ভোগৰ মজিয়াৰ পৰা
- ড০ শৰৎ বৰকটকী

- Jan 5
- 6 min read

শীত আহিলেই চকুৱে মণিব পৰালৈকে চিনাকি পথাৰখনত কুঁৱলিয়ে ছাউনি পাতে। নিশা নিয়ৰৰ টোপালবোৰেও শীত অহাৰ সংবাদ দিয়েহি। শীত অহা মানে ৰ'দ হৈ পৰে সোণৰ সোলেং। শীতৰ দোকমোকালিত বননিখনে শুকান পাত সৰোৱাই নিয়ৰ সিঁচা বতাহত ৰ'দৰ কোলাত ডাৱৰ ওমলি থকাৰ খবৰ দিয়ে। শীত অহাৰ খবৰ পালে ধাননি ডৰাত ৰ'দ আৰু ছাঁয়ে লুকাভাকু খেলে।
হেমন্তৰ ৰঙা ডাকৰ বাকচটোত শীত অহাৰ খবৰটো কোনে জানো থৈ আহিছিল! তাৰ পিছতেই কমলা, আপেল, আমলখিৰে বিপুল ফলৰ সম্ভাৰ, নার্জি-ডালিয়া-ইন্দ্ৰমালতীৰ সৌন্দৰ্য-সম্ভাৰে হৃদয়ত থৌকিবাথৌ লগায়। লাই-লফা-কবি-মটৰ-বিলাহীৰ নদন-বদন বাৰীখনে হাত বাউলি মাতে।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে শীতক লৈ গীত লিখিছিল-'এল যে শীতরে বেলা বরষ-পরে।' কবিগুৰুৱে আৰু কৈছে -
'পৌষ তোদের ডাক দিয়েছে,
আয়রে চলে আয় আয়,
ধূপের ধোঁয়া শীতল হাওয়ায়
উড়ছে কোথায়, উড়ছে কোথায়।'
নবীন সূর্য উঠছে হেসে
কুয়াশা ভেদে প্রভাত বেলায়,
শিশির ঝরা ঘাসের বুকে
শীতের গান যে বাজে হায়।'
পথাৰত শীতৰ এছাটি বতাহ বলোতেই আঘোণীবায়ে ভুমুকি মাৰে। নদন-বদন কৰা পথাৰৰ সোণগুটি ধান চপাবলৈ ৰাংঢালী দাৱনীজাক উদ্বাউল হৈ ঢাকি ধৰা শস্যৰ পথাৰত সপোন সাকাৰ হোৱাৰ বাতৰি থাকে। পকাধানৰ মাজে সৰু সৰু আলিত মন জুৰ কৰা ধানৰ গোন্ধ। বিৰিয়া দোৰোল খাই পৰা ধানৰ ডাঙৰি কান্ধত লৈ পাহুৱাল ডেকা ঘৰলৈ আহে। চোতালত মৰণা মাৰে। মনৰ ভৰালো উলাহত নাচি উঠে, জীৱনে নতুন প্ৰেৰণা পায়।
শীত অহা মানে ভোগৰ উৎসৱ অহা। ভিতৰুৱা গাঁৱত ঢেঁকীশালৰ শব্দই মুখৰিত কৰি তোলে চৌদিশ। তাতেই থাকে জীৱনৰ ৰস। শীত আহিলে হালধীয়া ৰঙেৰে হালি-জালি সৰিয়হ ফুলৰ দলিচাখনে মনৰ উলাহ প্রকাশ কৰে। শীত আহিলেই আলহী চৰাইৰ কলৰৱেৰে বিল-পুখুৰী-নদী ভৰি পৰে। বতাহত কেৱল চৰাইৰ ডেউকাৰ ঢপনি। উৰি যোৱা চৰাই দেখি তলৰপৰা বগা ফোঁট, ৰঙা ফোঁট, চন্দনৰ ফোঁট বিচাৰি মাতিব বিচাৰে কবি আৰু গীতিকাৰে। কবি শ্বেলীয়ে কৈছিল- শীত আহিলেহে বসন্তৰ সুহুৰি শুনিবলৈ পোৱা যায়।
“If Winter comes, can Spring be far behind?” শ্বেলীয়ে আৰু কৈছে:
Winter walks in without a sound,
Wrapped in mist and muted light,
Leaves whisper secrets to the ground,
As days grow short and nights grow white.
The sun hangs low in a silver sky,
A timid glow on frozen air,
Smoke from chimneys drifts nearby,
Like fleeting dreams we cannot spare.
Morning breath turns into cloud,
Hands seek warmth, hearts draw near,
Silence speaks, though not aloud,
Winter teaches us how to feel.
কিছু ইংৰাজী কবিৰ মতে শীতৰ সময় পোহৰেৰে ভৰি থাকে।
শীতকালে মোৰ বাবে প্ৰচুৰ ৰ’দ আনিছে,শীতকালত মুক্ত হোৱাৰ সময়
চিমনিৰ ধোঁৱা স্বপ্নৰ দৰে উৰি যায়—যেন কৈ যায় আমাৰ জীৱনৰ ক্ষণস্থায়ী। শীত মানেই আশা আৰু স্মৃতিৰ প্ৰতীক। প্ৰভাতত মানুহৰ শ্বাসে কুঁৱলী সৃষ্টি কৰে; শীতত মানুহে উষ্ণতা বিচাৰে আৰু মনবোৰো ওচৰলৈ আহে।
উইলিয় শ্বেইক্সপীয়েৰে মানুহৰ নিষ্ঠুৰ অকৃতজ্ঞতাতকৈ শীতৰ বতাহজাক বেছি ভাল বুলি কৈছে। সেয়েহে কবিয়ে শীতৰ বতাহজাকক বলিবলৈ আহ্বান জনাইছে।
জাপানী কবি এগৰাকীয়ে শীতত ধৰাৰ বুকুলৈ নামি অহা কুঁৱলী দেখি লিখিছে-'শীতত শিলৰ বুকুত ছাউনী পতা নিয়ৰে শিলক শিকায় উৰাৰ গান' মহাকবি কালিদাসে 'ঋতু সংহাৰ'ত গ্ৰীষ্ম, বর্ষা, শৰৎ, হেমন্ত ঋতুক ৰোমাঞ্চিত ভাষাত বৰ্ণনা কৰিছে। ঋতু পৰিৱৰ্তন এক প্রাকৃতিক পৰিঘটনা যদিও মহাকবি কালিদাসে ঋতু পৰিৱৰ্তনে কেনেদৰে কবিক বিমোহিত কৰে, তাক সাবলীল ভাষাত লিখি থৈ গৈছে। কালিদাসে শীতক বন্দনা কিন্তু ক'তো কৰা নাই। কিন্তু শীতৰ আগমনৰ সময়ত পথাৰৰ শস্য ঘৰলৈ চপাই নিয়া দৃশ্য দেখি ৰৈ থাকিব পৰা নাই। কবিয়ে কৈছে- 'সেয়ে যেন এই সময়তে মৃগ পৰিয়ালসমূহ উদং পথাৰবোৰৰ আশে-পাশে মুকলি মনৰে ফুৰিব লাগিছে। এনেকি ক্রৌঞ্চপক্ষীবিলাকেও দিগ্-দিগন্তত উৰি উৰি অতি মনোহৰ কণ্ঠধ্বনি প্রতিধ্বনিত কৰিছে। প্রকৃতিৰ এনেহেন পৰিবেশত কাৰ নো চিত্ত আকর্ষণ নহৈ থাকিব পাৰে।'
স্কুলৰ ডেস্ক-বেঞ্চ এৰি খেলপথাৰলৈ আহে স্কুলৰ ছাত্র। ইংৰাজী নতুন বছৰৰ বেলিটো শীতৰ বুকুতে সোমাই থাকে। শীতৰ কুঁৱলি আৰু বতাহে নতুন বছৰৰ বেলিটোক লুকুৱাই ৰাখিব নোৱাৰে। এফালে বিদায়ী বছৰৰ অস্তগামী সূর্য, আনফালে নতুন বছৰৰ বাবে উদয় হয় নতুন সূর্য এই শীতৰ বুকুতেই। শীতক লৈ মধুৰ- কৰুণ অলেখ স্মৃতি।ৰে'লখনে যেন দীঘল উকি মাৰি যাত্ৰা আৰম্ভ কৰে।সেউজীয়া ধৰণীখনিৰ কথা শীতৰ গৰ্ভতেই সোমাই আছে। কৃষিপ্রধান দেশত শীতকালি নতুন চাউল ঢেঁকীত বানি পূজা-অর্চনা কৰা হয়।
এই নতুন চাউল দেৱতালৈ নৈবেদ্য হিচাপে আগবঢ়ায়। 'উৰিয়ামৰ খুৱলি, চাৰি আঙুল মুকলি....'। ঢেঁকী থাকিলেহে শীতৰ ভোগৰ উৎসৱ মাঘবিহুত পিঠাগুড়ি, কৰাই গুড়ি, সান্দহগুড়ি প্রস্তুত কৰিব পাৰি। অসমৰ বিশিষ্ট কবি সমীৰ তাঁতীয়ে শীতে হাড় কপোৱা সময়ত 'জাৰ পৰিছে' নামৰ এটা দীঘলীয়া কবিতাত লিখিছে-
'জাৰত কঁপিছে
হাড়ৰ পানীত...'
প্রতিটো ঋতুৰ লগত মানৱ অন্তৰৰ কি নিবিড় সংযোগ আছে, সেই বিষয়ে ড° নিৰ্মলপ্রভা বৰদলৈয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে। মানুহৰ প্ৰাণত ঋতুয়ে কি প্রতিক্রিয়া কৰে তাৰ অপূর্ব বর্ণনা আছে গোৱালপৰীয়া লোকগীতত।
আঘোণ, পুহ, মাঘত শীতে ছানি ধৰে ধৰিত্ৰী। এই সময়ত গোৱালপৰীয়া বাৰমাহী গীতৰে লোক শিল্পীয়ে বৰ্ণনা কৰে- 'আঘোণৰ মাহতে নাকটিলা পাত খাবলৈ নেপালা প্রভু ন -বান ধানৰ ভাত মাঘৰে মাহতে ধৰমৰে তিথি তুলি পাৰে, গাৰু পাৰে সোণৰ সিংহাসন তাতে বহি মধুমতী জুৰিলা ক্ৰন্দন....।' শীতৰ মাজতেই ভোগালী বিহুটি আহে।
ভোগালী বিহু হৈছে প্ৰাচুৰ্যৰ প্রতীক। লোক-সংস্কৃতিৰ অন্যতম উপাদান ভোগালী বিহু কৃষিজীবী মানুহৰ আশা আৰু আনন্দৰ উৎসৱ। ভবিষ্যতৰ সোণ বৰণীয়া আশা ৰোপণ হয় এই ভোগালী উৎসৱত। পেঁপা-গগনা-ঢোলতকৈ ম'হ যুঁজ, বুলবুলি যুঁজ, কণী যুঁজ আৰু বিভিন্ন খেল-ধেমালিয়ে প্রাধান্য পোৱা ভোগালীত প্রাণ চঞ্চল হয়। নতুন কর্মপ্রেৰণা, সজীবতা আৰু তৃপ্তিভৰা অপেক্ষাৰ বাণী থাকে ভোগালীত।
তাহানিত এই ভোগালীত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া অসমীয়া সৈনিকে গাইছিল-
'চিৰা খুন্দি দিয়া খাওঁ প্রাণেশ্বৰী,
সান্দহ খুন্দি দিয়া খাওঁ,
ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া
শতৰুক মাৰিবলৈ যাওঁ।'
প্ৰেমিকৰ বাবে ভোগালী বিহুত চিৰা খুন্দি পিঠা বনোৱাত ব্যস্ত প্রেমিকাক প্রেমিকে কিন্তু ৰাতিৰ ভিতৰতে শতৰুৰ বিৰুদ্ধে যুঁজিবলৈ তাঁতশালত কৱচ কাপোৰ বৈ দিবলৈহে আহ্বান জনাইছে। ভোগালীৰ এনে বিহুগীতৰ মাজত বিচাৰি পোৱা যায় সমাজ ৰূপান্তৰৰ সক্রিয় উপাদান। সাধাৰণ জনগণৰ আশা-আকাংক্ষা, অভিজ্ঞতাৰ শিল্প ৰূপায়ণ আৰু তেওঁলোকৰ সংগ্রামী চেতনাক আগুৱাই নিয়াৰ মাধ্যম হৈছে এই লোকগীত, লোক-সংস্কৃতি। এক অর্থত লোকজ্ঞান বুলি ক'ব পাৰি। ইংৰাজীত ইয়াক 'উইজদম অব্ দি পিপ'ল' বুলি কোৱা হয়। বহুতো গণ বিদ্রোহ বা সংগ্রামত এই লোকজ্ঞানৰ বিশেষ ভূমিকা আছে। বিভিন্ন দেশ আৰু বিভিন্ন অঞ্চলত প্ৰচলিত।
লোক-সাহিত্য ,লোক গীত-নৃত্যৰ মাজত আশ্চর্যকৰ মিল আছে। 'Men are all made হেনৰী বিচ'লৰ মতে 'The same past' বলি কোৱা কথাষাৰ ইয়াত বিচাৰি পোৱা যায়। হেণ্ডছ লেগুনেন আৰু হেনৰী ৰিচ'লৰ মতে সংস্কৃতিয়ে জাতীয়তা আৰু জাতীয় গৌৰৱবাদ জগাই তোলে। জাতিৰ অস্তিত্ব, জাতিৰ প্রাণময় গৌৰবোজ্জ্বল ঐতিহ্যৰ বিষয়ে জানিবলৈ লোকচর্চা, লোক সংস্কৃতিৰ ওচৰ চাপিবই লাগিব। লোক-সংস্কৃতিক কেন্দ্র কৰি দেশপ্রেমৰ চেতনা জাগ্ৰত হোৱা ঘটনা প্রতিখন দেশতে আছে। প্রত্যেক মানুহে নিজৰ দেশক, জাতিক আৰু সংস্কৃতির ভাল পায়। এই ভালপোৱাৰ কথা লোক-সংস্কৃতিৰ নব কল্লোলৰ কোলাহলৰ মাজত ঠন ধৰি উঠে। লোক-সংস্কৃতিবিদ Roger D. Abrahamয়ে কৈছিল- Folklore is folklore only when performed. লোক-সংস্কৃতি এক অভিকৰণ, পৰিবেশন প্রক্রিয়া । ভাৰতৰ নৃ-বিজ্ঞান আৰু লোক-সংস্কৃতি গৱেষণা আৰু আলোচনৰ ক্ষেত্রখন অতি উৰ্বৰ। লোক-সংস্কৃতি আৰু নৃ-বিজ্ঞানৰ মাজত এক সু-সম্পর্ক আছে বুলি নৃ-বিজ্ঞানী ই .বি.টেইলৰে 'Researches into the Early History of Mankind নামৰ গ্ৰন্থত এই বিষয়ে ব্যাখ্যা কৰিছে। ভাৰতৰ লোক-ঐতিহ্য আৰু লোক-সংস্কৃতি অতি সমৃদ্ধিশালী আৰু ইয়াৰ অনুপম পটভূমিয়ে সমগ্র দেশ আৰু জাতিক বান্ধি ৰাখিছে। লোক-সংস্কৃতিৰ এটা হাত অতীতৰ সঞ্চয় আৰু আনটো হৈছে প্ৰৱাহমান। লোক-সংস্কৃতিৰ মাজত জীৱন আৰু সমাজৰ অগ্রগতি, পৰম্পৰা, বিভিন্ন পৰ্যায়ত আহৰণ কৰা অভিজ্ঞতা প্রতিফলিত হয়। বিভিন্ন জাতিৰ প্রাচীন মহাকাব্যসমূহ জনগণৰ মাজত প্ৰচলিত কাহিনীৰ ওপৰত অৱলম্বন কৰি সৃষ্টি হৈছে ।সেই কাৰণে এই মহাকাব্যসমূহক সমস্ত জনগণৰ অন্তঃকৰণৰ ইতিহাস বুলি আখ্যা দিয়া হয়।
বর্তমান গণ বিচ্ছিন্ন উন্নাসিক অৱক্ষয়ৰ পৰিবেশৰ পৰা মুক্ত হ'বলৈ ভোগালী বিহুৱে এক সুদৃঢ় সেতু হিচাপে কাম কৰে। এটা কথা ঠিক যে সমাজ আৰু মনৰ দ্রুত পৰিৱর্তনে লোক সংস্কৃতিক জোকাৰি আছে। বিশ্বায়নৰ প্ৰভাৱতো আমাৰ বিহুৱে উৱা-দিহ হেৰুৱাইছে। প্ৰযুক্তিৰ জয়জয়কাৰৰ মাজত লোক সাংস্কৃতিক ধৰি ৰখাই টান।তাতে আকৌ হাতৰ মোবাইল ফোনৰ শক্তি অপৰিসীম। সামাজিক মাধ্যম, ৰীলত ব্যস্ত সকলে বিহু ৰীল চাই কটাব বুলি ভয় হয়। আজি আৰু পথাৰৰ তাহানিৰ বিশালতা নাই। ড° নিৰ্মলপ্রভা বৰদলৈৰ ভাষাত ক'বলৈ গ'লে-'এই জীৱনৰ ঢেঁকীশাল আৰু মজিয়াত ভোগৰ হাত বাউলি নাই...।' কৃষি আৰু প্ৰযুক্তিৰ দোমোজীয়া জীৱন থমকি ৰৈছে ভোগৰ এই বতৰত।
বিভিন্ন দেশৰ মাজত পণ্য, সেৱা, শ্রম আৰু পুঁজিৰ অবাধ চলাচল হৈছে ।ফলত অবাধ আন্তর্জাতিক বাণিজ্যই লোক-সংস্কৃতিক আঘাত কৰিছে। কাৰণ বিশ্বায়নে সকলোকে পণ্য হিচাপেই গণ্য কৰে। ভোগ বিলাসী সংস্কৃতিয়ে নতুন প্রজন্মক ক্রমে গ্ৰাস কৰিছে। লোক-সংস্কৃতি বুলি ক'লে ক'ব লাগিব এক প্রাণশক্তি য'ত সাধাৰণ মানুহৰ জীবন যাপন, হাঁহি-কান্দোন, সুখ-দুখ, আশা-আকাংক্ষা জড়িত থাকে। বিশ্বৰ সকলো ঠাইতে লোক-সংস্কৃতিৰ যি অভিন্ন আৰু মৌলিক সুৰ আছে, এই সুৰৰ প্রাণশক্তি বিশ্বায়নৰ গ্ৰাসত পৰি ককবকাব লগা হৈছে।
একেদৰে সন্ত্রাসবাদ,যুদ্ধ আদিয়ে লোক-সংস্কৃতিৰ বাবে ভাবুকি সৃষ্টি কৰিছে। সন্ত্রাসবাদৰ মাৰাত্মক আঘাতে ছিন্ন-ভিন্ন কৰিছে সাধাৰণ জীৱন। বিস্ফোৰণ, হত্যাই বিচলিত কৰিছে সাধাৰণ মন।
তাৰ মাজতেই আমাৰ হেঁপাহৰ ভোগালী আহিছে। 'বিহু সংস্কৃতিৰ এক চিৰ উজ্জ্বল কহিনুৰ হৈ অসমৰ দিগন্ত উদ্ভাসিত কৰি ৰাখিব' বুলি হেমাংগ বিশ্বাসে কোৱা কথাষাৰেই হৈছে ভোগালীৰ বাণী। আমি একেখন ভাৰত, একেখনি অসমৰে সন্তান। 'বহু ধর্ম, বহু ভাষা-ভাষী, জাতি-জনজাতি, উপজাতিৰে সমৃদ্ধ অসমত ভোগালী বিহু এক পৰিপূৰ্ণ জাতীয় উৎসৱ আৰু বিহুতলী হৈছে অন্তৰ আদান-প্রদানৰ শ্রেষ্ঠ মিলন ক্ষেত্রখন'। বিভিন্ন জাতি-জনজাতিৰে পৰিপূৰ্ণ এই অসমত অঞ্চল ভেদে মাঘ বিহু বা ভোগালী বিহু পালনত পার্থক্য থাকিলেও মূল বাণী একেই।
লোক-সংস্কৃতিৰ মাজলৈ অহা ভাবুকিৰ বাবে আমি কিমান জগৰীয়া, সেই বিষয়ে ভেলা বা হাৰলি ঘৰৰ মাজত, মেজিৰ জুইত আমি আত্ম-সমালোচনাৰে দগ্ধ হওঁ আহক আজি। বিজ্ঞানমনস্ক প্রাজ্ঞজনে আত্ম-সমালোচনাক সদায় স্বাগতম জনায়। পানীত নানামিলে সাঁতোৰ শিকিব নোৱাৰি- আমি এই কথা বিশ্বাস কৰো। লগতে বিশ্বাস কৰো জীৱনৰ লগত জীৱন যোগ কৰিব নোৱাৰিলে, জীৱনৰ ৰস পান কৰিব নোৱাৰি। লোক-সংস্কৃতিৰ মহাসমুদ্ৰত থকা অনন্ত তৰংগৰ মাজত আমাৰ ভোগালী বিহু এতিয়া ওচৰলৈ আহিছে। মেজিৰে জুইত হাত সেকি মানৱ প্ৰীতিৰ বাণীৰে আমি অভিষিক্ত হ'ব লাগিব।
ড° শৰৎ বৰকটকী
নগাঁও, অসম ।
মো:নং- ৯৪৩৫০ ৬৩০১৪





Comments