top of page

আহত হৃদয়

Updated: Jan 6

কালিৰে পৰা গাটো ভাল নহয়। জ্বৰ হ'ব যেন লাগিছে । ল'ৰা-ছোৱালীহঁতো ঘৰত নাই, সিহঁত স্কুলত। মতা মানুহ ঘৰত নাথাকিলে বজাৰ-সমাৰ কৰা তথা দৰৱ-পাতি কিনি অনাটো বৰ অসুবিধা। তেওঁ থকা হ'লে মই নোকোৱাকৈয়ে ঔষধ যোগাৰ কৰিলেহেঁতেন । মনটো এবোজা বেজাৰে দোলা দি গ'ল! কেনেকৈযে একো উমান নিদিয়াকৈ এজন তেজ-মঙহৰ মানুহ হেৰাই যাব পাৰে...! বাহিৰত কোনোবাই দুৱাৰত টুকুৰিয়াই মতা যেন লাগিল। ইচ্ছা নাছিল যদিও উঠি গৈ দুৱাৰ খুলি দেখিলোঁ সেয়া ৰমলা পেহী । ৰমলা পেহীৰ ঘৰ কাষৰে এখন গাঁৱত । পেহীয়ে কাণেৰে একেবাৰে নুশুনা ল'ৰাটোক লৈ খেৰৰ চালি দিয়া ঘৰ এটিত বাস কৰে । গিৰীয়েক নাই , ঢুকাল। ল'ৰাটোৱে ভালকৈ কথা ক'ব নোৱাৰে, বয়স একুৰিমান হ'ল যাদিও সি নিজে একো কাম কৰি খাব নোৱাৰে । এয়া পেহীয়ে কোৱা কথা । মোৰ ঘৰলৈ আহিলে পেহী অলপ সময় বাৰান্দাতে বহে , চাহ- ভাত দিলে বৰ তৃপ্তিৰে খায়। কিয় জানো পেহীলৈ মোৰ মৰম লাগে , মোৰ মাৰ বয়সৰ বাবে চাগে ! পেহীক দেখি অ' পেহী সোমাই আহ বুলি কৈ বাৰান্দাত থকা টুলখন আগবঢ়াই দিলোঁ।


ফিকা চাহ আৰু বিস্কুট দুটামানৰ সতে চাহকাপ আগবঢ়াই দি পেহীক ক'লো মোৰ গাটো আজি ভাল নহয়, কথা পাতিবলৈ অকণো মন যোৱা নাই। এইকেইটা চাউল তোক দিলো, আজি বহি থাকিব নালাগে, সোনকালে যাগৈ। ৰচোন ৰ আই বুলি মুখলৈ তুলি ধৰা চাহৰ কাপটো মজিয়াত থৈ জোলোঙা খুচৰি- খুচৰি কিবা এটা উলিয়াই মোৰ হাতত দি ক'লে, হো এইটো এতিয়াই পানী এঢোক লৈ গিলি দে, ভাল পাবি সোনকালে। গাটো ভাল লাগক বুলিয়েই তেওঁ দিয়া জুৰণিৰ বড়িটো গিলি দিলোঁ। পেহীয়ে ক'লে চাবি সোনকালে তোৰ ভাল হ'ব, ফুল-পাত আৰু দুটামান বন দৰবেৰে বনোৱা বড়ি। বিশ্বাস ৰাখি খাবি। তইতো জানই , বিশ্বাসে মিলই হৰি।


যোৱাবেলি পথাৰত কাম কৰি থাকোতে হঠাতে অহা ধুমুহাজাকে সকলো শেষ কৰি দিলে। আকাশ-বতাহ কঁপাই বিজুলী-ঢেৰেকণিৰ মাজত কাণ তাল মৰা শব্দ। প্ৰচণ্ড ঢুমুহাত ঘৰ-দুৱাৰ আৰু গছ-বনবোৰ উভালি আতংকৰ সৃষ্টি কৰিছিল। সেই সময়তে সমন্ধীয় এঘৰৰ পৰা মনুহজন ঘৰলৈ বুলি কোবা-কুবিকৈ উভতিছিল। কিন্ত্ত আদবাটতে ডাঙৰ আহত জোপাৰ ডাল এটা ভাঙি মানুহজনৰ মূৰতে পৰিল আৰু তাৰ পাছত সকলো শেষ । চাৰিচকীয়া বাহন এখনৰ পৰা তেওঁক চাৰিজন মানুহে দাঙি আনি চোতালৰ মাজতে পাৰি থোৱা ঢাৰি খনত শুৱাই দিছিল। বগা কাপোৰৰ তলত এটা প্ৰাণহীন নিথৰ শৰীৰ। মই থৰ হৈ গৈছিলো। বগা কাপোৰখন দাঙি চাবলৈ অকণো সাহস হোৱা নাছিল । অলপ আগলৈকে তেজাল হৈ থকা মানুহজন হঠাতে কেনেকৈ জঠৰ হৈ যাব পাৰে! তেজেৰে লুতুৰি-পুতুৰি দেহটো শেষবাৰৰ বাবে অপলক নয়নেৰে চাই ৰৈছিলো। ধূপৰ ধোঁৱাবোৰে কুণ্ডলী পকাই তেওঁৰ আত্মাক আকাশলৈ উৰুৱাই নিছিল। কণমানি ল'ৰা-ছোৱালী দুটাই দেউতাকৰ নিথৰ শৰীৰটো সাৱটি চিঞৰি গগন ফালিছিল। এটা সময়ত আত্মীয় আৰু ওচৰ- চুবুৰীয়াই তেওঁৰ শটো শ্মশানলৈ লৈ গৈছিল, তাৰ পিছত সকলো শূন্য !


তই মাত-বোল নিদিয়াকৈ মানুহজনৰ কথা ভাৱি আছ নহয়..ৰমলা । পেহীৰ মাতত তত্ আহিল। ভাৱ সাগৰৰ পৰা ওলাই আহি পেহীৰ লগত কথাত সংগ দিলো । মোক আৰ-তাৰ কথাৰ উদাহৰণেৰে বুজনি দি এটা সময়ত পেহী গ'লগৈ।


বহুদিন বন্ধ হৈ থকা দোকানৰ জাপখন মেলি দিলোঁ। ভিতৰৰ পৰা সেমেকা গোন্ধ এটা আহি নাকত লাগিল। ঝাড়ু এডাল লৈ মকৰা জালবোৰ গুচাই বস্তুবোৰ সজাই দিলোঁ। মানুহজনে এই দোকানখনৰ পৰাই উপাৰ্জন কৰি ঘৰখন চলাইছিল। মই কি কৰিম একো ভাৱি নাপালোঁ। মনত সাহস গোটালো, পাৰিব লাগিব। সন্তান দুটিক মানুহ কৰিবলৈ পাৰ্যমানে সকলো কৰিম বুলি নিজে থিৰ কৰিলোঁ। আলু এক কিলো দে আই, উচপ খাই উঠিলো। সন্মুখত সেয়া বলেন ককাইটি। পাল্লাখনত আলু তুলি দি এক কেজিৰ দগাটো এফালে উঠাই দিলোঁ, আলু লৈ ককাইটি গ'লগৈ। মনতো এচেৰেঙা সাহসে দোলা দি গ'ল ।


ল'ৰা - ছোৱালী কেইটাক স্কুল পঠাই দোকানখনৰ ফালে খোজ দিলোঁ। আজি কি কি বস্তু নাই চাইলৈ মাৰোৱাৰীৰ দোকানৰ পৰা আনিব লাগিব। তেওঁলোকে দুটকা সস্তাত দিয়ে বুলি মানুহজনৰ মুখত শুনিছিলোঁ। খুচুৰা বিক্ৰী কৰি প্ৰতিদিনে কিছু লাভ হ'লেও ঘৰখন চলি যাব। তেনেতে ৰমলা পেহী সোমাই আহিল, লগত লৈ আহিছে ইঘৰ-সিঘৰৰ বতৰা । পেহীয়ে এফালৰ পৰা বকলা মেলিবলৈ ধৰিলে। সিঁহত ধুৰন্ধৰ কেইটাই কাকো শান্তিত থাকিব নিদিয়ে , নিৰীহ ছোৱালী জনীক বদনামী কৰিলে। কাৰ কথা কৈছ পেহী, মই হ'লে একো নাজানো । এইযে আমাৰ গাঁৱৰ ৰতনৰ জীয়েক, গাঁৱৰ দগাবাজ দুটামানে মিলি তাইৰ জীৱনতো ধ্বংস কৰিলে। পোন্ধৰ বছৰীয়া ছোৱালীজনী গা ভাৰী হ'ল, সিহঁত এটাইও কিন্ত্ত দায়িত্ব নলয়। দুখীয়া মাক-বাপেক হাল বিমোৰত পৰিছে, জীয়েককলৈ এতিয়া কৰে কি..! দুখীয়াৰ ওপৰত তহঁতে আৰু কিমান অত্যাচাৰ কৰিবি হা। এশ গৰু মৰিলে বাঘৰো মৰণ, কৈ থ'লো মই।


নিজৰ মাজতে ভোৰভোৰাই পেহী ফোপাইছে, দুচকুৰে তপত চকুলো নিগৰিছে । মই অবাক হৈ সুধিলো কি হ'ল ? কিয় কান্দিছ ? মোৰ কথাত পেহীয়ে বেছিকৈহে কান্দিবলৈ ধৰিলে। জান আই, এদিন মোৰো এখন সুখৰ ঘৰ আছিল। উপাৰ্জন বেছি নাথাকিলেও আনন্দ আছিল। মানুহজনে দুৰ্ঘটনা এটাত হাত এখন হেৰুৱাই একো কাম কৰিব নোৱাৰি ঘৰতে কিছু ঔষধি গছ-পাত গোটাই বন দৰবৰ ব্যৱসায় কৰিছিল। বহু মানুহ তেওঁৰ দৰবৰ পৰা উপকৃত হৈছিল। তাকে কৰি কোনো মতে জীয়াই আছিলোঁ। এবাৰ এঘৰৰ ল'ৰা এটাৰ তেজ-হাগনি বেমাৰত বেয়াকৈ আক্ৰান্ত হৈছিল। এমাহমান বেমাৰত পৰি থকা ল'ৰাটোক ডাক্তৰৰ ওচৰলৈ নিয়া হোৱা নাছিল। অশিক্ষিত গাঁৱলীয়া মানুহ। বেমাৰৰ গভীৰতা অনুভৱ নকৰাকৈ বেজৰ দ্বাৰা জৰা-ফুকা কৰা হৈছিল। ল'ৰাটো বেছিকৈ অসুস্থ হৈ পৰাত মোৰ মানুহজনৰ ওচৰলৈ লৈ আহিছিল, কিন্ত্ত তাৰ অৱস্থা দেখি মানুহজনে দৰব দিবলৈ ভয় কৰি অমান্তি হৈছিল। ল'ৰাটো ইতিমধ্যে অচেতন হৈ পৰাত ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈহে তেওঁ কাকুতি কৰিছিল। ভিতৰুৱা গাঁও, বাট-পথ একেবাৰে বেয়া। ডাক্তৰৰ ঘৰলৈ নিয়াৰ পথত আদবাটতে সি মৰিল। তাৰ ঠিক অলপ পাছতেই কেইটামান ডেকাই হাতত দা-কটাৰী লৈ আমাৰ ঘৰত সোমাই মোৰ মানুহজন আৰু ল'ৰাটোক ডাইনী বুলি চিঞৰি মাৰ-ধৰ কৰিবলৈ ধৰিলে । বাপেক-ককায়েকৰ চকুৰ আগতেই পোন্ধৰ বছৰীয়া ছোৱালীজনীক ধৰি হাবিলৈ নি তাইৰ সকলো কুলাংগাৰ দগাবাজ কেইটাই লুটিলে। কথাখিনি কৈ পেহীয়ে ফোপাইছিল। খং আৰু দুখত মানুহজনীৰ চকুৰে জুই ওলাইছিল। মই পেহীৰ গাত হাতখন থৈ সান্তনা দিয়াৰ চেষ্টা কৰিলোঁ । তাৰ পিছত কি হ'ল সোধাত পুনৰ তেওঁ ক'বলৈ ধৰিলে.

ছোৱালী জনীক হাবিতে পেলাই থৈ যাবলৈ ওলাওতেই মোৰ ল'ৰাটোৱে লাঠি এডাল লৈ সিহঁতৰ ফালে খেদি গ'ল। বদমাচ কেইটাই তাক ধৰি চোঁচৰাই নি বৰকৈ মাৰ-ধৰ কৰি মুখত গৰম তেল ঢালি দিলে। চিঞৰি গগন ফলা ল'ৰাটোক বিচাৰি যাঁওতে দেখিলোঁ ওচৰৰ নৈৰ পানীত ছোৱালীজনীৰ নীলা চোলাটো ওপঙি আছিল। মোৰ বুজিবলৈ বাকী নাথাকিল যে তাই লাজ-অপমান সহিব নোৱাৰি নৈত জাপ দিলে। তাইক বচাবলৈ বুলি নৈত জাপ দিয়া মানুহজনকো নৈৰ প্ৰৱল সোঁতে টানি লৈ গ'ল। মূহুৰ্ততে পৃথিৱীখন মোৰ মূৰৰ ওপৰত খহি পৰা যেন লাগিল। বহুসময় অচেতন হৈ থকাৰ পিছত চেতন অহাত ল'ৰাটোক বিচাৰি হাবিৰ মাজ পালোগৈ । তাৰ জিভাখনৰ বহুখিনি পুৰিছিল। হাত-ভৰিত লাখুতিৰে কোবাই ঘুণীয়া কৰা ল'ৰাটোক কিবা প্ৰকাৰে টানি ঘৰ পোৱালো। সি কথা ক'ব পৰা নাছিল। কিবা-কিবি বন দৰৱ অলপ দি তাক অলপ সুস্থ কৰি ৰাতিয়েই দুয়োটা সেই গাঁও এৰি পলাই আহি সিখন গাঁৱৰ উঁৱলি যোৱা মানুহ নথকা ঘৰ এটাত থাকিবলৈ ল'লো।


দুখত ভাঙি পৰা মানুহজনীক অলপ বুজাই চাহ একাপ আনি খাবলৈ দিলো। পেহীৰ আজি চাহ খোৱাত মন নাই। খং আৰু ক্ষোভেৰে তেওঁ পুনৰ কৈ গ'ল- বিনা দোষত সিহঁতে মোৰ সকলো শেষ কৰি দিলে। মোৰ তজবজীয়া ল'ৰাটোৱে তেতিয়াৰ পৰা কথা ক'ব নোৱাৰা হ'ল, কাণেৰে নুশুনা হৈ কিবা বলিয়াৰ দৰে হ'ল। মাজে- মাজে সি দা-কটাৰী যি পাই তাকে হাতত লৈ বাটলৈ দৌৰে। মই তাক ধৰি আনি বুজনি দিও। ঘৰৰ পৰা ওলাই আহিলে তাক দৰ্জা বন্ধ কৰি থৈ আহো। জান আই, মই ভিক্ষাৰী নাছিলোঁ, কিন্ত্ত সিহঁতে মোক সকলো পিনে ভিক্ষাৰী কৰি দিলে। কথা খিনি কৈ পেহীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মই বাধা নিদিলো, কান্দক..পেহীয়ে আজি যিমান পাৰে কান্দি মনৰ দুখবোৰ উলিয়াই দিয়ক। কান্দি-কান্দি মজিয়াতে শুই পৰা পেহীলৈ চাই মোৰ চিঞৰি ক'বৰ মন গ'ল...কেতিয়া সমাজ সংস্কাৰ হ'ব..! কেতিয়া এই মানুহবোৰে শিক্ষাৰ পোহৰ পাব..! কেতিয়া সমাজত শিপাই থকা অন্ধবিশ্বাস বোৰ শেষ হ'ব..! আৰু নাৰীৰ শৰীৰৰ লগতে আত্মাক ঘূণীয়া কৰা পশুবোৰৰ বিচাৰ কেতিয়া হ'ব...!! হ'বনে কেতিয়াবা ? এনে দিন কেতিয়া আহিব.. যিদিনা নাৰীকো পুৰুষৰ দৰে সমান শক্তিশালী কৰি গঢ়ি তোলা হ'ব ...!!! কথাবোৰ মনৰ ভিতৰতে পাকঘূৰণি খাই থাকিল। বতৰটোও আজি অলপ গোমা। যেন পুনৰ এজাক ধুমুহা আহিব আৰু মোৰ বুকুৰ ভিতৰখন মুচৰি পেলাব ! বুকুখন খামুচি ধৰি মনটোক স্থিৰ কৰিবলৈ চেষ্টা কৰিলোঁ।


ল'ৰা-ছোৱালী দুটা স্কুলৰ পৰা আহি পাবৰ হ'ল। দোকানখন বন্ধ কৰি মই পাক ঘৰলৈ সোমাই গ'লো আৰু মনতে ঠিৰাং কৰিলোঁ ইহঁত দুটাক শিক্ষা-দীক্ষাৰে মই মানুহ বনাম..সঁচা মানুহ !!!

ড° নাজমা বেগম

মৰিগাঁও, অসম ।

ফোন: ৯৪৩৫৮৪১৭২৭

Recent Posts

See All
দশ মহাবিদ্যাঃঃ

প্ৰথমতে মহাকালী দুখ কষ্ট বিনাশিনী তোমাৰ ৰূপ ভংকৰী মহামায়া তুমি তেজস্বিনী দ্বিতীয়তে মা তাৰা মুক্তিৰ পথ সজীৱ কৰা জ্ঞান বুদ্ধি প্ৰদান কৰা তুমি মা মহামায়া তৃতীয়তে ষোড়শী ৰূপ ষোল কলাৰ পূৰ্ণ স্বৰূপ শক্ত

 
 
 

Comments


bottom of page