এটি যুগৰ অন্ত পৰিল
- মোস্তাকিন শ্বেখ

- Sep 23, 2025
- 1 min read
তোমাক কেতিয়াও
প্রিয় গায়ক বুলি কৈ পোৱা নাই !
তুমি নাই বুলি দেখোন মোৰ বিশ্বাসেই হোৱা নাই !
অভিব্যক্তিৰ স্খলন ঘটি নিগৰি আহিছে অশ্রু !
কিয় বাৰু জাগিছে মোৰ শিৰে শিৰে শিহৰণ ?
সৰুৰে পৰাই শুনি অহা এটি নাম,
কোনে কয় জুবিন দা আৰু নাই বুলি ?
মই বিশ্বাস নকৰোঁ !
তেওঁ ৰাইজৰ জুবিন !
তেওঁ অসমীৰ বুকুত সদায় অমৰ ...
অসমীৰ শীৰে শীৰে স্পন্দিত শিহৰণ
বেলি ৰঙা অসমীৰ তুমিয়েই আলোড়ন
সমগ্ৰ অসমীৰ ঘনঘোৰ গৰ্জন ।।
মোস্তাকিন শ্বেখ
একাদশ শ্ৰেণী
কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুল, নগাঁও
8638868220





Comments