অখ্যাত কবি
- মোস্তাকিন শ্বেখ

- Sep 16, 2025
- 1 min read
নিজৰ সান্নিধ্যত মই বিচাৰিছোঁ
নিজৰেই সংজ্ঞা !
মই মোৰ বুলি মৃত্যুঞ্জয়ী হৈ
অহংকাৰৰ ফিৰিঙতি জলাওঁ,
সেই জুই ফিৰিঙতিত জ্বলি-পুৰি মই
নিজৰ অস্তিত্ব চাইলৈ সলাওঁ ।
বহু নিশাৰ অপেক্ষাৰত নিদ্ৰাহীন
কোলাহল ৰাতিৰ পৰা,
বহু দূৰৈত আগুৱাই গৈ দেখো;
সময়ৰ আঘাতত উমি উমি জ্বলা জুইকুৰা
আজি শেৱালী ফুলৰ বোলেৰে গোন্ধাইছে,
নীৰৱতাৰ বাসনাত বাৰিষাৰ আলম লৈ
চোতালখনেও মাটিৰ সুবাস বিলাইছে,
শান্ত ধুমুহাই কাল ৰাএিৰ সূৰুযমুখীক
আলিঙ্গন কৰিছে ।
কোনোবা অখ্যাত কবিয়ে
হেনো কৈছিল,
তুমি যে মোৰ পৰিস্থিতিৰ ওপৰত হাঁহিছা
বৰ ভাল কাম কৰিছা !
নিজৰ বাবে স্ব- ইচ্ছাৰে মোক
কঠোৰ হ'বলৈ শিকাইছা
পিছে মোৰ মনতো এটা প্ৰশ্নৰ উদয় হয়
তুমি যে মোৰ পৰিস্থিতিৰ ওপৰত ইমানকৈ হাঁহিছা,
তুমি নিজকে দাপোনত দিনটোত
কিমানবাৰ দেখিছা ?
মোস্তাকিন শ্বেখ
একাদশ শ্ৰেণী
কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুল, নগাঁও
8638868220





Comments