জুবিন নাই:শৰবিদ্ধ হৃদয়
- ৰেৱত হাজৰিকা
- Sep 22, 2025
- 2 min read

"এজাক বৰষুণে মোক ধুই থৈ গʼল"
স্তব্ধ সময়। শৰবিদ্ধ হৃদয়। তীব্ৰ বজ্ৰপাতৰদৰে সকলোকে কপাঁই তুলিছিল খবৰটোৱে । মানবতাৰ শিৰোমণি হিয়াৰ আমঠু শিল্পীগৰাকীক লৈ হিয়া উজাৰি কন্দনৰত শত সহস্ৰ অনুগামীৰ। এই জুবিন গাৰ্গ নামৰ খেয়ালি মনৰ শিশুসুলভ শিল্পীগৰাকীয়ে গোটেই সমাজখনক যে জাতি, ধৰ্মৰ উৰ্দ্ধত থাকি শ্ৰেণীহীন সমাজৰ পৃষ্ঠপোষক আছিল সি প্ৰমাণিত হ'ল তেওঁৰ জীৱনৰ শেষ যাত্ৰাত। বলিষ্ঠ কণ্ঠৰে জুবিনে কৈছিল," মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই,মই মুক্ত,মই কাঞ্চনজঙ্ঘা।" এগৰাকী সমাজ হিতৈষী,সমাজ সংস্কাৰক ৰূপে প্ৰচলিত জাত পাতৰ ঠেক গণ্ডী পৰিসীমাৰ পৰা নতুন প্ৰজন্মক ন-দৃষ্টিভংগীৰে একবিংশ শতিকাত প্ৰগতিৰ নতুন সমাজ গঢ়িবলৈ নিজৰ পৰিচালিত আৰু দ্বৈত চৰিত্ৰত অভিনিত "কাঞ্চনজঙ্ঘা" কথাছবিৰ জড়িয়তে বাৰ্তা প্ৰেৰণ কৰিছিল।
প্ৰায় ৩৮ হাজাৰ গীতৰ কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতৰ অৰ্থবহ শব্দৰাশিয়ে মাত্ৰ আঢ়ৈকুৰি ডেউনা অতিক্ৰম কৰা সমাজ গঢ়াৰ প্ৰকৃত শিল্পী গৰাকীৰ আকাশলঙ্ঘী জনপ্ৰিয়তাই বাস্তৱৰূপ পালে গুৱাহাটী এয়াৰপʼৰ্টৰপৰা কাহিলীপাৰালৈ, কাহিলীপাৰাৰ পৰা সৰুসজাইলৈ বিশাল মানবসমুদ্ৰৰ তৰংগদৈৰ্ঘ্যত। এইগৰাকী অসমী সন্তানে ২০০৬ চনত " য়া আলী" গীতটোৰে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পাছটো বলীউডৰ বতাহত বিলিন নগৈ উপজা মাটিৰ পৰশতে শান্তিৰ নিজৰা বিচাৰি পাইছিল। সেয়ে হয়তো অধিক আত্মবিশ্বাসৰে বলীউডৰ সমকক্ষ কোনো প্ৰতিষ্ঠিত শিল্পীক কৈছিল," তুমি মৰিলে মুম্বাই,বাঙ্গালুৰ বন্ধ নহয়। কিন্তু মই মৰিলে অসম সাতদিন লৈ বন্ধ হʼব।" নিজৰ বিষয়ে ৰাইজৰ অনুভৱৰ ওপৰত, আস্থাৰ ওপৰত এনে দৃঢ়তাৰ প্ৰতিচ্ছবি তেওঁ যি দেখিছিল,সেয়া আজি বাস্তৱত ৰূপায়িত হৈছে। এই স্তব্ধতাই তৰুণ তৰুণীৰপৰা বৃদ্ধলৈকে প্ৰতিটো প্ৰজন্মক শালি পেলাইছে। নিজৰ চিতাখনৰ বাহিৰে সকলো ৰাইজৰ মাজলৈ বিলাই দিব খোজা প্ৰকৃতিপ্ৰেমী গৰাকীয়ে সেয়ে কেতিয়াবা গছক সাবতি ধৰি শান্তিৰ উপলক্ষে,অনাথ আশ্ৰমত উপস্থিত হৈ উচুপি উঠে,নিশা কোনো মানসিক বিকাৰগ্ৰস্তজনৰ লগত হৃদয় ভৰাই কথা পাতে। মৃত্যু চিৰ সত্য। যদিও মাত্ৰ ৫২ টা বছৰ বয়সতে চিৰ শান্তি লাভ কৰিলে, তেওঁৰ সৃষ্টিয়ে আমাক শ-শ বছৰলৈ শুদ্ধ বায়ু প্ৰদান কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই ৫১বছৰ , বিষ্ণু প্ৰসাদ ৰাভাই ৬০বছৰ . মাইকেল জেকচনে ৫১ বছৰ ,মহম্মদ ৰফিয়ে ৫৬ বছৰ , কিশোৰ কুমাৰে ৫৮ বছৰত জীৱন নাট সামৰিছিল। কিন্তু কম সময়তে শিল্পীসকলৰ অমূল্য সৃষ্টিৰাশিয়ে আজি সকলোকে অমৰ কৰি ৰাখিছে।
জুবিন গাৰ্গ জীয়াই থাকিব আমাৰ প্ৰতিটো উশাহত, আমাৰ প্ৰতিটো উৰ্দ্ধমুখী বাস্তৱিক কল্পনাৰ আঁচলত। তেওঁৰ সৃষ্টিৰ বৰষুণে ধুই থাকিব আমাৰ জাতীয় চেতনাক।
জয়তু জুবিন গাৰ্গ।
ৰেৱত হাজৰিকা





Comments