত । এতিয়া আহো ঠেঙাল সকলৰ মাঘ বিহুৰ কিছু পৰম্পৰাকলৈ। মাঘ বিহু হৈছে কৃষিজীৱি অসমীয়াৰ, জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৰে কৃষি চপোৱা উৎসৱ । খেতি চপোৱাৰ বিহু , মাঘ বিহু , ভোগালী বিহু ।

মাঘ বিহু ঠেঙাল সকলৰো এক বুকুৰ আপোন উৎসৱ। বহু বছৰ আগতে ঠেঙাল সকলৰ মাঘ বিহুত আগভাগ লৈছিল গৰখীয়া ল'ৰাবোৰে । মাঘ বিহুৰ ১৫ দিন মানৰ আগৰে পৰা গাঁৱৰ ডেকা ল'ৰাবোৰে বিশেষকৈ গৰখীয়া ল'ৰাবোৰে ঘৰে ঘৰে গৈ মেজিৰ কাঠ-বাহ খৰি খেৰ সংগ্ৰহ আদি কৰিছিল । সেইদৰে উৰুকাৰ দিনা ভোজভাতৰো আয়োজন হৈছিল । গৰখীয়া ল'ৰাৰ আশীৰ্বাদ বিচাৰি বৰঙণি আছিল নগণ্য ,অৱশ্যে প্ৰতিঘৰ গৃহস্থই উৰুকাৰ ভোজৰ বাবে চাউল আগবঢ়াইছিল । লোক বিশ্বাস আছে যে, মাঘ বিহুত গৰখীয়া ল'ৰাৰ আৰ্শীবাদ ললে ল'ৰা -ছোৱালী পৰীক্ষাত ভালকৈ উৰ্ত্তীৰ্ণ হয় , বেমাৰ -আজাৰ ভাল হয়।


মাঘ বিহুৰ উৰুকাৰ দিনা গাঁৱৰ তিৰোতা ,গাভৰু সকলে মিলি নৈ, বিলত সমূহীয়াকৈ কাপোৰ ধোৱে । সন্ধিয়াৰ লগে লগে ভোজ ভাতৰ আয়োজন চলে । ল'ৰা ,বুঢ়া ,ডেকা ,গাভৰু , ল'ৰা -ছোৱালী সকলোৱে মিলি ৰঙ-ৰইচ কৰি লগেভাগে এসাজ খায় । উৰুকাৰ নিশা মেজি ৰখীয়া ডেকা ল'ৰাবোৰে ঢোল বজাই নাচ -গান গাই স্ফূৰ্তি কৰাৰ লগতে ঘৰে ঘৰে গৈ জেওৰা জপনা ,হাঁহ ,মূৰ্গী চুৰ কৰি আনি ৰং -তামাচা কৰে । দোমাহীৰ দিনা অৰ্থাৎ উৰুকাৰ পিছদিনা ধলপুৱাতে গা পা ধুই মেজিৰ ওচৰত তামোল পান আগবঢ়াই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰি মেজিৰ জুই জ্বলায় । মেজিৰ জুই দাউদাউকৈ জ্বলি উঠাৰ লগে লগে গাঁৱৰ ডেকা, বুঢ়া ,গাভৰু ,ল'ৰা -ছোৱালী সকলোৱে আহি অগ্নি দেৱতাক সেৱা জনাই মেজিৰ জুইৰ উত্তাপ লয় । গৰখীয়া ল'ৰা বোৰে মেজিৰ কাষে কাষে ঘূৰি ঘূৰি চিয়ঁৰি চিয়ঁৰি গায় - "পুহ গ'ল মাঘ হ'ল ভীষ্ম বুঢ়া মৰি গ'ল।" ঠেঙাল সকলে মেজিৰ জুই পিতামহ ভীষ্মৰ শৰ শৰশয্যাৰ চিতাৰ জুই বুলি বিশ্বাস কৰিছিল ।মেজিৰ জুয়ে জীৱনক শক্তিশালী আৰু ৰসাল কৰি তোলে ।


মাঘ বিহুৰ সময়ত মেজিৰ জুইত আলু ,কাঠআলু পুৰি খোৱাৰ পৰম্পৰা আছে ।মেজিৰ জুই পুৱাইলৈ ঘৰলৈ আহি প্ৰত্যেকজন গৃহস্থই নিজৰ বাৰীৰ তামোলগছ, নাৰিকলগছ আদিত খেৰেৰে মেৰিয়াই বান্ধি দিয়ে । দোমাহীৰ দিনা ৰাইজে সমূহীয়াকৈ মাছ ধৰা ,চিকাৰ কৰিবলৈ যোৱাটোও এক পৰম্পৰা । সন্ধিয়াৰ লগে লগে মাঘ বিহুৰ বাবে আয়োজন কৰা ন ধানৰ চিৰা , পিঠা , ন ধানৰ ভাত , হাঁহৰ মাংস , ছেৰপা (মদ) নপুৰুষলৈ আগবঢ়াই (মৃতকক দিয়া ) পৰিয়ালৰ সকলোৱে লগে ভাগে এসাজ খায় । ১ মাঘৰ পৰা কেইবা দিনলৈকে ওচৰ চুবুৰীয়া মিতিৰ কুটুম্বৰ ঘৰত গৈ বিহু খোৱা (দোমাহী) প্ৰথা আছে । অৱশ্যে সাম্প্ৰতিক সময়ত কৃষকৰ অৰ্থনৈতিক দূৰাৱস্থাৰ বাবে লগতে ভোগবাদী সংস্কৃতিৰ গ্ৰাহত পৰি মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰাটো জটিল হৈ পৰিছে । সঠিক কৰ্ম সংস্কৃতি প্ৰেমী হৈ কৃষকৰ আৰ্থসামাজিক উন্নয়নৰ বাবে জাতীয় সত্বা জগাই তুলিব পাৰিলেহে মাঘ বিহুৱে গতি পাব ,কেৱল চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'লে বিহুৰ শ্মশান যাত্ৰা অচিৰেই আৰম্ভ হ'ব যেন লাগে ।



ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া

অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক,

নগাঁও, অসম

ফোন নং - ৮৮৭৬৬ ৮২৪৮০



Comments


bottom of page